নন্দ বেনাৰ্জী (ইংৰাজী: Nanda Banerjee) অসমৰ এগৰাকী সুৰকাৰ, বাদ্যযন্ত্ৰী, সংগীতশিল্পী আৰু সংগীত পৰিচালক আছিল৷[1][2][3] একাধিক তথ্যচিত্ৰ, ধাৰাবাহিক, গীত সংকলনৰ লগতে তেখেতে 'স্নেহবন্ধন', 'জনকনন্দিনী' আদি অসমীয়া চলচ্চিত্ৰত সংগীত পৰিচালক হিচাপে কাম কৰিছিল ৷ শাস্ত্ৰীয় আৰু পাশ্চাত্য সংগীতত বিশেষভাৱে বিচৰণ কৰা বেনাৰ্জীয়ে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত দুই দশকৰো অধিক কাল জড়িত হৈ আছিল ৷ ওৰাঙত স্থাপিত হোৱা ওৰাং সংগীত মহাবিদ্যালয়ৰ তেখেত প্ৰথমতে উপাধ্যক্ষ আৰু পৰৱৰ্তী সময়ত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ গীতৰ স্বৰলিপি লিখন, বাদ্য সংগত কৰাৰ লগতে বেনাৰ্জীয়ে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ লগতো একালত জড়িত হৈছিল আৰু অসম গণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পদ লাভ কৰিছিল ৷

নন্দ বেনাৰ্জী
Nanda Banerjee
জন্ম ১৪ নৱেম্বৰ, ১৯৫৬
ফৌজদাৰীপট্টি,নগাঁও, অসম
মৃত্যু ১১ মাৰ্চ, ২০২৪ (৬৭ বছৰ)
KGMT চিকিৎসালয়, গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা সঙ্গীত পৰিচালক, বাদ্যযন্ত্ৰী, সুৰকাৰ,
দাম্পত্যসঙ্গী সান্ত্বনা বেনাৰ্জী
সন্তান শ্যামনন্দ বেনাৰ্জী

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

১৯৫৬ চনৰ ১৪ নৱেম্বৰত নন্দ বেনাৰ্জীয়ে নগাঁও জিলাৰ ফৌজদাৰীপট্টীত এটি সাংস্কৃতিক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল৷ তেখেতৰ পিতৃ সুশীল বেনাৰ্জী শাস্ত্ৰীয় সংগীতৰ এগৰাকী সাধক ৷[1]

কৰ্মজীৱন সম্পাদনা কৰক

অসমীয়া চলচ্চিত্ৰত সম্পাদনা কৰক

নন্দ বেনাৰ্জীয়ে একাধিক অসমীয়া কথাছবিত সংগীত পৰিচালকৰ ভূমিকা পালন কৰিছিল৷ ২০০৫ চনত তেখেতে 'স্নেহবন্ধন' ছবিত সংগীত পৰিচালনা কৰে৷ উল্লেখ্য যে, ছবিখনে ৰাজ্যিক চলচ্চিত্ৰ বঁটাত 'শ্ৰেষ্ঠ ছবি'ৰ বঁটা লাভ কৰে ৷ তেখেতে সংগীত পৰিচালনা কৰা অন্তিমখন অসমীয়া কথাছবি আছিল 'জনকনন্দিনী' ৷[1][4]

ভ্ৰাম্যমাণত সম্পাদনা কৰক

কুৰি শতিকাৰ '৮০ৰ দশকৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী দুটা দশকৰো অধিক কাল নন্দ বেনাৰ্জীয়ে অসমৰ ভ্ৰাম্যমান নাট্যগোষ্ঠী কহিনুৰ থিয়েটাৰৰ সংগীত পৰিচালক হিচাপে জড়িত হৈ আছিল৷ কহিনুৰৰ মঞ্চত তেখেতে অভিনয়ো কৰিছিল৷ কহিনুৰৰ পাছত তেখেতে 'অপৰূপা' থিয়েটাৰৰ লগত জড়িত হৈ চাৰি বছৰ সংগীত পৰিচালনাৰ দায়িত্ব লয়৷[1]

ভ্ৰাম্যমাণ থিয়েটাৰ নন্দ বেনাৰ্জীয়ে আনন্দ নাৰায়ণ দেৱৰ সৈতে যুটি বান্ধি 'নন্দ-আনন্দ' যুটি হিচাপে খ্যাতি লভিছিল ৷ [4]

গীতৰ স্বৰলিপি সম্পাদনা কৰক

নন্দ বেনাৰ্জীয়ে ড০ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ গীতৰ স্বৰলিপি কৰিছিল ৷ [1]

অন্যান্য সম্পাদনা কৰক

নন্দ বেনাৰ্জীৰ শাস্ত্ৰীয় আৰু পাশ্চাত্য সংগীতৰ জ্ঞান আছিল৷ পাশ্চাত্য আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ শিক্ষাৰ বাবে তেখেতে 'সংস্কৃতিকা' নামৰ এখন প্ৰতিষ্ঠানো প্ৰতিষ্ঠা কৰিছিল৷ তেখেতে 'সদৌ অসম সংগীত শিক্ষক সংস্থা'ৰ এগৰাকী সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ ভাটখাণ্ডেৰ অধীনস্থ হিন্দুস্তানী সংগীতৰ অসমৰ ফালৰপৰা তেখেত এগৰাকী পৰীক্ষা নিয়ন্ত্ৰক আছিল৷

