ধৰ্মৰ প্ৰাণতত্ত্ব (ইংৰাজী: Dharmar Prantattva) হৈছে অসমীয়া সাহিত্যিক আৰু ভূতত্ত্ববিদ ড০ প্ৰণৱজ্যোতি ডেকাৰ দ্বাৰা লিখিত এখনি ধৰ্মতত্ত্ব-বিষয়ক গ্ৰন্থ । গ্ৰন্থখন পোনপ্ৰথমবাৰৰ বাবে ২০১০ চনৰ মাৰ্চ মাহত প্ৰকাশিত হৈছিল। ২০২৩ চনৰ নৱেম্বৰত গ্ৰন্থখনৰ পুনৰ মুদ্ৰণ হয়। [1]

ধৰ্মৰ প্ৰাণতত্ত্ব  

গ্ৰন্থখনৰ বেটুপাত
লেখক প্ৰণৱজ্যোতি ডেকা
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ ধৰ্মতত্ত্ব, দৰ্শন, মনোবিজ্ঞান, অ-কাহিনীমূলক
প্ৰকাশক বান্ধৱ (নতুন সংস্কৰণ), আঁক-বাক (প্ৰথম প্ৰকাশ)
প্ৰকাশ ডিচেম্বৰ, ২০২৩(বান্ধৱ প্ৰকাশন)
মাৰ্চ, ২০১০(আঁক-বাক প্ৰকাশন)
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৩৬

লেখকৰ চমু পৰিচয় সম্পাদনা কৰক

প্ৰণৱজ্যোতি ডেকা (জন্ম: ১৯৩৯, মৃত্যু: ৬ এপ্ৰিল, ২০২৪) অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক, গৱেষক, অভিধান প্ৰণেতা, ভূ-তত্ত্ববিদ আৰু অধ্যাপক।ডেকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। ‘সোণৰ চামুচ মুখত লৈ’ শীৰ্ষক তেওঁৰ আত্মজীৱনীখনে প্ৰকাশৰ পিছতে বিদ্বান মহলৰ প্ৰশংসা লাভ কৰিছিল। জ্যোতি দ্বিভাষিক অভিধান ডেকাৰ উল্লেখযোগ্য সাহিত্যকৃতি। ২০২৩ বৰ্ষত তেওঁ “ড° প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প” শীৰ্ষক গল্প সংকলনটিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

গ্ৰন্থৰ চমু পৰিচিতি সম্পাদনা কৰক

গ্ৰন্থখনত মুঠতে নটা অধ্যায় আছে৷ সেইকেইটা হৈছে:

  • পৰিচিতি
  • ধৰ্মাচৰণ আৰু প্ৰতিৰক্ষা ব্যৱস্থা
  • ধৰ্মাচৰণত লুক্কায়ন আৰু স্থিৰতা
  • যুদ্ধ বা পলায়নৰ বিপৰীতে ভক্তিবাদ
  • ভগৱান, আত্মা আৰু পুনৰ্জন্ম
  • ধৰ্মাচৰণ আৰু অলৌকিক সংঘটন
  • অতীন্দ্ৰিয় অনুভূতি
  • বিজ্ঞানে যেতিয়া উজুটি খায়
  • সাৰাংশ


তথ্যসূত্ৰ সম্পাদনা কৰক

  1. ড০ প্ৰণৱজ্যোতি ডেকা. ধৰ্মৰ প্ৰাণতত্ত্ব. বান্ধৱ প্ৰকাশন, ২০২৩.