ধীৰেন্দ্ৰ নাথ বেজবৰুৱা এগৰাকী ভাৰতীয় সাংবাদিক আৰু সাহিত্যিক। তেওঁ উত্তৰ-পূব ভাৰতৰ অন্যতম জনপ্ৰিয় আৰু বহুল প্ৰচলিত ইংৰাজী দৈনিক বাতৰি কাকত দ্যা ছেণ্টিনেলৰ প্ৰতিষ্ঠাপক সম্পাদক।[1] ১৯৩৩ চনত অসমৰ যোৰহাট জিলাত তেওঁৰ জন্ম হৈছিল। যুক্তৰাজ্যৰ ৰিডিং বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল।[2] তাৰপিছত ১৯৮৩ চনত গুৱাহাটীদ্যা ছেণ্টিনেল কাকত আৰম্ভ হোৱাত তেওঁ প্ৰথম সম্পাদক হিচাপে যোগদান কৰে।[3] তেওঁ মিডিয়া ট্ৰাষ্টৰ লগত জড়িত আছিল আৰু ১৯৯২ চনৰ উদযাপন কমিটিৰ সভাপতি আছিল।[4] তেওঁৰ কেইবাখনো গ্ৰন্থ প্ৰকাশিত হৈছে। ইয়াৰ লগতে তেওঁ বহু অসমীয়া কিতাপ ইংৰাজীলৈ অনুবাদ কৰিছে, তাৰে ভিতৰত ভবেন্দ্ৰ নাথ শইকীয়াচাভাৰ্ণ এণ্ড অদাৰ্চ ষ্টৰীছ অন্যতম।[5] ১৯৯৭ চনত তেওঁ সাংবাদিকতাৰ বাবে বি.ডি. গোয়েংকা বঁটা লাভ কৰিছিল।[2] তাৰপিছত ২০০১ চনত তেওঁ পাঞ্চজন্য আলোচনীৰ নাচিকেতা সন্মান লাভ কৰিছিল।[6] ২০০১ চনত তেওঁ সাংবাদিকতাৰ বাবে শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা ভাল কৰিছিল। অনুবাদৰ বাবে তেওঁ কথা বঁটাও লাভ কৰিছিল। ২০১৬ চনত ভাৰত চৰকাৰে সাংবাদিকত আৰু সাহিত্য জগতত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[7]

ধীৰেন্দ্ৰ নাথ বেজবৰুৱা
জন্ম ১৯৩৩
যোৰহাট, অসম, ভাৰত
পেচা সাংবাদিক
সাহিত্যিক
জনা যায় দ্যা ছেণ্টিনেল বাতৰি কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক
দাম্পত্যসঙ্গী কল্পনা বেজবৰুৱা
পিতৃ-মাতৃ সুৰেন্দ্ৰ নাথ বেজবৰুৱা (পিতৃ)
কমলা বেজবৰুৱা (মাতৃ)
সন্তান গায়ত্ৰী বেজবৰুৱা, মৈত্ৰেয়ী ৰায়, ভাস্কৰ বেজবৰুৱা
বঁটা, সন্মান, পুৰস্কাৰ আদি বি.ডি. গোয়েংকা বঁটা, ১৯৯৭
শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা, ২০০১
পদ্মশ্ৰী, ২০১৬

লগতে চাওক সম্পাদনা কৰক

তথ্য উৎস সম্পাদনা কৰক

  1. .php "This Is How Assam Shines Bright on the 67th Republic Day Today". Bordoisila. 26 January 2016. http://bordoisila.in/social/This-Is-How-Assam-Shines-Bright-on-the-67th-Republic-Day-Today.-Elated! .php। আহৰণ কৰা হৈছে: 25 July 2016. 
  2. 2.0 2.1 Robin S. Ngangom (2009). Dancing Earth: An Anthology of Poetry from North-East India. Penguin Books India. পৃষ্ঠা. 323–. ISBN 978-0-14-310220-5. https://books.google.com/books?id=r1OfLmmI8kwC&pg=PA323. 
  3. "Padma Sri for DN Bezbaruah, three others". The Sentinel. 25 January 2016. Archived from the original on 15 August 2016. https://web.archive.org/web/20160815211525/http://www.sentinelassam.com/mainnews/story.php?sec=1&subsec=0&id=255273&dtP=2016-07-07&ppr=1#.V5ZQ_7h97IU। আহৰণ কৰা হৈছে: 25 July 2016. 
  4. "History". Media Trust. 2016. http://www.mediatrustassam.org/history/। আহৰণ কৰা হৈছে: 25 July 2016. 
  5. "BJP suffers because of setting high standards of probity for itself". Hindu Vivek Kendra. April 2001. http://www.hvk.org/2001/0401/76.html। আহৰণ কৰা হৈছে: 25 July 2016. 
  6. "Padma Awards". Ministry of Home Affairs, Government of India. 2016. http://mha.nic.in/sites/upload_files/mha/files/PadmaAwards_25012016.pdf। আহৰণ কৰা হৈছে: 3 January 2016.