উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়
উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় (ইংৰাজী: North Lakhimpur University) পূৰ্বৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত্বশাসিত) উত্তৰ লখিমপুৰৰ খেলমাটিত অৱস্থিত এখন বিশ্ববিদ্যালয়। পূৰ্বৰ মহাবিদ্যালয়খনি ১৯৫২ চনত স্থাপিত হৈছিল যি পাছলৈ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় বিল ২০২৩ অনুসৰি বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হয়।[1] ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উচ্চশিক্ষা প্ৰদানত এই বিশ্ববিদ্যালয়ৰ যথেষ্ঠ বৰঙণি আছে।
উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় | |
---|---|
পূৰ্বৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত্বশাসিত) | |
উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতীক | |
মূলমন্ত্ৰ | आऩो भद्रा: क्रतवो यन्तु बिश्वत: |
স্থাপিত | ১৯৫২ (মহাবিদ্যালয়) ২০২৩ (বিশ্ববিদ্যালয়) |
অধ্যক্ষ | ড॰ বিমান চন্দ্ৰ চেতিয়া |
স্থান | উত্তৰ লখিমপুৰ, অসম, ভাৰত |
উপনাম | এন এল |
ৱেবছাইট | http://www.nlc.ac.in/ |
ইতিহাস
সম্পাদনা কৰকউত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত্বশাসিত)
সম্পাদনা কৰকবিশ্ববিদ্যালয়খন উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰবৃহত্তৰ অঞ্চলৰ সকলোতকৈ পুৰণি আৰু অগ্ৰণী উচ্চ শিক্ষা অনুষ্ঠান। অসমৰ এক অন্যতম পিছপৰা আৰু ভিতৰুৱা অঞ্চল হিচাপে পৰিচিত উত্তৰ লখিমপুৰত ১৯৫২ চনৰ ৩ জুলাই তাৰিখে উত্তৰ লখিমপুৰ মহাবিদ্যালয় হিচাপে স্থাপিত হৈছিল। এই অঞ্চলৰ কেইবাজনো সমাজকৰ্মীৰ প্ৰচেষ্টাৰ ফলত উত্তৰ লখিমপুৰ মহাবিদ্যালয় গঢ় লৈ উঠিছিল। এই মহাবিদ্যালয় পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ আছিল। ২০১৩ চনৰ ৩০ মে'ত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বায়ত্ত-শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি প্ৰদান কৰা হয়। উল্লেখনীয় যে, এই মহাবিদ্যালয়েই বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বায়ত্ত-শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি প্ৰাপ্ত অসমৰ প্ৰথমখন মহাবিদ্যালয়।[2][3]
মহাবিদ্যালয়খন ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ (National Assessment and Accreditation Council)ৰ মূল্যাংকনত ৩.০৮ মানেৰে "এ" শ্ৰেণীৰ মহাবিদ্যালয় ৰূপে স্বীকৃত।[4][5]
উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়
সম্পাদনা কৰকপৰবৰ্তী সময়ত উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় বিল ২০২৩ অনুসৰি পূৰ্বৰ মহাবিদ্যালয়খন বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হয়।[6]
দৰ্শন
সম্পাদনা কৰকএই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
বিশ্ববিদ্যালয়খনৰ মূল মন্ত্ৰ আৰু উদ্দেশ্য হৈছে আধুনিক শিক্ষা আৰু জ্ঞানৰ আলোকেৰে মানৱ সম্পদৰ বিকাশ সাধন। শিক্ষাৰ্থীক প্ৰতিযোগিতামূলক পৃথিৱীত আগবাঢ়ি যাব পৰাকৈ সময়োপযোগী উচ্চ মানসম্পন্ন শিক্ষা প্ৰদানৰ সমান্তৰাল ভাৱে সমাজ জীৱনৰ সকলো স্তৰতে শিক্ষাৰ্থীসকলক সামাজিক কৰ্তব্য আৰু দায়িত্ববোধ সম্পন্ন মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ প্ৰচেষ্টা চলোৱা হয়। ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীণ শৈক্ষিক আৰু বৌদ্ধিক বিকাশৰ প্ৰতি বিশ্ববিদ্যালয়খনি দায়বদ্ধ। বহু সীমাবদ্ধতাৰ মাজতো সেয়ে বিশ্ববিদ্যালয়খনি শিক্ষাৰ্থী আৰু শিক্ষকৰ সমন্বয়েৰে সম্ভৱপৰ সকলো উপাদানেৰে বিকাশৰ আৰু উন্নত ভৱিষ্যতৰ মূলনীতিৰে পৰিচালিত হৈ আহিছে।
শৈক্ষিক
সম্পাদনা কৰকপাঠ্যক্ৰমসমূহ
সম্পাদনা কৰকবিশ্ববিদ্যালয় খনে কলা আৰু বিজ্ঞান বিভাগত উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমৰ শিক্ষা প্ৰদান কৰে। ইয়াৰ উপৰিও বিশ্ববিদ্যালয় খনত আন কিছুমান বৃত্তিমুখী পাঠ্যক্ৰমৰো ব্যৱস্থা আছে, বৰ্তমান বিশ্ববিদ্যালয়খনত তলত দিয়া পাঠ্যক্ৰমসমূহৰ শিক্ষা প্ৰদান কৰা হয়
- উচ্চতৰ মাধ্যমিক (কলা আৰু বিজ্ঞান)
- স্নাতক (কলা আৰু বিজ্ঞান)
- স্নাতকোত্তৰ ( অসমীয়া, ৰাজনীতি বিজ্ঞান, অনুবিদুৎ বিভাগ, ৰাসায়নিক বিজ্ঞান )
- কম্পিউটাৰ বিজ্ঞানৰ স্নাতক (বি.চি.এ.)
- পি জি ডিপ্লমা পাঠ্যক্ৰম
- ইউ জি ডিপ্লমা পাঠ্যক্ৰম
- চাৰ্টিফিকেট পাঠ্যক্ৰম
- মানৱ অধিকাৰ পাঠ্যক্ৰমৰ ডিপ্লমা
- ইলেকট্ৰনিকচ সামগ্ৰীৰ মেৰামতিৰ ডিপ্লমা
- হাৰবেল প্লেনটেচনৰ ডিপ্লমা
- কম্পিউটাৰত অসমীয়া ভাষাৰ প্ৰয়োগ সম্পৰ্কীয় ছমহীয়া পাঠ্যক্ৰম
- ফাউণ্ডেশ্যন পাঠ্যক্ৰম
- ইউ জি চি কেৰিয়াৰমুখী পাঠ্যক্ৰম[7]
এইসমূহৰ উপৰিও বিশ্ববিদ্যালয়খনত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় আৰু কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ যোগেদি আগবঢ়োৱা বিভিন্ন পাঠ্যক্ৰমৰো শিক্ষা গ্ৰহণ কৰাৰ সুবিধা আছে।
শৈক্ষিক বিভাগসমূহ
সম্পাদনা কৰককলা:
|
বিজ্ঞান:
|
