নীলিমকান্ত বৰুৱা
ড° নীলিমকান্ত বৰুৱা অসমৰ এগৰাকী বিশিষ্ট পৰিসংখ্যাবিদ, লেখক তথা প্ৰাক্তন প্ৰশাসনিক বিষয়া।[1]
নীলিমকান্ত বৰুৱা | |
---|---|
জন্ম | ১৯৩১ গোলাঘাট, অসম |
পেচা | প্ৰশাসনিক বিষয়া, লেখক |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
প্ৰাৰম্ভিক জীৱন
সম্পাদনা কৰক১৯৩১ চনত গোলাঘাটত জন্মগ্ৰহণ কৰে৷ তেওঁ স্কুলীয়া শিক্ষা গোলাঘাট, তিতাবৰ আৰু যোৰহাটত গ্ৰহণ কৰি ১৯৪৬ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷ ১৯৪৮ চনত কটন কলেজৰ পৰা এই এছ চি আৰু ১৯৫০ চনত বি এছ চি পাছ কৰে৷ ১৯৫৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পৰিসংখ্যা বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ 'এ ছেঞ্চুৰি অৱ প্ৰাইমেৰী এডুকেশ্যন ইন আছাম' শীৰ্ষক বিষয়ত গৱেষণা কৰি ১৯৮২ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে।[2]
কৰ্মজীৱন
সম্পাদনা কৰক১৯৫৪ চনত জগন্নাথ বৰুৱা মহাবিদ্যালয়ত পৰিসংখ্যা বিজ্ঞান বিভাগত প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে৷ পিছত কটন কলেজত প্ৰবক্তা হিচাপে যোগ দিয়ে৷ ১৯৫৫ চনত শ্বিলঙত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ পৰিসংখ্যা বিষয়া হিচাপে নিযুক্তি লাভ কৰে৷ ১৯৮১ চনত তেওঁ মুখ্যমন্ত্ৰী সচিবালয়ৰ বিশেষ নিৰ্দেশনা কোষৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰূপে নিযুক্তি লাভ কৰে৷ ১৯৮৬ চনত বৰুৱা ভাৰতীয় প্ৰশাসনিক সেৱালৈ নিৰ্বাচিত হয়৷
১৯৮৯ চনত তেওঁ চৰাকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ ১৯৯১ চনলৈকে অধ্যাপনা কৰে৷ অৱসৰৰ পিছত তেওঁ লিখা-মেলাত মনোনিবেশ কৰে আৰু যথেষ্ট সংখ্যক উৎকৃষ্ট গ্ৰন্থ ৰচনা কৰে।[2]
মৃত্যু
সম্পাদনা কৰকদীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ থাকি ২০১৪ চনৰ ১ জানুৱাৰী তাৰিখে নীলিমকান্ত বৰুৱাৰ দিছপুৰৰ ঊষানগৰৰ নিজ বাসগৃহত মৃত্যু হয়।[1]
অৱদান
সম্পাদনা কৰকইংৰাজী ভাষাৰ গ্ৰন্থ
সম্পাদনা কৰক- ইভালুৱেশ্বন অৱ মনিটৰিং
- প্লেনিং ইন আছাম
- ডিচেন্ট্ৰেলাইজড প্লেনিং
- প্লেনিং ইন ইণ্ডিয়া
- ইম্পেক্ট অৱ প্লেন ইমপ্লিমেন্টেশ্বন ইন আছাম
- ডেভেলপমেন্ট অৱ প্ৰেইমেৰী এডুকেশ্বন ইন আছাম এণ্ড নৰ্থ ইষ্ট ইণ্ডিয়া
অসমীয়া ভাষাৰ গ্ৰন্থ
সম্পাদনা কৰক- বিশ্ববিজয়ী ভাৰতীয়
- এজন অখ্যাত ব্যক্তিৰ জীৱন টোকা
- হংকং আৰু চীন ভ্ৰমণৰ অভিজ্ঞতা-প্ৰগতিৰ এক অবিশ্বাস্য বিস্ময়কৰ কাহিনী
- ওঠৰজন ওপৰৱালা
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 "আমাৰ অসমত প্ৰকাশিত বাতৰি". G L Publications. ২ জানুৱাৰী, ২০১৪. পৃষ্ঠা ১. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304124933/http://www.amarasom.glpublications.in/Details.aspx?id=16215&boxid=124947218। আহৰণ কৰা হৈছে: 2 জানুৱাৰী 2014.
- ↑ 2.0 2.1 "আমাৰ অসমত প্ৰকাশিত বাতৰি". G L Publications. ২ জানুৱাৰী, ২০১৪. পৃষ্ঠা ৮. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304124759/http://www.amarasom.glpublications.in/Details.aspx?id=16226&boxid=123517781। আহৰণ কৰা হৈছে: 2 জানুৱাৰী 2014.