১৪ নৱেম্বৰ
তাৰিখ
নৱেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ||
২০২৩ |
১৪ নৱেম্বৰ (ইংৰাজী: 14 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩১৮তম (অধিবৰ্ষত ৩১৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী সম্পাদনা কৰক
- ১৯৪১ চনৰ আজি অসমৰ দ্বিতীয়গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ জন্ম হয়। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড॰ গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী।
- পৰমানন্দ বৰবায়ন আৰু সীমা বিশ্বাসৰ নাম সংগীত নাটক একাডেমী বঁটাৰ বাবে ঘোষণা কৰা হয় ২০০২ চনৰ আজিৰ দিনটোতে।
- ১৮৮৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম হয়। ১৯৫৭ চনত তেওঁৰ জন্ম দিনটোক ৰাষ্ট্ৰীয় শিশু দিৱস হিচাপে পালন কৰিবলৈ ঘোষণা কৰা হয়।
- আজিৰ দিনটোতে ১৭১৬ চনত জাৰ্মানীৰ গণিতজ্ঞ গটফ্ৰিড উইলহেম লিবনিৎজৰ মৃত্যু হয়। তেওঁ কলন গণিত বা কেলকুলাছৰ উদ্ভাৱক আছিল।
- প্ৰখ্যাত দাৰ্শনিক গৰ্গ উইলহেম হেগেলৰ মৃত্যু হয় ১৮৩৩ চনৰ আজিৰ দিনটোতে। তেওঁৰ জন্ম হৈছিল জাৰ্মানিত।
- ইনছুলিনৰ আৱিষ্কাৰক কানাডাৰ বিজ্ঞানী ছাৰ ফ্ৰেডৰিক গ্ৰাণ্ট বেণ্টিঙৰ জন্ম হয় ১৮৯১ চনৰ আজিৰ দিনটোত। তেওঁ ১৯২১ চনত ইনছুলিন আৱিষ্কাৰ কৰে আৰু এই আৱিষ্কাৰৰ বাবে ১৯২৩ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।
- ১৯৬৯ চনৰ আজিৰ দিনটোতে এপলো-১২ মহকাশযানখন চন্দ্ৰ অভিমুখে উৎক্ষেপণ কৰা হয়।
বাহ্যিক সংযোগ সম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১৪ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |