ধোকলা

ভাৰতীয় নিৰামিষ ব্যঞ্জন

ধোকলা (ইংৰাজী: Dhokla) ভাৰতগুজৰাট আৰু ওচৰৰ ৰাজ্যৰ কিছু অংশত প্ৰচলিত এবিধ পাৰম্পৰিক নিৰামিষ ব্যঞ্জন।[1] চাউলৰ গুৰি আৰু মাটিমাহৰ গুৰি পানীৰ সৈতে মিহলাই কিণ্বন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত ধোকলা তৈয়াৰ কৰা হয়।[2] ধোকলা মূলতঃ ৰাতিপুৱাৰ আহাৰ। ইয়াক মুখ্য অহাৰ হিচাপে, গৌণ ব্যঞ্জন হিচাপে বা জলপান হিচাপে খাব পাৰি। ধোকলা খামানৰ সৈতে বহুপৰিমাণে একে। অৱশ্যে ধোকলা চাউল আৰু মাটিমাহৰ মিশ্ৰণৰ পৰা তৈয়াৰ কৰা ঘোলেৰে নিৰ্মিত। আনহাতে খামান সাধাৰণতে বুটমাহৰ পৰা তৈয়াৰ কৰা হয় আৰু ই হালধীয়া ৰঙৰ দেখা যায়। খমান গুজৰাটৰ বাহিৰত ব্যাপকভাৱে জনপ্ৰিয় হৈ পৰিছে কিন্তু ভুল বুজা বা ভুলভাৱে ধোকলা বুলি জনা যায়।

ধোকলা
অন্য নাম ধোকৰা
প্ৰকাৰ পুৱাৰ খাদ্য
উৎপত্তিৰ স্থান ভাৰত
অঞ্চল গুজৰাট, মহাৰাষ্ট্ৰ
পৰিবেশনৰ উষ্ণতা সাধাৰণ উষ্ণতা
মুখ্য উপাদান মাটিমাহ আৰু পিঠাগুৰি
ভিন্ন প্ৰকাৰ খামান

ইতিহাস সম্পাদনা কৰক

১০৬৬ খ্ৰীষ্টাব্দৰ জৈন শাস্ত্ৰত মাহজাতীয় শস্যৰে নিৰ্মিত এবিধ ব্যঞ্জন 'ধোকিয়া'ক ধোকলাৰ পূৰ্বসূৰী বুলি গণ্য কৰা হয়। ধোকলা শব্দটো উল্লেখ কৰাৰ প্ৰাচীনতম গ্ৰন্থ হৈছে ১৫২৯০ খ্ৰীষ্টাব্দৰ গুজৰাটী ভাষাৰ 'ভাৰানাকা চামুচয়া'।[3]

প্ৰস্তুতি সম্পাদনা কৰক

চাউল আৰু বিভক্ত মাটিমাহ এক নিৰ্দিষ্ট অনুপাতত (বিচৰা গাঁথনি আৰু সোৱাদ প্ৰাপ্ত কৰিবলৈ) ৰাতি পানীত তিয়াই থোৱা হয়। মিশ্ৰণটো পিহি গুৰি কৰি চাৰিৰ পৰা পাঁচ ঘণ্টা বা গোটেই নিশাৰ বাবে থৈ দিয়া হয়। ইয়াত সোৱাদ অনুযায়ী জলকীয়া, জালুক, ধনিয়া, আদা আৰু বেকিং চডা যোগ কৰা হয়।

তাৰ পিছত কিণ্বন কৰা ঘোলখিনি এটা সমতল পাত্ৰত থৈ প্ৰায় ১৫ মিনিটৰ বাবে ভাপত সিজোৱা হয়। তাৰপিছত ধোকলাখিনি উলিয়াই ইচ্ছামতে কাটি লোৱা হয়। এই কটা টুকুৰাবোৰ সৰিয়হ, জলকীয়া আৰু নৰসিংহ পাত গৰম তেল দি ফুৰণ দিয়া হয়। ইয়াত কিছুমানে হিং মিহলি কৰে আৰু কেতিয়াবা সমান পৰিমাণৰ পানীও ব্যৱহাৰ কৰে। তাৰ পিছত টুকুৰাবোৰ পাত্ৰৰ পৰা আঁতৰাই লোৱা হয়। কেতিয়াবা ইয়াক জিৰাৰ সৈতে গৰম তেলত ভজা হয়।[4]

