নামবৰ-দৈগ্ৰুং অভয়াৰণ্য

নামবৰ-দৈগ্ৰুং অভয়াৰণ্য (ইংৰাজী: Nambor - Doigrung Wildlife Sanctuary) অসমগোলাঘাট জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই গৰমপানী অভয়াৰণ্য তথা নামবৰ অভয়াৰণ্যৰ লগত ২০০৩ চনৰ ১৭ এপ্ৰিলত স্বীকৃতিপ্ৰাপ্ত কাজিৰঙা-কাৰ্বি আংলং হস্তী প্ৰকল্পৰ অন্তৰ্ভুক্ত৷

নামবৰ-দৈগ্ৰুং অভয়াৰণ্য
(Nambor - Doigrung Wildlife Sanctuary)
মানচিত্ৰত নামবৰ-দৈগ্ৰুং অভয়াৰণ্য (Nambor - Doigrung Wildlife Sanctuary)ৰ অৱস্থিতি
অসমত নামবৰ-দৈগ্ৰুং অভয়াৰণ্যৰ অৱস্থিতি
অৱস্থান অসম, ভাৰত
নিকটতম চহৰ গোলাঘাট
মাটিকালি ৯৭.১৫ বৰ্গ কিঃমিঃ
প্ৰতিস্থা ২০০৩
কৰ্তৃপক্ষ Department of Environment & Forests, Assam

ইতিহাস সম্পাদনা কৰক

এই অঞ্চলটোক ২০০৩ চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়৷[1]

ভৌগোলিক বিৱৰণ সম্পাদনা কৰক

নামবৰ-দৈগ্ৰুং অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৯৭.১৫ কিলোমিটাৰ৷[2] ই গোলাঘাট চহৰৰ পৰা প্ৰায় ২৫ কিঃমিঃ দূৰত্বত অৱস্থিত৷[3]

উদ্ভিদকুল সম্পাদনা কৰক

নামবৰ-দৈগ্ৰুং অভয়াৰণ্যৰ বনাঞ্চল প্ৰধানত: ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া যদিও কিছুপৰিমাণে চিৰসেউজীয়া তথা জলাহ ভূমিও দেখা যায়৷ ইয়াৰ উদ্ভিদসমূহৰ ভিতৰত ভেলু, গমাৰি, আজাৰ, নাহৰ, উৰিয়াম, পমা, বনচোম আদিয়ে প্ৰধান৷ তাৰোপৰি ইয়াত কিছুমান আপুৰুগীয়া অৰ্কিডৰ প্ৰজাতিও দেখা পোৱা যায়৷

জীৱ-জন্তু সম্পাদনা কৰক

অভয়াৰণ্যখনত হাতী, বনৰীয়া গাহৰি, মেচেকা, লাজুকী বান্দৰ, মলুৱা বান্দৰ, হলৌ বান্দৰ, গাহৰি নেজীয়া বান্দৰ, নাহৰফুটুকী বাঘ, সুগৰী পহু, শৰ পহু, মেথোন আদিৰ উপৰি কাছ, গুই, অজগৰ, নেউল আদিও পােৱা যায়।

প্ৰাণীকুল সম্পাদনা কৰক

অভয়াৰণ্যখন চৰাইৰ বাবেও বিখ্যাত। দেওহাঁহ, হাড়গিলা, ৰাজধনেশ, মইনা, ভীমৰাজ, বাঢ়ৈটোকা, হুদু, পৰঘুমা, হাইঠা, মাটিকপৌ, শিলকপৌ, বনকুকুৰা, ডৰিক, শেন, মৌ-খাপ আদি বিভিন্ন চৰাইৰে অভয়াৰণ্যখন সমৃদ্ধ।

স্তন্যপায়ী প্ৰাণী

হেপা, হাতী,অসমীয়া বান্দৰ,টুপীমূৰীয়া বান্দৰ,দল-হৰিণা,নাহৰফুটুকী বাঘ,বনৰৌ,শিয়াল,শৰপহু,সুগৰী পহু,সেন্দুৰী বান্দৰ,হলৌ বান্দৰ,বাদুলি,মলুৱা বান্দৰ,লাজুকী বান্দৰ,খটীয়া পহু আদি৷ [4]

চৰাই-চিৰিকটি
দেওহাঁহ, কাও ধনেশ,শামুকভঙা আদি৷ [4]
সৰীসৃপ
কাছ, গুঁই, পাইথন আদি[4]

লগতে চাওক সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Asad Rafi Rahmani; M. Zafar-Ul Islam; Indian Bird Conservation Network (10 December 2004). Important bird areas in India: priority sites for conservation. IBCN, Bombay Natural History Society. ISBN 978-0-19-567333-3. http://books.google.com/books?id=G98PAQAAMAAJ। আহৰণ কৰা হৈছে: 18 June 2013. 
  2. http://assamforest.in/NP_Sanctuaries/wls_nDoigrung.php Archived 2013-05-16 at the Wayback Machine |title=Nambor - Doigrung Wildlife Sanctuaries |publisher=Department of Environment & Forests, Government of Assam |date=2013-04-05 |accessdate=2013-06-17
  3. "Nambor - Doigrung Wildlife Sanctuary". assamspider.com. 2000-07-27. http://www.assamspider.com/resources/3990-Nambor-Doigrung-Wildlife-Sanctuary.aspx। আহৰণ কৰা হৈছে: 2013-06-17. 
  4. 4.0 4.1 4.2 "Welcome to Assam Tourism Official website of Deptt. of Tourism, Assam, India". Assamtourism.org. http://www.assamtourism.org/wildlife.php#Nambordws। আহৰণ কৰা হৈছে: 2013-06-17.