এছ. নাম্বি নাৰায়ণন (ইংৰাজী: S. Nambi Narayanan; জন্ম: ১২ ডিচেম্বৰ, ১৯৪১)[1] এগৰাকী ভাৰতীয় বিজ্ঞানী তথা এৰ'স্পেছ অভিযন্তা। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত তেওঁ এগৰাকী জ্যেষ্ঠ প্ৰাধিকাৰী হিচাপে ক্ৰায়'জেনিক্স বিভাগৰ দায়িত্বত আছিল।[3] ১৯৯৪ চনত চোৰাংচোৱাগিৰিত মিছাকৈ তেওঁক অভিযুক্ত কৰা হৈছিল যাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।[4] ১৯৯৬ চনত চি বি আই তেওঁৰ বিৰুদ্ধে থকা অভিযোগ বৰ্খাস্ত কৰে আৰু ১৯৯৮ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে তেওঁ দোষী নহয় বুলি ঘোষণা কৰে। ২০১৯ চনত তেওঁক ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰা হয়।[2]

এছ. নাম্বি নাৰায়ণন

২০১৭ বৰ্ষত নাৰায়ণন
জন্ম ১২ ডিচেম্বৰ, ১৯৪১ (৮২ বছৰ)
নাগেৰকইল, কন্যাকুমাৰী
(বৰ্তমান ভাৰতৰ তামিলনাডুত)[1]
শিক্ষা প্ৰিন্সটন বিশ্ববিদ্যালয় (MSE)
Thiagarajar College of Engineering, মাদুৰাই (BE Mechanical)
পেচা বিজ্ঞানী
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মভূষণ[2]

তথ্য সূত্ৰ সম্পাদনা কৰক