দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়

দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় গোলাঘাট জিলাদেৰগাঁওত অৱস্থিত এখন মহাবিদ্যালয়। ১৯৬২ এই মহাবিদ্যালয় স্থাপন কৰা হৈছিল। মহাবিদ্যালয়খনক উজনি অসমৰ কটন বুলিও জনা যায়।[উদ্ধৃতিৰ প্ৰয়োজন] NAAC ৰ মূল্যাংকনত মহাবিদ্যালয়খনে A+ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে। দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1]

দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়
মূলমন্ত্ৰ तमसो मा ज्योतिर्गमय
স্থাপিত ১৯৬২
ধৰণ ৰাজহুৱা
অধ্যক্ষ ডঃ ৰঞ্জিত কুমাৰ বৰদলৈ
স্থান দেৰগাঁও, গোলাঘাট জিলা, অসম, ভাৰত
উপনাম ডিকেডি কলেজ
ভুক্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়
ৱেবছাইট www.dkdcollege.ac.in

পাঠ্যক্ৰম সম্পাদনা কৰক

দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ে কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত উচ্চতৰ মাধ্যমিক পাঠ আগবঢ়ায়। আৰু ইয়াৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। ইয়াৰ লগতে মহাবিদ্যালয়খনে কিছুমান পেছাদাৰী শিক্ষাও আগবঢ়ায়। সেইবোৰ হ'ল:

  • চাৰ্টিফিকেট ইন স্পকেন ইংলিছ
  • চাৰ্টিফিকেট ইন বিউটিচিয়ান
  • চাৰ্টিফিকেট ইন ভিডিঅ'গ্ৰাফী এণ্ড এডিটিং
  • চাৰ্টিফিকেট ইন বেছিক কম্পিউটাৰ এণ্ড ইণ্টাৰনেট ব্ৰাউজিং
  • চাৰ্টিফিকেট ইন টেলি
  • চাৰ্টিফিকেট ইন ডেস্কটপ পাব্লিছিং

ইয়াৰোপৰি ইয়াত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰ আছে।

বিভাগসমূহ সম্পাদনা কৰক

বিজ্ঞান সম্পাদনা কৰক

  • পদাৰ্থ বিজ্ঞান বিভাগ
  • অংকশাস্ত্ৰ বিভাগ
  • ৰসায়ন বিজ্ঞান বিভাগ
  • পৰিসংখ্যা বিজ্ঞান বিভাগ
  • কম্পিউটাৰ বিজ্ঞান বিভাগ
  • উদ্ভিদ বিজ্ঞান বিভাগ
  • প্ৰাণী বিজ্ঞান বিভাগ

কলা আৰু বাণিজ্য সম্পাদনা কৰক

  • অসমীয়া বিভাগ
  • ইংৰাজী বিভাগ
  • ইতিহাস বিভাগ
  • শিক্ষা বিভাগ
  • অৰ্থনীতি বিজ্ঞান বিভাগ
  • দৰ্শন বিভাগ
  • ৰাজনীতি বিজ্ঞান বিভাগ
  • ভূগোল বিভাগ
  • বাণিজ্য বিভাগ

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক