নয়নজ্যোতি শৰ্মা

ভাৰতীয় গল্পকাৰ আৰু সাহিত্যিক

নয়নজ্যোতি শৰ্মা (ইংৰাজী: Nayanjyoti Sarma) একাধাৰে গল্পকাৰ, ৱিকিমিডিয়ান তথা চিকিৎসক। কৰ্মসূত্ৰে বৰ্তমান তেখেত নলবাৰীৰৰ শুশ্ৰূষা চিকিৎসালয়ৰ এজন চিকিৎসক।[4] তেখেতে ২০২৩ বৰ্ষৰ নৱেম্বৰ মাহত 'জাল কটা জুই’ শীৰ্ষক চুটিগল্প সংকলনৰ বাবে মুনীন বৰকটকী সাহিত্য বঁটা আৰু ২০২৪ চনৰ জুন মাহত সাহিত্য অকাডেমিৰ যুৱ বঁ‌টা লাভ কৰে।[5] [6] ২০২২ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ হোৱা এই গল্প সংকলন খনেই তেখেতৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থ।[4] তদুপৰি ২০২৩ বৰ্ষত ২৯ ছেপ্তেম্বৰৰ পৰা ১ অক্টোবৰলৈ অনুষ্ঠিত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱত তেখেতক প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁ‌টা-২০২৩ প্ৰদান কৰা হৈছে।[7]

নয়নজ্যোতি শৰ্মা
জন্ম ৩ জুন, ১৯৯৩ (৩১ বছৰ)
নলবাৰী
পেচা চিকিৎসক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতকোত্তৰ (শল্য তন্ত্ৰ)
মাতৃশিক্ষায়তন চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়
বিষয় গল্পকাৰ, চিকিৎসক
উল্লেখনীয় কৰ্মৰাজি জাল কটা জুই (চুটিগল্পৰ সংকলন)
উল্লেখযোগ্য বঁটা মুনীন বৰকটকী বঁটা (২০২৩)
সাহিত্য অকাডেমি যুৱ বঁ‌টা (২০২৪)[1][2][3]
দাম্পত্যসংগী মৃদুস্মিতা ভৰদ্বাজ

জন্ম আৰু শিক্ষা

সম্পাদনা কৰক

১৯৯৩ চনৰ ৩ জুন তাৰিখে নলবাৰী জিলাৰ কমাৰকুছি অঞ্চলত[8] জন্মগ্ৰহণ কৰা ডা° শৰ্মাই ২০১০ চনত নলবাৰীৰ অসম একাডেমীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হৈছিল। পিছলৈ তেওঁ ২০১২ চনত নলবাৰী কলেজৰ পৰা উচ্চতৰ মাধ্যমিক, ২০১৭ চনত জালুকবাৰীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু ২০২১ চনত শল্য তন্ত্ৰ বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[9] তেওঁৰ পিতৃ খনীন্দ্ৰ শৰ্মা আৰু মাতৃ ঊষা দেৱী।[10]

প্ৰকাশিত গ্ৰন্থ

সম্পাদনা কৰক
  • জাল কটা জুই (২০২২, পূৰ্বায়ন প্ৰকাশন)
  • ব্লেক বিউটী (ভাবানুবাদ, ২০২৩, অসম প্ৰকাশন পৰিষদ)

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Sahitya Akademi announces Yuva Puraskar, Bal Sahitya Puraskar winners for 2024". www.thehindu.com. 15 June 2024. https://www.thehindu.com/news/national/sahitya-akademi-announces-yuva-puraskar-bal-sahitya-puraskar-winners-for-2024/article68293703.ece. 
  2. "Sahitya Akademi announces Yuva Puraskar, Bal Sahitya Puraskar winners for 2024". economictimes.indiatimes.com. 15 June 2024. https://economictimes.indiatimes.com/news/india/sahitya-akademi-announces-yuva-puraskar-bal-sahitya-puraskar-winners-for-2024/articleshow/111018778.cms. 
  3. "Sahitya Akademi announces Yuva Puraskar, Bal Sahitya Puraskar winners for 2024". theprint.in. 15 June 2024. https://theprint.in/india/sahitya-akademi-announces-yuva-puraskar-bal-sahitya-puraskar-winners-for-2024/2132795/. 
  4. 4.0 4.1 নয়নজ্যোতি শৰ্মা (২০২২). জাল কটা জুই. পূৰ্বায়ণ প্ৰকাশন. ISBN 978-81-960230-1-0. 
  5. "ডাঃ নয়নজ্যোতি শৰ্মালৈ মুনীন বৰকটকী সাহিত্য বঁ‌টা". দৈনিক অসম. 
  6. "ডাঃ নয়নজ্যোতি শৰ্মালৈ 'যুৱ সাহিত্য অকাদেমি বঁটা' - Sahitya Akademi Yuva Puraskar 2024". ETV Bharat. https://www.etvbharat.com/as/!videos/sahitya-akademi-yuva-puraskar-to-litterateur-dr-nayanjyoti-sarma-ass24061503432। আহৰণ কৰা হৈছে: 16 June 2024. 
  7. "কাইলৈৰ পৰা গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ". প্ৰতিদিন. 28-09-2023. 
  8. Interview at News 18 Assam & NE (Social Media) (in Assamese). 
  9. An Exclusive Interview with Dr. Nayanjyoti Sarma; Recipient of Sahitya Akademi Yuva Puraskar 2024. Nitish Rajৰ সৈতে সাক্ষাৎকাৰ. 26 June 2024. https://theliterarymirror.in/an-exclusive-interview-with-dr-nayanjyoti-sarma-recipient-of-sahitya-akademi-yuva-puraskar-2024/?fbclid=IwZXh0bgNhZW0CMTEAAR2YIYM7SG8AwS-6Gzn_PfHIl3f214-tCOxecvcT8yqHbh4lx5rgUXe7IoA_aem_rxnO0h8cMFTcyRHk4ZqEGQ&sfnsn=wiwspwa. 
  10. "সাহিত্য অকাডেমিৰ বঁ‌টা পাঁ‌চগৰাকী অসম সন্তান". দৈনিক অসম. 16-06-2024.