বিশ্ববিদ্যালয়ৰ সুবিধাসমূহ
সম্পাদনা কৰক- গ্ৰন্থাগাৰ
- প্ৰকাশন
- কেৰিয়াৰ কাউন্সেলিং
- প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰশিক্ষণ
- ছাত্ৰাবাস
- নৱ ছাত্ৰাবাস
- সৌৰভ কুমাৰ চলিহা ছাত্ৰাবাস
- ছাত্ৰীনিবাস
- ইন্দিৰামিৰি ছাত্ৰীনিৱাস
- মামণি ৰয়ছম গোস্বামী ছাত্ৰীনিবাস
- শৰীৰ চৰ্চা কেন্দ্ৰ
- খেলপথাৰ
- অসমীয়া, ইংৰাজী, হিন্দী ভাষাত ডিটিপি শিকাৰ পাঠ্যক্ৰম
অধ্যক্ষসকল
সম্পাদনা কৰকবৰ্তমান অধ্যক্ষ
সম্পাদনা কৰকড॰ বিমান চন্দ্ৰ চেতিয়া, এম.এচ.চি.,এম. ফিল, পি.এইচ.ডি.(ফেব্ৰুৱাৰী, ২০১২ৰ পৰা বৰ্তমানলৈ)
পূৰ্বৰ অধ্যক্ষসকল
সম্পাদনা কৰক- ম: নাচিম আলি হাজৰিকা, এম.এ., এল.এল.বি. (১৯৫২ - ১৯৫৪)
- ড॰বিশ্বনাৰায়ণ শাস্ত্ৰী, এম.এ., পি.এইচ.ডি. (১৯৫৪ - ১৯৫৮)
- যোগানন্দ বৰগোহাঞি, এম.এ. (১৯৫৮ - ১৯৮৫)
- লাৱণ্য চৰণ ডেকা, এম.এ., এল.এল.বি. (ভাৰপ্ৰাপ্ত) (১৯৮৫ - ১৯৮৬)
- হৰেন্দ্ৰ দেৱ গোস্বামী, এম.এ. (ভাৰপ্ৰাপ্ত) (১৯৮৬ - ১৯৮৯)
- হেমেন্দ্ৰ কুমাৰ গগৈ, এম.এচ.চি., এম.ফিল. (১৯৮৯ - ২০০১)
- দিব্যজ্যোতি ফুকন, এম.এ. (ভাৰপ্ৰাপ্ত) (মাৰ্চ,২০০১ - চেপ্তেম্বৰ,২০০১)
- তিলক চন্দ্ৰ বৰুৱা, এম.এচ.চি., এম.ফিল. (ভাৰপ্ৰাপ্ত) (অক্টোবৰ,২০০১ – জুলাই,২০০৪)
- ড॰ যোগদা ফুকন, এম.এ., পি.এইচ.ডি., (ভাৰপ্ৰাপ্ত) (আগষ্ট,২০০৪ - চেপ্তেম্বৰ,২০০৪)
- অচ্যুত চন্দ্ৰ মহন্ত, এম.এ. (ভাৰপ্ৰাপ্ত) (নবেম্বৰ,২০০৪ - জুলাই,২০০৫)
- ড॰ সূৰ্যভূষণ পাণ্ডু, এম.এচ.চি., পি.এইচ.ডি., FISPP (আগষ্ট,২০০৫ - ডিচেম্বৰ,২০০৫)
- ড॰ বুধীন বৰুৱা, এম.এচ.চি., পি.এইচ.ডি. (জানুৱাৰী,২০০৬ - ডিচেম্বৰ,২০১১)
কলেজ প্ৰকাশন
সম্পাদনা কৰকনৰ্থ লখিমপুৰ কলেজৰ নিজা প্ৰকাশন আছে। ২০০১ চনত এই প্ৰকাশনৰ শুভাৰম্ভ হয়। প্ৰথমখন প্ৰকাশিত কিতাপ আছিল অঞ্জন কুমাৰ ওজাৰ দ্বাৰা প্ৰকাশিত সাহিত্য সমালোচনা তত্ত্ব[8] বৰ্তমানলৈকে কলেজ প্ৰকাশনৰপৰা প্ৰকাশিত কিতাপবোৰ হ’ল- সাহিত্য সমালোচনা তত্ত্ব (২০০১), সোণালী চিন্তা (২০০২), সোণোৱালী দিনবোৰ যেন (২০০২), সমাজ-সাহিত্য-সংস্কৃিত (২০১১), মহাত্মা গান্ধীঃ জীৱন আৰু দৰ্শন (২০১২), গোলাপ শৰ্মা (২০১২), অসমীয়া চুটিগল্পৰ গতি-প্ৰকৃতি (২০১৩), মানৱ অধিকাৰ (২০১৩), নতুনৰ কবিতা (২০১৩), Germination of Seed of Entrepreneurship among College Students (২০১৩), কাৰাবন্দীৰ এজাক কুঠৰীৰ এজাক পোহৰ (২০১৩), বিশ্বাস, অবিশ্বাস, অন্ধবিশ্বাস (২০১৪), সময়ৰ সংশ্লেষ (২০১৪), অসমীয়া সাহিত্যৰ চানেকীঃ পাঠ আৰু আলোচনা (২০১৫), উত্তৰণত নাৰী (২০১৫), ৰজনীগন্ধা (২০১৫), লেখক (২০১৬), ৰমন্যাসবাদৰ পটভূমি (২০১৬), অসমীয়া বিয়ানাম (২০১৭), ভাৰতীয় ধৰ্মনিৰপেক্ষতা (২০১৭), লক্ষ্মীমপুৰৰ ভূগোল (২০১৮), সাহিত্য সমালোচনা (২০১৯), দৃষ্টিকোণঃ ভাষা সাহিত্য সংস্কৃতি (২০১৯) আদি।
