নৰসিংহ (সংস্কৃত: नरसिंह) হৈছে ভগৱান শ্ৰীবিষ্ণুৰ চতুৰ্থতম অৱতাৰ। হিৰণ্যাক্ষৰ কনিষ্ঠ ভ্ৰাতা হিৰণ্যকশিপুক বধ কৰাৰ বাবে ভগৱান শ্ৰীবিষ্ণু ত্ৰেতা যুগত নৰসিংহ ৰূপত মৰ্ত্তলোকত অৱতীৰ্ণ হৈছিল। পুৰাণ, উপনিষদ লগতে অন্যান্য পৌৰাণিক হিন্দু ধৰ্মগ্ৰন্থত নৰসিংহ অৱতাৰ উল্লেখ পোৱা যায়। তেওঁক দুষ্টৰ দমন আৰু শিষ্টৰ পালনৰ প্ৰতীক বুলি গণ্য কৰা হয়। নৰসিংহ দেৱক অৰ্ধ সিংহ আৰু অৰ্ধ মনুষ্যৰ ৰূপত কল্পনা কৰা হয়। মৎস পুৰাণত নৰসিংহক অষ্টভূজ বুলি উল্লেখ কৰা হৈছে আনদিশে অগ্নিপুৰাণত তেওঁক চতুৰ্ভূজ বুলি বৰ্ণনা কৰা হৈছে। দক্ষিণ ভাৰতত নৰসিংহ দেৱৰ পূজা বিশেষ পৰিলক্ষিত হয়। হিন্দু শাস্ত্ৰত নৰসিংহক মহাৰক্ষক বুলি আখ্যা দিয়া হৈছে কাৰণ তেওঁ সৰ্বদা ভক্তক সংকটৰ পৰা ৰক্ষা কৰে।

নৰসিংহ
সুৰক্ষাৰ ঈশ্বৰ
দশাৱতাৰ-ৰ সদস্য

নৰসিংহ, ভগৱান শ্ৰীবিষ্ণুৰ চতুৰ্থতম অৱতাৰ
দেৱনাগৰী नरसिंह
সংস্কৃত লিপ্যন্তৰ নৰসিংহ
সম্পৰ্ক ভগৱান শ্ৰীবিষ্ণুৰ চতুৰ্থতম অৱতাৰ[1]
অস্ত্ৰ চক্ৰ, গদা, নখ আৰু দাঁতৰ মাৰি
উৎসৱ নৰসিংহ জয়ন্তী, হোলী

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. George M. Williams (2008). Handbook of Hindu Mythology. Oxford University Press. পৃষ্ঠা. 223. ISBN 978-0-19-533261-2. https://books.google.com/books?id=N7LOZfwCDpEC&pg=PA223.