দ্য মেকিং অৱ দ্য মহাত্মা

দ্য মেকিং অৱ দ্য মহাত্মা (ইংৰাজী: The Making of the Mahatma) হৈছে ১৯৯৬ চনত নিৰ্মিত এখন ইংৰাজী ভাষাৰ কথাছবি। শ্যাম বেনেগালে পৰিচালনা কৰা ছবিখন দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ যৌথ প্ৰযোজনাত নিৰ্মিত হৈছিল। ছবিখন মহাত্মা গান্ধীৰ প্ৰাৰম্ভিক জীৱনৰ ওপৰত আধাৰিত। দক্ষিণ আফ্ৰিকাত গান্ধীয়ে কটোৱা একৈশটা বছৰৰ ঘটনাৱলীক ছবিখনে সামৰি লৈছে। ছবিখন ফাটিমা মীৰ-এ লিখা দ্য এপ্ৰেনটিশ্বিপ অৱ এ মহাত্মা শীৰ্ষক গ্ৰন্থখনৰ আধাৰত নিৰ্মিত। উল্লেখযোগ্য যে, ফাটিমা মীৰে ছবিখনৰ চিত্ৰনাট্যও লিখিছে।[1]

দ্য মেকিং অৱ দ্য মহাত্মা
The Making of the Mahatma

চলচ্চিত্ৰখনৰ প'ষ্টাৰ
পৰিচালক শ্যাম বেনেগাল
ৰচনা ফাতিমা মীৰ
অভিনয়ত ৰজীত কাপুৰ, পল্লৱী যোশী
চিত্ৰগ্ৰহণকাৰী অশোক মেহতা
সংগীত পৰিচালক বনৰাজ ভাটীয়া
মুক্তি
১৯৯৬
দৈৰ্ঘ্য
১৪৪ মিনিট
ভাষা ইংৰাজী

সংক্ষিপ্ত কাহিনী সম্পাদনা কৰক

এগৰাকী প্ৰতিপত্তিশালী ভাৰতীয়ক আইনী যুঁজত সহায় কৰাৰ মানসেৰে ১৮৯৩ চনত মোহনদাস কৰমচান্দ গান্ধী দক্ষিণ আফ্ৰিকালৈ ৰাওনা হৈছিল। কামটো সমাপ্ত কৰি কেইমাহমানৰ ভিতৰতে তেওঁ দেশলৈ ঘূৰি অহা কথা আছিল যদিও দক্ষিণ আফ্ৰিকাত তেওঁ আন্দোলনত জড়িত হৈ পৰে। পৰিণতিস্বৰূপে তেওঁ সেই দেশখনত একৈশটা বছৰ কটাবলগীয়া হয়। দক্ষিণ আফ্ৰিকাৰ সেইসমূহ অভিজ্ঞতাৰ দ্বাৰা সমৃদ্ধ হৈ মহাত্মা গান্ধী ভাৰতলৈ উভতি আহে আৰু ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামখনত অগ্ৰণী ভূমিকা পালন কৰে।[2]

অভিনয়ত সম্পাদনা কৰক

বঁটা সম্পাদনা কৰক

  • ১৯৯৬: শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ৰজীত কাপুৰ (গান্ধীৰ ৰূপত)[3]
  • ১৯৯৬: ইংৰাজীত নিৰ্মিত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা[4]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "The Making of the Mahatma". IMDB. https://www.imdb.com/title/tt0200441/। আহৰণ কৰা হৈছে: 3 October 2020. 
  2. "The Making of the Mahatma (1996) Plot". IMDB. https://www.imdb.com/title/tt0200441/plotsummary?ref_=tt_stry_pl। আহৰণ কৰা হৈছে: 3 October 2020. 
  3. "Rajit Kapoor Awards". IMDB. https://www.imdb.com/name/nm0438496/awards। আহৰণ কৰা হৈছে: 3 October 2020. 
  4. "SHYAM BENEGAL AWARDS". Times of India. https://timesofindia.indiatimes.com/topic/Shyam-Benegal/awards। আহৰণ কৰা হৈছে: 3 October 2020. 

বাহ্যিক সংযোগ সম্পাদনা কৰক