টুপীমূৰীয়া বান্দৰ
বান্দৰৰ প্ৰজাতি
টুপীমূৰীয়া বান্দৰ (ইংৰাজী: Capped Langur) উত্তৰ-পূব ভাৰতত সচৰাচৰ দেখা পোৱা এবিধ বান্দৰৰ প্ৰজাতি[3]। এই বান্দৰৰ প্ৰজাতিটো বিশ্বৰ অন্যান্য দেশ যেনে, বাংলাদেশ, নেপাল, ভূটান, চীন, আৰু ম্যানমাৰতো পোৱা যায়। টুপীমূৰীয়া বান্দৰৰ প্ৰধান বসতিস্থল চিৰসেউজীয়া বনাঞ্চল।
টুপীমূৰীয়া বান্দৰ (Capped langur)[1] | |
---|---|
মানস ৰাষ্ট্ৰীয় উদ্যানত এটা টুপীমূৰীয়া বান্দৰ | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Primates |
পৰিয়াল: | Cercopithecidae |
গণ: | Trachypithecus |
প্ৰজাতি: | T. pileatus |
বৈজ্ঞানিক নাম | |
Trachypithecus pileatus (Blyth, 1843) | |
টুপীমূৰীয়া বান্দৰৰ বিতৰণ |
শ্ৰেণীবিভাজন
সম্পাদনা কৰকটুপীমূৰীয়া বান্দৰৰ চাৰিটা উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে
- Trachypithecus pileatus pileatus
- Trachypithecus pileatus durga
- Trachypithecus pileatus brahma
- Trachypithecus pileatus tenebricus
বিৱৰণ
সম্পাদনা কৰকটুপীমূৰীয়া বান্দৰ দিনত চৰে আৰু গছৰ পাত খাই জীয়াই থাকে[4]। ই সাধাৰণতে এটা বা তাতোধিক মতা প্ৰাণী আৰু বহুতো মাইকী প্ৰাণীৰে গঠিত সৰু দলত বাস কৰে।
স্থিতি তথা সংৰক্ষণ
সম্পাদনা কৰকটুপীমূৰীয়া বান্দৰক ভাৰতীয় বন্যপ্ৰাণী আইনত প্ৰথম অনুসূচী (Schedule I) ৰ জীৱ হিচাপে স্বীকৃতি দিয়া হৈছে। এই প্ৰাণীবিধ মূলত: ঝুম খেতি, বনাঞ্চল ধ্বংস, চোৰাং চিকাৰ ইত্যাদি কাৰণত সংকটৰ মুখামুখি হৈছে[5]।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Groves, C. (2005). Wilson, D. E., & Reeder, D. M, eds. ed. Mammal Species of the World (3rd সম্পাদনা). প্ৰকাশক Baltimore: Johns Hopkins University Press. পৃষ্ঠা. 177. ISBN 0-801-88221-4. OCLC 62265494. http://www.bucknell.edu/msw3/browse.asp?id=12100737.
- ↑ Das, J., Molur, S. & Bleisch, W. (2008). Trachypithecus pileatus. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 2008-12-15.
- ↑ Choudhury, A. 1989. Ecology of the capped langur (Presbytis pileatus) in Assam, India. Folia Primatol. 52: 88–92.
- ↑ Solanki GS, Kumar A, Sharma BK (2008). "Winter food selection and diet composition of capped langur (Trachypithecus pileatus) in Arunachal Pradesh, India". Tropical Ecology 49 (2): 157–166.
- ↑ Srivastava, A. and M. S. Mohnot. 2001. Distribution, conservation status and priorities for primates in northeast India. Envis Bulletin: Wildlife and Protected Areas 1(1): 102–108.
বহি:সংযোগ
সম্পাদনা কৰক- A Field Guide to Indian Mammals -Vivek Menon