১৮ আগষ্ট
তাৰিখ
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২৪ |
১৮ আগষ্ট (ইংৰাজী: 18 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩০তম (অধিবৰ্ষত ২৩১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
সম্পাদনা কৰক- ১৮০০ - ভাৰতৰ প্ৰথমখন মহাবিদ্যালয় কলকাতাত ফ’ৰ্ট উইলিয়াম কলেজ প্ৰতিষ্ঠা হয়। কিন্তু অতি দুখৰ বিষয় যে ১৮৫৪ চনত এই কলেজখন বন্ধ হৈ যায়।
- ১৮৬৪ - সমাজসেৱাৰ বাবে আন্তৰ্জাতিক সংগঠন ৰেড ক্ৰছ প্ৰতিষ্ঠা হয়। এই মহান অনুষ্ঠানৰ প্ৰতিষ্ঠাতা আছিল হেনৰী ডুৰাণ্ট।
- ১৯৫১ - ইণ্ডিয়ান ইনষ্টিটিউট অব টেকন’লজী, পশ্চিমবংগৰ খড়গপুৰত মুকলি হয়।
- ২০০৪ - এথেন্স অলিম্পিক শ্বুটিঙত ভাৰতৰ ৰাজ্যবৰ্ধন সিং ৰাথোড়ে ৰূপক পদক লাভ কৰে।
জন্ম
সম্পাদনা কৰক- ১৭০০ - বাজি ৰাও -১ (বাজিৰাও বাল্লাল), মাৰাঠা সাম্ৰাজ্য়ৰ সপ্তম পেছোৱা।
- ১৮৭২ - পণ্ডিত বিষ্ণু দিগম্বৰ পুলষ্কৰ, ভাৰতীয় সঙ্গীতজ্ঞ।
- ১৮৮০ - স্বামী নিগমানন্দ, ভাৰতৰ এজন হিন্দু যোগী আৰু আধ্যাত্মিক নেতা।
- ১৯৩২ - লুক মণ্টেনিয়াৰ (Luc Montagnier), জীৱ বিজ্ঞানী, এইচ.আই.ভি. (ইংঃ HIV; পূৰ্ণৰূপঃ Human Immunodeficiency Virus; হিউমেন ইমিউন'ডেফিছিয়েঞ্চি ভাইৰাছ) বা মানৱ প্ৰতিৰক্ষা অভাৱ সৃষ্টিকাৰী ভাইৰাছৰ আৱিষ্কাৰক।
- ১৯৩৬ - গুলজাৰ ভাৰতৰ প্ৰসিদ্ধ গীতিকাৰ, কবি আৰু চিনেমা পৰিচালক।
- ১৯৪৬ - অৰুণা ইৰাণী, ভাৰতীয় অভিনেত্ৰী।
- ১৯৫৬ - সন্দীপ পাটিল, প্ৰাক্তন ক্ৰিকেট খেলুৱৈ, ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য়।
- ১৯৬৭ - দলেৰ মেহেন্দী (দলেৰ সিং), ভাঙ্গৰা-পপ গায়ক।
- ১৯৮০ - জেৰিফা ৱাহিদ, অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী।
- ১৯০০ - বিজয়লক্ষ্মী পণ্ডিত, এগৰাকী ভাৰতীয় কূটনীতিবিদ আৰু ৰাজনৈতিক নেত্ৰী। তাই ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভগ্নী আছিল। (মৃত্যু: ১ ডিচেম্বৰ, ১৯৯০)
- ১৯৫৯ - নিৰ্মলা সীতাৰমণ, ৰাজনেত্ৰী, ভাৰতৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী।
মৃত্যু
সম্পাদনা কৰক- ১২২৭ - ছেঙ্গিজ খান, মংগোল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা।
- ১৮৫০ - বালজাক, ফৰাচী ঔপন্যাসিক।
- ১৯৪৫ - সুভাষ চন্দ্ৰ বসু, ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ফৰমোছা দ্বীপৰ কাষত হোৱা বিমান দুৰ্ঘটনাত বসুৰ মৃত্যু হয় বুলি ধৰা হয়। অৱশ্যে ইয়াকলৈ মতানৈক্য আছে।
- ১৯৪৬ - অমূল্য বৰুৱা, অসমীয়া কবি।
- ১৯৮৮ - দীননাথ শৰ্মা, "আৱাহন" যুগৰ এগৰাকী গল্পকাৰ।
- ২০০০ - লক্ষ্যধৰ চৌধুৰী, অভিনেতা, গল্পকাৰ, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ, শিক্ষাবিদ, অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
- ২০১৮ - কফি আন্নান, ৰাষ্ট্ৰসংঘৰ ভূতপূৰ্ব সচিবপ্ৰধান।
দিৱস
সম্পাদনা কৰক- সংবিধান দিৱস (ইন্দোনেছিয়া)
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১৮ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |