প্ৰণৱজ্যোতি ডেকা

সাহিত্যিক,অভিধান প্ৰণেতা,গৱেষক,অধ্যাপক৷

প্ৰণৱজ্যোতি ডেকা (ইংৰাজী: Pranavjyoti Deka; জন্ম: ১৯৩৯) অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক, গৱেষক, অভিধান প্ৰণেতা, ভূ-তত্ত্ববিদ আৰু অধ্যাপক। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। তেওঁৰ আত্মজীৱনীখনৰ নাম ‘সোণৰ চামুচ মুখত লৈ’। জ্যোতি দ্বিভাষিক অভিধানখন তেওঁৰ উল্লেখযোগ্য সাহিত্যকৃতি।[1] ২০২৩ বৰ্ষত তেওঁ‌ নিজৰ “ড॰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প” নামৰ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে।[2][3]

প্ৰণৱজ্যোতি ডেকা
জন্ম কলিকতা
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা
  • বেনাৰস হিন্দু বিশ্ববিদ্যালয় (স্নাতকোত্তৰ, ভূ-তত্ত্ব)
  • লেনীনগ্ৰাড খনি বিদ্যালয়ৰ (ডক্টৰেট, অৰ্থনৈতিক ভূ-তত্ত্ব)
বিষয় সাহিত্যিক, ভূ-তত্ত্ববিদ, গৱেষক, অভিধান প্ৰণেতা
উল্লেখনীয় কৰ্মৰাজি
উল্লেখযোগ্য বঁটা অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা (২০২২)
সাহিত্য অকাডেমি বঁটা (২০২৩)
আত্মীয়-স্বজন

জন্ম আৰু শিক্ষা সম্পাদনা কৰক

প্ৰণৱজ্যোতি ডেকাৰ জন্ম হয় ১৯৩৯ চনৰ ২১ জুলাই তাৰিখে, কলিকতাত। তেওঁ গুৱাহাটী ড’নবস্ক স্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষা (১৯৫৫), কটন কলেজৰপৰা আই.এ (১৯৫৭) আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰপৰা ভূ-তত্ত্ব বিষয়ত স্নাতকোত্তৰ (১৯৬১) ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত লেনীনগ্ৰাড খনি বিদ্যালয়ৰ পৰা অৰ্থনৈতিক ভূ-তত্ত্ব বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে।[1]

কৰ্মজীৱন সম্পাদনা কৰক

তেখেতে ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে আৰু সেই বিশ্ববিদ্যালয়ৰপৰাই অৱসৰ গ্ৰহণ কৰে।[1]

গ্ৰন্থপঞ্জী সম্পাদনা কৰক

গল্প সংকলন সম্পাদনা কৰক

  • কৈলাসনাথ
  • একুৰি বছৰৰ গল্প, ১৯৯৬
  • এজাক এলেহুৱা কাউৰীৰ সাধু, ২০১২, বান্ধৱ প্ৰকাশন
  • বেৱাৰিছ লাছ আৰু অন্য গল্প
  • বিহুৱতী চৰাই আৰু অন্য গল্প, ২০১৬, বান্ধৱ প্ৰকাশন
  • ড৹ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প, ২০২১, বান্ধৱ প্ৰকাশন
  • অনিৰ্গম পথ, ২০২৩, বাণী প্ৰকাশ মন্দিৰ

প্ৰবন্ধ সংকলন সম্পাদনা কৰক

  • পৰমেশ্বৰ আছে নাই
  • চৰ্যাগীত আৰু বৌদ্ধ তন্ত্ৰ
  • ধৰ্মৰ প্ৰাণতত্ত্ব
  • Nilachal Kamakhya: Her History and Tantra, Scientific Evidence for Vedic Astrology
  • ৰত্নজ্যোতিষ আৰু বিজ্ঞান
  • Century old Castes, Tribes and Guild
  • জ্যোতি দ্বিভাষিকৰ বুৰঞ্জী, ২০১০, অসম বুক ডিপো
  • ৰূপোপজীৱিনী বনাম দেহোপজীৱিনী (প্ৰাপ্তবয়স্কৰ যৌনজ্ঞান গ্ৰন্থ), ২০১৮, বান্ধৱ প্ৰকাশন

অভিধান সম্পাদনা কৰক

  • জ্যোতি দ্বিভাষিক অভিধান

উপন্যাস সম্পাদনা কৰক

ড॰ প্ৰণৱজ্যোতি ডেকাৰ ৰহস্য উপন্যাস

আত্মজীৱনী সম্পাদনা কৰক

বঁটা সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 সম্পাদক-শোণিত বিজয় দাস আৰু মুনীন বায়ন (প্ৰথম প্ৰকাশ). কথা বৰেণ্য-১০০. কথা প্ৰকাশন. পৃষ্ঠা. ২৫৮. 
  2. 2.0 2.1 "Sahitya Akademi Awards: Assamese Author Pranavjyoti Deka Bags Prestigious Gong". প্ৰতিদিন টাইম. 20 December 2023. https://www.pratidintime.com/national/sahitya-akademi-awards-assamese-author-pranavjyoti-deka-bags-prestigious-gong। আহৰণ কৰা হৈছে: 20 December 2023. 
  3. "ড॰ প্ৰণৱজ্যোতি ডেকালৈ চলিত বৰ্ষৰ সাহিত্য অকাডেমি বঁটা". নিয়মীয়া বাৰ্তা. ২০ ডিচেম্বৰ ২০২৩. https://niyomiyabarta.com/assam/dr-pranabjyoti-deka-has-been-awarded-the-sahitya-akademi-award-this-year/। আহৰণ কৰা হৈছে: ২০ ডিচেম্বৰ ২০২৩. 
  4. "বিশিষ্ট কথাশিল্পী ড০ প্ৰণৱজ্যোতি ডেকালৈ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২২". অসমীয়া প্ৰতিদিন. ২৮ ডিচেম্বৰ ২০২২. https://www.asomiyapratidin.in/assam/literature-award2022-by-assam-publishing-association-to-dr-pranabjyoti-deka। আহৰণ কৰা হৈছে: ২০ ডিচেম্বৰ ২০২৩.