ইয়াক সাধাৰণতে ধনিয়াৰ পৰা তৈয়াৰ চাটনি আৰু ভজা জলকীয়াৰে পৰিৱেশন কৰা হয়। প্ৰায়ে ইয়াক ধনিয়া আৰু ৰুকা নাৰিকলেৰে সজোৱা হয়।

আন এটা পদ্ধতি হৈছে পাত্ৰৰ ভিতৰত ৰখা প্লেটত ১০ৰ পৰা ১৫ মিনিটৰ বাবে কিণ্বন কৰা বেটাৰটো বান্ধি দি ভাপত সিজোৱা। প্ৰস্তুতিৰ সময়ত ঘোলত পানীৰ বাষ্প পৰি যোৱা পৰিহাৰ কৰিবলৈ পাত্ৰটোৰ ভিতৰত এটা কাপোৰ ৰাখিব পাৰে। প্লেটবোৰ পোনপটীয়াকৈ আধাৰত ৰখা নহয়। ভালকৈ সিজাৰ পিছত প্লেটখন পাত্ৰৰ পৰা উলিয়াই লোৱা হয় আৰু তাৰ পিছত ধোকলাৰ ওপৰত কেঁচা তেল ঢালি দিয়া হয়, বা ডুব হিচাপে ব্যৱহাৰ কৰা হয়। দৈ, বিলাহী চচ, নহৰু পেষ্ট, বা ধনিয়া পেষ্টৰ দৰে অন্যান্য উপাদানবোৰৰ সৈতে ইয়াক পৰিৱেশন কৰা হয়। অৱশ্যে এইবোৰ পৰম্পৰাগতভাৱে ধোকলাৰ সৈতে খোৱা নহয়।[4]

প্ৰকাৰ সম্পাদনা কৰক

বিভিন্ন উপাদান আৰু বুটমাহৰ অনুপাতেৰে বিভিন্ন প্ৰকাৰৰ ধোকলা প্ৰস্তুত কৰা হয়। কিছুমান জনপ্ৰিয় প্ৰকাৰৰ ধোকলা হৈছে:

  • খট্টা ধোকলা
  • ৰাছিয়া ধোকলা
  • মগু দাইলৰ ধোকলা
  • খাণ্ডৱী ধোকলা
  • চীজ ধোকলা
  • ৰহৰ দাইলৰ ধোকলা
  • চেণ্ডউইচ ধোকলা
  • চুজিৰ ধোকলা
  • মিশ্ৰিত দাইলৰ ধোকলা
  • সেউজীয়া মটৰৰ ধোকলা
  • মেইতা ধোকলা
  • বেচন ধোকলা
  • খামান ধোকলা

চিত্ৰ বিথিকা সম্পাদনা কৰক

তথ্য উৎস সম্পাদনা কৰক

  1. Reddy, N. R. (6 February 2018). Legume Based Fermented Foods. CRC Press. ISBN 9781351090902. https://books.google.com/books?id=bPlKDwAAQBAJ&pg=PT271. 
  2. Redhead, J. F. (1989). Utilization of tropical foods. Food & Agriculture Org.. পৃষ্ঠা. 26. ISBN 978-92-5-102774-5. https://books.google.com/books?id=xeGVaboCHnAC&pg=PA26. 
  3. K. T. Achaya (1994). Indian food: a historical companion. Oxford University Press. পৃষ্ঠা. 134. https://books.google.com/books?id=-cFcH2ZHWLcC. 
  4. 4.0 4.1 "Khaman Dhokla Recipe". https://recipes.timesofindia.com/recipes/khaman-dhokla/rs53908858.cms। আহৰণ কৰা হৈছে: 2 Feb 2020.