দীপক কুমাৰ দাস (ইংৰাজী: Dipak Kumar Das) হৈছে এগৰাকী অসমীয়া বিজ্ঞানী৷ তেখেত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা,ISRO ৰ অন্তৰ্গত মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ বৰ্তমানৰ অধ্যক্ষ৷ মহাকাশযান আৰু আনুষংগিক প্ৰযুক্তিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতে ২০১০ চনত ISRO-ASI বঁটা লাভ কৰিছিল৷ ২০২০ চনত তেখেত "পৃথিৱী নিৰীক্ষণ কৃত্ৰিম উপগ্ৰহ সমিতি"ৰ সভাপতি হিচাপে নিৰ্বাচিত হয়৷[1] ইছ'ৰ' চন্দ্ৰ অভিযান চন্দ্ৰযান প্ৰকল্পতো দীপক কুমাৰ দাস জড়িত আছিল৷ [2]

দীপক কুমাৰ দাস
জন্ম শুৱালকুছি, অসম
নাগৰিকত্ব ভাৰতীয়
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ মহাকাশ বিজ্ঞান
কৰ্মস্থান মহাকাশ প্ৰয়োগ কেন্দ্ৰ (Space Application Centre, SAC)
শিক্ষানুষ্ঠান আইআইটি
জনা যায় ইছৰ'ৰ প্ৰকল্প

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

দীপক কুমাৰ দাসৰ জন্ম হৈছিল অসমৰ শুৱালকুছিত৷ তেখেতে কটন কলেজৰ পৰা ১৯৭৬-৭৮ৰ সময়ছোৱাত শিক্ষাগ্ৰহণ কৰিছিল আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা তথ্য প্ৰযুক্তিবিদ্যা বিভাগত স্নাতক ডিগ্ৰী অৰ্জন কৰিছিল৷ [3]

কৰ্মজীৱন সম্পাদনা কৰক

ইছৰ'ৰ মহাকাশ প্ৰয়োগ কেন্দ্ৰতেই দীপক কুমাৰ দাসে ১৯৮৩ চনত কৰ্মজীৱনৰ পাতনি মেলে৷ তেওঁৰ বিচৰণক্ষেত্ৰ আছিল যোগাযোগ আৰু নেভিগেশ্যন ছেটেলাইটৰ প্ৰযুক্তি৷ আহমেদাবাদৰ বোপাল চৌহদত এটা অত্যাধুনিক ATI ব্যৱস্থা নিৰ্মাণ কৰাত তেওঁ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায়৷ দীপক কুমাৰ দাস আহমেদাবাদস্থিত মহাকাশ প্ৰয়োগ কেন্দ্ৰ (SAC)ৰ এগৰাকী বিশিষ্ট বিজ্ঞানী আৰু কেন্দ্ৰটোৰ অধ্যক্ষ৷ এই কেন্দ্ৰটো মহাকাশযানৰ বিভিন্ন যন্ত্ৰ-যন্ত্ৰাংশৰ বিকাশ আৰু নিৰ্মাণৰ লগত জড়িত৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰায় ত্ৰিশটাতকৈও অধিক অভিযানৰ বাবে এই কেন্দ্ৰটোৱে দীপক দাসৰ নেতৃত্বৰ কমিউনিকেশন আৰু নেভিগেশন পে'লোড নিৰ্মাণ কৰিছে৷ সহযোগী প্ৰগ্ৰেম পৰিচালক হিচাপে তেখেতে কেইবাটাও প্ৰকল্পত সহযোগিতা আগবঢ়াইছিল৷ সাতটা নেভিগেছন পে'লোডৰে সমৃদ্ধ নেভিক নক্ষত্ৰমণ্ডল (বা আগতে আইআৰএনএনএছ (IRNSS) বুলি জনাজাত হোৱা) নক্ষত্ৰমণ্ডলৰ নিৰ্মাণ আৰু সেইবোৰক কাৰ্যক্ষম কৰি তোলাৰ আঁৰতো তেখেতে মূল্যৱান বৰঙণি আগবঢ়াইছিল৷ GSAT-11 আৰু GSAT-19ৰ উচ্চ থ্ৰ'পুট কৃত্ৰিম উপগ্ৰহ নিৰ্মাণত তেখেতে ওতপ্ৰোতভাৱে জড়িত আছিল৷ তেখেতৰ নেতৃত্বত বহুকেইটা SATCOM আৰু নেভিগেশন প্ৰযুক্তিৰ বিকাশ সাধন হৈছে৷ ২০১৬ চনৰ মে' মাহৰ পৰা ২০১৮ চনৰ জুনলৈকে তেখেতে সহযোগী অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ ২০১৮ চনৰ জুলাই মাহত তেখেতে কেন্দ্ৰটোৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হয়৷ [1] চন্দ্ৰযান-২ অভিযানতো তেখেত জড়িত আছিল৷ [3][4]

স্বীকৃতি আৰু সন্মান সম্পাদনা কৰক

  • ২০১০ চনত ইছৰ'-এছআই বঁটা, মহাকাশযান আৰু আনুষংগিক প্ৰযুক্তিলৈ আগবঢ়োৱাৰ অৱদানৰ বাবে৷
  • ২০১০ চনত ইছৰ' মেধা বঁটা
  • ২০১৫ চনত ইছৰ' পাৰদৰ্শিতা উৎকৃষ্টতা বঁটা
  • আন্তৰ্জাতিক মহাকাশবিজ্ঞান একাডেমীৰ (IAA) সংশ্লিষ্ট সদস্য
  • আন্তৰ্জাতিক নভোচাৰী সংঘৰ মহাকাশ যোগাযোগ আৰু নেভিগেছন সমিতিৰ (SCAN) সদস্য
  • ২০২০ চনত পৃথিৱী নিৰীক্ষণ কৃত্ৰিম উপগ্ৰহ সমিতিৰ সভাপতি৷ [1]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "D. K. Das". SAC. Archived from the original on 21 January 2021. https://web.archive.org/web/20210121215835/https://www.sac.gov.in/Vyom/director.jsp। আহৰণ কৰা হৈছে: 25 August 2020. 
  2. "DK Das: Another Assamese behind Chandrayaan". NE NOW. https://nenow.in/north-east-news/assam/dk-das-another-assamese-behind-chandrayaan.html#:~:text=He%20was%20the%20principal%20scientist,in%20Chandrayaan%2D2's%20successful%20launch.। আহৰণ কৰা হৈছে: 25 August 2020. 
  3. 3.0 3.1 "Assam's DK Das part of Chandrayaan-2 Mission". Gplus. july 23, 2019. https://www.guwahatiplus.com/daily-news/assam-s-dk-das-part-of-chandrayaan-2-mission#:~:text=Assam's%20Dipak%20Kr%20Das%20who,University%20(BHU)%20in%20IT.। আহৰণ কৰা হৈছে: 25 August 2020. 
  4. https://nenow.in/north-east-news/assam/dk-das-another-assamese-behind-chandrayaan.html