নবীন বুঢ়াগোহাঁই একাধাৰে লেখক, গৱেষক, কবি, শিশু সাহিত্যিক৷ বুৰঞ্জীৰ অধ্যয়ন-অনুসন্ধান আৰু চৰ্চাকাৰী এজন লেখক হিচাপে তেখেতৰ সুকীয়া পৰিচয় আছে৷ তেখেতে এতিয়ালৈকে ২৩খন বুৰঞ্জী বিষয়ক গ্ৰন্থ লিখি উলিয়াইছে৷ সাম্প্ৰতিক সময়ত তেখেতৰ বুৰঞ্জী বিষয়ক লেখাৰ লগতে বিভিন্ন সমাজ-সংস্কৃতি বিষয়ক লেখা অসমৰ বিভিন্ন বাতৰি-কাকত আৰু আলোচনীত প্ৰকাশিত হৈ আহিছে৷[1]

নবীন বুঢ়াগোহাঁই
পেচা বুৰঞ্জীৰ অধ্যয়ন-অনুসন্ধানকাৰী এজন লেখক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতক (অসমীয়া)
ধৰণ অসমীয়া সাহিত্য
বিষয় বুৰঞ্জী আৰু শিশু সাহিত্য

জন্ম আৰু পৰিচয় সম্পাদনা কৰক

তেখেতৰ জন্ম হয় ১৯৮৫ চনৰ ১৪ নৱেম্বৰ তাৰিখে শিৱসাগৰ জিলাৰ কৈজান গাঁৱত৷ পিতৃৰ নাম নিত্যানন্দ বুঢ়াগোহাঁই আৰু মাতৃৰ নাম প্ৰয়াত ৰূপা বুঢ়াগোহাঁই৷

শিক্ষা সম্পাদনা কৰক

  • প্ৰাথমিকঃ হাৰমতী বৰগোহাঁই মৈদাম প্ৰাথমিক বিদ্যলয়,১৯৯১
  • মাধ্যমিক আৰু হাইস্কুলৰ শিক্ষাঃ কোঁৱৰপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ১৯৯৫
  • হায়াৰছেকেণ্ডৰী আৰু স্নাতকঃ দিখৌমুখ মহাবিদ্যালয়, ২০০২

প্ৰকাশিত গ্ৰন্থৰ তালিকা সম্পাদনা কৰক

বুৰঞ্জীমূলক সম্পাদনা কৰক

  • বুৰঞ্জীপ্ৰসিদ্ধ শিৱসাগৰঃ এ হিষ্ট্ৰৰীকেল নোটবুক
  • অসমীয়া জাতিৰ পিতৃপুৰুষ চাওলুং ছ্যু-কা-ফা
  • তলাতল কাৰেংঘৰ
  • গড়গাঁৱৰ কাৰেংঘৰ
  • আহোম যুগৰ দৌল আৰু ইয়াৰ স্থাপত্য-কলা
  • বুৰঞ্জী, সংস্কৃতি আৰু স্থাপত্য-ভাস্কৰ্য
  • বুৰঞ্জীৰ বৰ্ণিল প্ৰসংগ
  • আহোম যুগৰ নাৰী
  • ঘনশ্যামৰ ঘৰঃ এটা অনুসন্ধানমূলক টোকা
  • শিৱসাগৰ
  • অসমৰ মঠ-মন্দিৰ
  • এচিয়াৰ প্ৰথম পেভিলিয়ন ৰংঘৰ
  • মৈদামৰ বুৰঞ্জী
  • জয়মতী কুঁৱৰী
  • জেৰেঙাৰ জয়মতী কুঁৱৰী (নাটক)
  • আহোম যুগৰ হিলৈ-বৰতোপ
  • আহোম যুগৰ গড়, আলি আৰু শিলাসাঁকো
  • বুঢ়াগোহাঞি ডাঙৰীয়াৰ বুৰঞ্জী
  • শিৱসাগৰ বৰপুখুৰী আৰু তিনিটা দৌল
  • আহোম যুগৰ পুখুৰী-স্থাপত্য আৰু অসমৰ অন্যান্য পুখুৰী
  • আহোম যুগৰ ৰাজধানী
  • Kareng Ghar : The Ahom Royal Palace of Gargaon ('গড়গাঁৱৰ কাৰেংঘৰ' গ্ৰন্থৰ ইংৰাজী অনুবাদ। অনুবাদক : ড০ প্ৰশান্ত কুমাৰ চুতীয়া)

কাব্য-সংকলন সম্পাদনা কৰক

  • এদিন একোৱেই ভাল নলগা হৈ আহিব
  • এজাক বনৰীয়া বৰষুণ

প্ৰবন্ধ-সংকলন সম্পাদনা কৰক

  • অন্ধ-বিশ্বাসৰ অস্ত্ৰোপচাৰ

শিশু-সাহিত্য সম্পাদনা কৰক

  • অক্কণমানি মৌ-মাখি (উপন্যাস)
  • শেষ ৰহস্য আৰু অন্যান্য কাহিনী (গল্প)
  • নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱ
  • ইচলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মোহাম্মদ
  • ৰাজকুমাৰৰ সাধু (অনুবাদ)
  • অকণিহঁতৰ মনপৰশা সাধু (সম্পা.)
  • আকবৰ আৰু বীৰবলৰ সাধু
  • ৰাজকুমাৰ আৰু পদুমকুঁৱৰী

সম্পাদিত গ্ৰন্থ সম্পাদনা কৰক

  • হুঁচৰিৰ আৰ্হি আৰু বিহুনাম
  • অযৌক্তিক অলীক চিন্তা আৰু যুক্তিৰ চলন্ত চৰ্চা (ৰিপুঞ্জয় গগৈৰ প্ৰবন্ধ সংকলন)
  • শোভেন হাজৰিকাৰ নিৰ্বাচিত কবিতা-১
  • জয়জ্যোতি গগৈৰ নিৰ্বাচিত কবিতা
  • স্বভাৱ-কবি শিৱনাথ কোঁৱৰৰ কবিতা

সম্পাদিত আলোচনী সম্পাদনা কৰক

  • নতুন চিন্তা (মাহেকীয়া আলোচনী, অধুনালুপ্ত)
  • অকণিৰ পাৰিজাত (শিশু-আলোচনী, অধুনালুপ্ত)
  • মইনাৰ পাৰিজাত (শিশু-আলোচনী, অধুনালুপ্ত)
  • ঋতু (কাব্যালোচনী, অধুনালুপ্ত)

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • ইভা বৰগোহাঁই শইকীয়া সোঁৱৰণী বঁটা, সদৌ অসম কবি সন্মিলন, ২০০৯-১০
  • ঐতিহ্য মিত্ৰ, প্ৰত্নতত্ত্ব সঞ্চালকালয়, অসম চৰকাৰ, ২০২০
  • উৎকৃষ্টতাৰ বঁটা, পৰ্যটন বিভাগ, অসম, ২০২৩

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. যশোৱন্ত শৰ্মা (২৯ ছেপ্টেম্বৰ, ২০২২). "গ্ৰন্থ ৰচনা আৰু প্ৰকাশেৰে স্বাৱলম্বী শিৱসাগৰৰ নবীন বুঢ়াগোহাঁই". প্ৰকাশক গুৱাহাটী. পৃষ্ঠা ৪.