প'ণ্টাছ

(প'ণ্টাচৰ পৰা পুনঃনিৰ্দেশিত)

গ্ৰীক আখ্যানমতে প'ণ্টাছ (আক্ষৰিক অৰ্থত "সাগৰ") হৈছে এক প্ৰাচীন, প্ৰাক-অলিম্পিয়ান সাগৰ-দেৱতা। তেওঁ গ্ৰীকসকলৰ আদি দেৱতাসকলৰ মাজৰ এজন। প'ণ্টাছ গেইয়াৰ পুত্ৰ আছিল আৰু তেওঁৰ কোনো পিতৃ নাই। গ্ৰীক কবি হেচিঅ'ডৰ মতে তেওঁ যৌন মিলনৰ অবিহনে জন্ম গ্ৰহণ কৰিছিল।[1] অৱশ্যে হাইজিনাছৰ মতে প'ণ্টাছ হৈছে ইথাৰ আৰু গেইয়াৰ পুত্ৰ।[2]

প'ণ্টাছ
গ্ৰীক আদি দেৱতা, সমুদ্ৰ দেৱতাসমূহ-ৰ সদস্য

টিউনিছিয়াৰ প্ৰাচীন ৰোমান মোজাইকত প'ণ্টাছৰ চিত্ৰন
নিবাস সাগৰ
সঙ্গী গেইয়া, থালাছা
পিতৃ-মাতৃ গেইয়া
সহোদৰ ইউৰেনাচ
সন্তান নেৰিয়াছ, থাউমাছ, ফ'ৰ্চিছ, চেটো, ইউৰিবিয়া
হিন্দু সমাৰ্থক সমুদ্ৰ দেৱতা, বৰুণ
অঞ্চল প্ৰাচীন গ্ৰীচ

হেচিঅ'ডৰ বাবে প'ণ্টাছ্ৰ স্বৰূপ সাগৰৰ ব্যক্তিৰূপ হো প'ণ্টছতকৈও সামান্য অধিক যেন বোধ হয় যাৰ দ্বাৰা হেলেনীয় পন্থাৰ লোকসকলে ভূমধ্য সাগৰক সূচায়। [3] মাতৃ গেইয়াৰ সৈতে তেওঁ নেৰিয়াছ (সাগৰৰ বৃদ্ধ মানুহ), থাউমাছ (সমুদ্ৰৰ আচৰিত "বিস্ময়", সমুদ্ৰৰ বিপদজনক দিশবোৰৰ প্ৰতিমূৰ্তি), ফৰ্চিছ আৰু তেওঁৰ ভগ্নী-সহধৰ্মিনী চেটো আৰু শক্তিশালী দেৱী ইউৰিবিয়াৰ জন্ম দিয়ে। তেওঁৰ ঔৰষত সাগৰৰ দেৱী থালাছাৰ গৰ্ভত টেলকাইন আৰু সকলো সাগৰীয় জীৱৰ জন্ম হয়।[1][4][5][6]

দ্বিতীয় শতিকাৰ এটা ৰোমান ভাস্কৰ্যত প'ণ্টাছে সমুদ্ৰৰ বুকুৰ পৰা উঠি সোঁহাতেৰে জাহাজৰ হালত ধৰি এখন সন্মুখভাগত হেলান দিয়া দেখা যায়। মোচিয়াৰ টমিছৰ কৃষ্ণ সাগৰ বন্দৰৰ দ্বৈত পৃষ্ঠপোষক দেৱতা হিচাপে তেওঁক এটা মুকুট পৰিহিত অৱস্থাত ভাগ্যৰ দেৱী ফৰ্চুনাৰ সৈতে দেখা যায়।

সাহিত্যিক সূত্ৰসমূহ

সম্পাদনা কৰক

হেচিঅ'ডৰ থিয়গণিত (২৩১-২৩৯) কোৱা হৈছে যে সাগৰে তেওঁৰ সন্তানৰ ভিতৰত জ্যেষ্ঠ নেৰিয়াছক জন্ম দিয়ে, যি হৈছে সত্য আৰু মিছা নকয়: আৰু মানুহে তেওঁক বৃদ্ধলোক বুলি কয় কিয়নো তেওঁ বিশ্বাসী আৰু নম্ৰ আৰু ধাৰ্ম্মিকতাৰ নিয়মবোৰ পাহৰি নাযায়, আৰু ন্যায়সঙ্গত তথা দয়াশীলতাৰ চিন্তা কৰে। তেওঁ মহান থাউমাছ আৰু গৌৰৱান্বিত ফৰ্চিছ, চেটো আৰু ইউৰিবিয়াক পাইছিল।[1]

হাইজিনাছৰ মতে ইথাৰ আৰু গেইয়াৰ পৰা: শোক, প্ৰৱঞ্চনা, ক্ৰোধ, বিলাপ, মিছা, শপত, প্ৰতিশোধ, অসহিষ্ণুতা, বিবাদ, পাহৰণি, ভয়, গৌৰৱ, অনাচাৰ, যুঁজ, মহাসাগৰ, থেমিছ, টাৰ্টাৰাছ, প'ণ্টাছ; আৰু টাইটান, ব্ৰিয়াৰিয়াছ, গাইজ, ষ্টেৰোপচ, এটলাস, হাইপাৰিয়ন, আৰু পোলাছ, শনি, অপচ, মনেটা, ডায়নে; আৰু তিনিগৰাকী ফিউৰি – অৰ্থাৎ, এলেক্টো, মেগাৰা আৰু টিচিফোনৰ উৎপত্তি হয়।[2]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 Evelyn-White, Hugh G. Ed. (1914). The Homeric Hymns and Homerica with an English Translation. প্ৰকাশক London: William Heinemann Ltd. 
  2. 2.0 2.1 Hyginus, Fabulae Preface
  3. গ্ৰীকসকলৰ বাবে কৃষ্ণ সাগৰ আছিল হো প'ণ্টছ ইউকজেইনছ, অৰ্তগাৎ "অচিনাকিজনক আদৰণি জনোৱা সাগৰ"
  4. Rengel, Marian (2009). Greek and Roman Mythology A to Z. Infobase Publishing. পৃষ্ঠা. 119. ISBN 9781604134124. 
  5. Morford, Mark P. O. (1999). Classical Mythology. প্ৰকাশক New York: Oxford University Press. পৃষ্ঠা. 98, 103. ISBN 9780195143386. 
  6. Turner, Patricia (2001). Dictionary of Ancient Deities. Oxford University Press. পৃষ্ঠা. 387. ISBN 9780195145045.