চিত্ৰসম্ভাৰ
সম্পাদনা কৰক
লগতে চাওক
সম্পাদনা কৰকতথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Assam: North Lakhimpur College (Autonomous) upgraded to North Lakhimpur University
- ↑ http://www.assamtribune.com/scripts/detailsnew.asp?id=jun2113/state06 Archived 2014-07-16 at the Wayback Machine বিশ্ববিদালয় অনুদান আয়োগৰ দ্বাৰা নৰ্থ লখিমপুৰ কলেজলৈ স্বায়ত্ত-শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি; দ্য আসাম ট্ৰিবিউন, আহৰণৰ তাৰিখ: ২১-০৬-২০১৩
- ↑ http://www.amarasom.glpublications.in/Details.aspx?id=13662&boxid=114957921 Archived 2014-08-08 at the Wayback Machine বিশ্ববিদালয় অনুদান আয়োগৰ দ্বাৰা নৰ্থ লখিমপুৰ কলেজলৈ স্বায়ত্ত-শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি; আমাৰ অসম, আহৰণৰ তাৰিখ: ০৩-০৬-২০১৩
- ↑ "nlcollege.org: মহাবিদ্যালয়খনৰ ৱেবছাইট, আহৰণ কৰা তাৰিখঃ ২১-০২-২০১২". Archived from the original on 2018-07-08. https://web.archive.org/web/20180708115332/http://www.nlcollege.org/। আহৰণ কৰা হৈছে: 2012-01-21.
- ↑ http://web3.kar.nic.in/naac_accredit/NAAC_accreditationlist.aspx Archived 2012-01-30 at the Wayback Machine, search criteria: colleges, accredited colleges in: Assam, Cycle: 2, আহৰণ কৰা তাৰিখঃ ২২-০১-২০১২
- ↑ Assam: North Lakhimpur College (Autonomous) upgraded to North Lakhimpur University
- ↑ "nlcollege.org: মহাবিদ্যালয়খনৰ ৱেবছাইট, আহৰণ কৰা তাৰিখঃ ২১-০২-২০১২". Archived from the original on 2018-07-08. https://web.archive.org/web/20180708115332/http://www.nlcollege.org/। আহৰণ কৰা হৈছে: 2012-01-21.
- ↑ অৰবিন্দ ৰাজখোৱা (২০১৭). গ্ৰন্থ সৌৰভ. লখিমপুৰ গ্ৰন্থ উৎসৱ, ২০১৭. পৃষ্ঠা. ১০৭.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত নৰ্থ লখিমপুৰ কলেজ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- আধিকাৰিক ৱেবছাইট
- বিশ্ববিদ্যালয়ৰ ভৌগোলিক স্থানাংক (অক্ষাংশ আৰু দ্ৰাঘিমাংশ):
স্থানাংক: 27°13′50.12″N 94°05′25.06″E / 27.2305889°N 94.0902944°E