১৯৯১ চনত ওৰাঙত স্থাপিত হোৱা ওৰাং সংগীত মহাবিদ্যালয়ত নন্দ দেৱ শৰ্মাক অধ্যক্ষ আৰু নন্দ বেনাৰ্জীক উপাধ্যক্ষ পদত দায়িত্ব দিয়া হৈছিল ৷ নন্দ দেৱ শৰ্মাৰ মৃত্যুৰ পাছত নন্দ বেনাৰ্জী ১৯৯৩ চনত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ আসনত বহে ৷ [1]

গণনাট্য সংঘৰ লগতো তেখেত জড়িত হৈছিল৷ [1]

নন্দ বেনাৰ্জী এগৰাকী গজল গায়কো আছিল ৷ এগৰাকী বাদ্যযন্ত্ৰী হিচাপেও তেখেত সমাদৃত৷ বেনাৰ্জীয়ে অসমৰ একাধিক শিল্পী; ড০ ভূপেন হাজৰিকা, খগেন মহন্ত, ৰিদীপ দত্ত, নমিতা ভট্টাচাৰ্য আদিৰ লগত মঞ্চত একৰ্ডিয়ান আৰু পিয়ানো সংগত কৰিছিল৷ [1]

সংগীতৰ লগতে তেখেত ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনতো জড়িত হৈ পৰিছিল৷ প্ৰফুল্ল কুমাৰ মহন্ত অসমৰ মুখ্য মন্ত্ৰী হোৱাৰ সময়ত তেখেত অসম গণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য[1] আৰু ভাষিক সংখ্যালঘু পৰিষদৰ সভাপতিৰ আসনত বহিছিল ৷

ব্যক্তিগত জীৱন সম্পাদনা কৰক

জীৱনৰ অধিকাংশ সময় নন্দ বেনাৰ্জীয়ে নগাঁও চহৰত কটায় ৷ পৰৱৰ্তী সময়ত তেখেতে গুৱাহাটী চহৰত কটায় ৷ নন্দ বেনাৰ্জীৰ পত্নী হৈছে সান্ত্বনা বেনাৰ্জী৷ তেওঁলোকৰ সন্তান একমাত্ৰ পুত্ৰ শ্যামনন্দ বেনাৰ্জী৷[1][4]

মৃত্যু সম্পাদনা কৰক

নন্দ বেনাৰ্জীৰ ২০২৪ চনৰ ১১ মাৰ্চ তাৰিখে দেহাৱসান হয়৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৮ বছৰ৷ মৃত্যুৰ দিনা পুৱা প্ৰায় ৪-৩০ বজাত তেখেত গুৱাহাটীৰ গীতানগৰৰ ছ'নিয়া এনক্লেভৰ বাসগৃহত ষ্ট্ৰোকজনিত কাৰণত গুৰুতৰ অসুস্থতাৰ সন্মুখীন হয়৷ স্থানীয় কে জি এম টি চিকিৎসালয়ত তেখেতক মুহূৰ্ততে ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেখেতক মৃত ঘোষণা কৰে৷ বিগত দেওবাৰৰ দিনা তেখেত স্নানাগাৰত পৰি সংজ্ঞাহীন হৈ পৰিছিল আৰু স্বাস্থ্যৰ অৱনতি ঘটিছিল৷[4]

উল্লেখ্য যে, নন্দ বেনাৰ্জীয়ে অসমৰ অ-লাভজনক সংস্থা ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে নিজৰ চকুযুৰি শংকৰদেৱ নেত্ৰালয়ক দান দি থৈ যায় ৷

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 "বিশিষ্ট সংগীত পৰিচালক নন্দ বেনাৰ্জীৰ মৃত্যু". দৈনিক অসম. প্ৰকাশক গুৱাহাটী. ১২ মাৰ্চ, ২০২৪. পৃষ্ঠা ১ আৰু ৬. 
  2. "Renowned assamese music composer Nanda Banerjee passes away at 68". India TodayNE. ১২ মাৰ্চ, ২০২৪. https://www.indiatodayne.in/assam/story/renowned-assamese-music-composer-nanda-banerjee-passes-away-at-68-928670-2024-03-11। আহৰণ কৰা হৈছে: 12 March 2024. 
  3. "Assam: AGP mourns death of noted music director Nanda Banerjee". Sentinal. ১২ মাৰ্চ, ২০২৪. https://www.sentinelassam.com/amp/story/cities/guwahati-city/assam-agp-mourns-death-of-noted-music-director-nanda-banerjee। আহৰণ কৰা হৈছে: 12 March 2024. 
  4. 4.0 4.1 4.2 4.3 "কোনোদিন ওভতি নহাৰ বাটেৰে গুচি গ'ল সংগীতৰ যাদুকৰ নন্দ বেনাৰ্জী". নিউজ ১৮ অসম. ১২ মাৰ্চ, ২০২৪. https://assam.news18.com/news/entertainment/renowned-assamese-music-composer-nanda-banerjee-passes-away-at-68-know-details-about-him-tv-ashim-subham-g-366923.html। আহৰণ কৰা হৈছে: 12 March 2024.