ধুনীয়া তিৰোতাবোৰ

২০০৯ চনত মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ

ধুনীয়া তিৰোতাবোৰ (ইংৰাজী: Dhunia Tirutabur) হৈছে ২০০৯ চনত প্ৰদ্যুত কুমাৰ ডেকাৰ পৰিচালনা[1][2] আৰু আৰ্ক লাইটছৰ অধীনত প্ৰদ্যুত কুমাৰ ডেকা আৰু পংকজ কলিতাৰ দ্বাৰা প্ৰযোজিত এখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ। ইয়াৰ সংগীত ৰচনা কৰিছিল অংগৰাগ মহন্তই। ছবিখনে ২০০৯ চনৰ ৯ জানুৱাৰীত মুক্তিলাভ কৰে। ছবিখনে ২০১০ চনত শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ সম্পাদক আৰু শ্ৰেষ্ঠ মেক আপ শাখাত তিনিটাকৈ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে।

ধুনীয়া তিৰোতাবোৰ
পৰিচালক প্ৰদ্যুৎ কুমাৰ ডেকা
ৰচনা প্ৰদ্যুৎ কুমাৰ ডেকা
চিত্ৰনাট্য প্ৰদ্যুৎ কুমাৰ ডেকা
প্ৰযোজক আৰ্ক লাইটছ
অভিনয়ত বিদ্যুৎ চক্ৰৱৰ্তী
তৃষা শইকীয়া
বৰষা ৰাণী বিষয়া
নয়ন শইকীয়া
চিত্ৰগ্ৰহণকাৰী তুলু বড়ো
সম্পাদনা কাজু
সংগীত পৰিচালক অংগৰাগ মহন্ত
মুক্তি
৯ জানুৱাৰী ২০০৯
দেশ ভাৰত
ভাষা অসমীয়া

অভিনয় শিল্পী সম্পাদনা কৰক

  • বিদ্যুত চক্ৰৱৰ্তী
  • তৃষা শইকীয়া
  • বৰষা ৰাণী বিষয়া
  • নীলাক্ষী দেৱী
  • অংকুৰ বিষয়া
  • বৰ্ণালী পূজাৰী
  • নয়ন শইকীয়া
  • কংকি বৰদলৈ

বিশেষ অভিনেতা-অভিনেত্ৰী সম্পাদনা কৰক

পটভূমি সম্পাদনা কৰক

খ্যাতিসম্পন্ন সাংবাদিক বৰগোহাঁই বিৰতিৰ বাবে এবাৰ গাঁৱলৈ যায়। বৰ্ষণমুখৰ ৰাতি এটাত যেতিয়া তেওঁৰ গাড়ীখন বেয়া হয়, তেতিয়া ওচৰৰ মেকানিক এজনে ইয়াক ঠিক কৰিবলৈ আহে। তেওঁৰ পৰিচয় গম পাই মেকানিকজনে তেওঁক এটা অনুৰোধ কৰে। গাঁৱত শ্বুটিঙৰ সময়ত এটা ফিল্ম ইউনিটৰ লগত যোৱা এগৰাকী ধুনীয়া ছোৱালীৰ প্ৰতি তেওঁৰ মন খাইছে। তেওঁ এগৰাকী আগশাৰীৰ অভিনেত্ৰীৰ ব্যক্তিগত সহায়িকা আছিল, যি কাকতলীয়ভাৱে চলচ্চিত্ৰ জগতৰ পৰা নোহোৱা হৈ গৈছে। বৰগোহাঁয়ে কৌতূহলৰ বাবে তেওঁক বিচাৰিবলৈ মান্তি হয়।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Eastern Panorama". Easternpanorama.in. http://www.easternpanorama.in/index.php/component/content/article/54-2010/february/878/। আহৰণ কৰা হৈছে: 2017-07-08. 
  2. "January | 2010 | Northeast Beats". Aiyushmandutta.wordpress.com. 2007-12-31. https://aiyushmandutta.wordpress.com/2010/01/। আহৰণ কৰা হৈছে: 2017-07-08.