পল্লৱী যোশী (ইংৰাজী: Pallavi Joshi; জন্ম: ৪ এপ্ৰিল ১৯৬৯) এগৰাকী ভাৰতীয় অভিনয় শিল্পী, লেখক আৰু চলচ্চিত্ৰ প্ৰযোজক, যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছনত কাম কৰে। চলচ্চিত্ৰ আৰু টেলিভিছনৰ বিস্তৃত কৰ্মজীৱনত পল্লৱীয়ে দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ উপৰিও আৰু ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন আদি প্ৰশংসা লাভ কৰিছে।

পল্লৱী যোশী

যোশী, ২০১২
জন্ম ০৪ এপ্ৰিল, ১৯৬৯
বোম্বে, মহাৰাষ্ট্ৰ, ভাৰত
পেচা
  • অভিনয় শিল্পী
  • লেখক
  • চলচ্চিত্ৰ প্ৰযোজক
  • উপস্থাপক
দাম্পত্যসঙ্গী বিবেক অগ্নিহোত্ৰী (বি. ১৯৯৭)
সন্তান

পল্লৱীৰ জন্ম মুম্বাইৰ এটা মাৰাঠী পৰিয়ালত হয়। তেওঁ চাৰি বছৰ বয়সতে হিন্দী ছবি নাগ মেৰে সাথীত (১৯৭৩) সৰু চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰৰ ক্ষেত্ৰখনত আত্মপ্ৰকাশ কৰে। শিশু শিল্পী হিচাপে অসংখ্য চলচ্চিত্ৰত অভিনয় কৰা পল্লৱীয়ে সমান্তৰাল চলচ্চিত্ৰ আন্দোলনত জড়িত হয় আৰু স্বীকৃতি আৰু প্ৰশংসা অৰ্জন কৰে। ভুজংগনয়না দশৱতাৰ (১৯৮৮), ৰিহাই (১৯৮৮),ৰুক্মাৱতী কি হাৱেলী (১৯৯১) আদি সমালোচকৰ দ্বাৰা প্ৰশংসিত ছবি, য’ত তেওঁ অভিনয় কৰিছিল। ৱহ চোকৰিৰ (১৯৯২) বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিশেষ জুৰী বঁটা লাভ কৰে। ইনছাফ কি আৱাজ (১৯৮৬), অন্ধা যুধ (১৯৮৭), মুজৰিম (১৯৮৯), সৌদাগৰ (১৯৯১), পনাহ (১৯৯২) আদি কেইবাখনো ব্যৱসায়িক ছবিত যোশীয়ে অভিনয় কৰিছিল। ইনছাফ কী আৱাজৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হয়। টেলিভিছনৰ উদ্যোগত তেওঁৰ কেৰিয়াৰ আৰু অধিক সম্প্ৰসাৰিত হয়। দূৰদৰ্শনতালাছ (১৯৯২), আৰোহন (১৯৯৬-১৯৯৭), অল্পবিৰাম (১৯৯৮), জাষ্টুজু (২০০২-২০০৪) আদি অনুষ্ঠানে খ্যাতি আৰু জনপ্ৰিয়তা আনি দিয়ে। শেহতীয়া বছৰবোৰত পল্লৱীয়ে মূলতঃ তেওঁৰ স্বামী পৰিচালক বিবেক অগ্নিহোত্ৰীৰ সহযোগী ৰূপে কাম কৰি আহিছে। বিশেষকৈ দ্য তাছকেণ্ট ফাইলছ (২০১৯), আৰু দ্য কাশ্মীৰ ফাইলছৰ (২০২২) তেওঁ সহ-প্ৰযোজক। ইয়াৰে প্ৰথমখনৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।

কৰ্মজীৱন সম্পাদনা কৰক

পল্লৱীয়ে সৰুতেই মঞ্চত অভিনয় কৰিবলৈ লয়। শিশুশিল্পী হিচাপে বদলা, আদমী সড়ক কা আদি ছবিত অভিনয় কৰে। দাদাত (১৯৭৯) তেওঁ এজন কুখ্যাত গেংষ্টাৰৰ শুদ্ধ পথলৈ অনা অন্ধ শিশুৰ চৰিত্ৰত অভিনয় কৰিছিল। আশীৰ দশকটোত তথা নব্বৈৰ দশকৰ প্ৰথমভাগত ৰুক্মাৱতী কী হাৱেলী, সুৰজ কা সাতৱাঁ ঘোড়া, তৃষাগ্নি (১৯৮৮), বঞ্চিত, ভুজায়ন দশৱতাৰ (১৯৯১) আৰু ৰিহাই আদি কলাত্মক ছবিত ছবিত অভিনয় কৰে। সৌদাগৰ, পনাহ, তেহেলকা, মুজৰিমকে ধৰি ব্যৱসায়িক বিগ বাজেটৰ ছবিতো ভগ্নী বা নায়িকাৰ বন্ধু হিচাপে সহযোগী চৰিত্ৰত তেওঁক দেখা গৈছিল। অন্ধা যুধত (১৯৮৮) বিশেষভাৱে সক্ষম ছোৱালী এজনীৰ চৰিত্ৰত অভিনয় কৰি ফিল্মফেয়াৰ ‘শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী’ৰ বঁটাৰ বাবে মনোনীত হয়। তেওঁ ৱহ চোকৰিত (১৯৯২) অভিনয় কৰি তেওঁ ৪১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিশেষ জুৰী বঁটা পাবলৈ সক্ষম হৈছিল। শ্যাম বেনেগালৰ দ্য মেকিং অৱ দ্য মহাত্মাত (১৯৯৫) কস্তুৰবা গান্ধীৰ ভূমিকাত অভিনয় কৰে।[1][2]

পল্লৱীয়ে আঞ্চলিক ভাষাৰ ছবিতো কাম কৰিছে। কে পি ছাছিৰ পৰিচালনাত নিৰ্মিত সমালোচকৰ প্ৰশংসিত মালয়ালম ছবি ইলায়ুম মুলুমত (১৯৯৪) তেওঁ কেন্দ্ৰীয় চৰিত্ৰ ‘শান্তা’ৰ ভূমিকাত আৰু লোকেশ পৰিচালিত কানাড়া ছবি ভুজংগায়না দশৱতাৰৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ৰেনুকা চাহানী পৰিচালিত মাৰাঠী ছবি ৰীতাৰ মুখ্য চৰিত্ৰটোৰ বাবে পল্লৱীক কাষ্টিং কৰা হৈছিল।

৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ সন্মান লাভ কৰে। বিবেক অগ্নিহোত্ৰী পৰিচালিত দ্য কাশ্মীৰ ফাইলছৰ বাবে তেওঁক এই সন্মান দিয়া হয়; য’ত তেওঁ অধ্যাপিকা ৰাধিকা মেননৰ চৰিত্ৰত অভিনয় কৰিছিল।[3][4]

তথ্যউৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক