সাগৰ বা সমুদ্ৰ (ইংৰাজী: Sea) হ'ল লৱণ যুক্ত পানীৰ পৰস্পৰ সংযুক্ত জলৰাশি, যি পৃথিৱীৰ উপৰিভাগৰ ৭০ শতাংশৰো বেছি অংশ আবৃত কৰি ৰাখিছে। সাগৰে পৃথিৱীৰ জলবায়ুক সহনীয় কৰি ৰাখে আৰু জলচক্ৰ, কাৰ্বন চক্ৰ আৰু নাইট্ৰ'জেন চক্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। প্ৰাচীন কালৰ পৰাই মানুহে সাগৰ পৰিভ্ৰমণ কৰিছে আৰু সাগৰাভিযান চলাই আহিছে। প্ৰায় ১৭৬৮ চনৰ পৰা ১৭৭৯ চনৰ ভিতৰত কেপ্তেইন জেমছ কুকপ্ৰশান্ত মহাসাগৰ অভিযানৰ সময়ৰ পৰাই সাগৰ-সংক্ৰান্ত বিজ্ঞানসম্মত চৰ্চা বা সাগৰবিজ্ঞানৰ আৰম্ভণি ঘটে। "সাগৰ" শব্দটোৰ মাধ্যমে অৱশ্যে বিভিন্ন মহাসাগৰৰ সৰু আৰু আংশিকভাবে ভূ-বেষ্টিত অংশবোৰকো বুজোৱা হয়।

Waves breaking on the shore
উপকূলীয় সাগৰ তৰঙ্গ, পাৰাকাছ ৰাষ্ট্ৰীয় সংৰক্ষিত অঞ্চল, ইকা, পেৰু
Shipping at Singapore Harbour
মানৱজাতিৰ বিকাশ আৰু বাণিজ্যৰ উন্নতিৰ ক্ষেত্ৰত সাগৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। (ওপৰৰ ছবিতে) ছিংগাপুৰপোতাশ্ৰয় (বিশ্বৰ ব্যস্ততম ট্ৰান্সশিপমেণ্ট বন্দৰ আৰু ছিংগাপুৰ প্ৰণালী আৰু মালাক্কা প্ৰণালী মধ্যবৰ্তী নৌপথ।

সাগৰৰ পানীত সৰ্বাধিক পৰিমাণে যি ঘনবস্তু দ্ৰবীভূত অৱস্থাত আছে, সেয়া হ'ল ছডিয়াম ক্লোৰাইড। ইয়াৰোপৰি অন্যান্য অনেক মৌলৰ সৈতে মেগনেছিয়াম, কেলছিয়াম আৰু পটেছিয়ামলৱণ আছে। বহুতো মৌল অতিসূক্ষ্ম কেন্দ্ৰীভূত অৱস্থাত থাকে। সাগৰৰ পানীৰ লৱণাক্ততা সকলোতে সমান নহয়। পৃষ্ঠতল আৰু ডাঙৰ ডাঙৰ নদীৰ মোহনাৰ কাষৰ পানীৰ লৱণক্ততা কম; অন্যদিশে সাগৰৰ গভীৰতৰ অংশৰ লৱণাক্ততা বেছি। যদিও বিভিন্ন মহাসাগৰৰ ভিতৰত দ্ৰবীভূত লৱণৰ আপেক্ষিক অনুপাতৰ পাৰ্থক্য নিচেই কম। সাগৰৰ পৃষ্ঠতলৰ ওপৰেৰে প্ৰবাহিত বায়ুয়ে তৰঙ্গ সৃষ্টি কৰে। সেই তৰঙ্গ সাগৰৰ অগভীৰ স্থানত প্ৰবেশ কৰি ভাঙি যায়। সাগৰৰ উপৰিভাগৰ সৈতে বায়ুৰ ঘৰ্ষণৰ ফলত সাগৰস্ৰোতৰো সৃষ্টি হয়। এই সাগৰস্ৰোতবোৰ ধীৰগতিত অথচ নিয়মিতভাবে মহাসাগৰবোৰৰ ভিতৰত জল প্ৰবাহিত কৰে। মহাদেশবোৰৰ গঠন আৰু পৃথিৱীৰ আবৰ্তন (কোৰিঅ'লিছ প্ৰভাৱ) ইত্যাদি বহুতো কাৰণে এই প্ৰৱাহেৰ অভিমুখ নিয়ন্ত্ৰণ কৰে। বিশ্ব পৰিবহণ বেষ্টণী নামে পৰিচিত গভীৰ-সাগৰস্ৰোতবোৰ মেৰু অঞ্চলৰ পৰা ঠাণ্ডা পানী প্ৰত্যেক মহাসাগৰলৈ বহন কৰি আনে। নিজৰ অক্ষেৰ চাৰিওফালে পৃথিৱীৰ আবৰ্তন, পৃথিৱীৰ চাৰিওফালে পৰিক্ৰমণৰত চন্দ্ৰৰ মাধ্যাকৰ্ষণ বল, সামান্য পৰিমাণে সূৰ্যৰ মাধ্যাকৰ্ষণ বলৰ প্ৰভাৱত সাধাৰণতে দিনে দুবাৰ সাগৰপৃষ্ঠৰ উত্থান আৰু পতন ঘটে। এই ঘটনা জোৱাৰ-ভাটা নামেৰে পৰিচিত। উপসাগৰ আৰু নদীৰ মোহনাত জোৱাৰ-ভাটাৰ মাত্ৰা অত্যন্ত বেছি হয়। মহাসাগৰৰ নিম্নবৰ্তী ভূগৰ্ভত ভূসাংগাঠনিক পাতৰ লৰচৰ কৰাৰ ফলত সাগৰৰ তলিত ঘটা ভূমিকম্পৰ ফলত বিধ্বংসী ছুনামিৰ উদ্ভব ঘটে। অবশ্যে আগ্নেয়গিৰিৰ অগ্ন্যুৎপাত, প্ৰবল ভূমিধ্বস অথবা উল্কাপিণ্ডৰ সংঘাতেও অনেক সময়ত ছুনামিৰ সৃষ্টি হয়।

সাগৰত বিভিন্ন ধৰণৰ বেক্টেৰিয়া, প্ৰ'টিষ্টা, শেলুৱৈ, উদ্ভিদ, ভেঁকুৰ আৰু প্ৰাণীৰ সন্ধান পোৱা গৈছে। এই বাবে সাগৰত এক বৈচিত্ৰ্যময় সামুদ্ৰিক বাসস্থান আৰু বাস্তুতন্ত্ৰ গঢ়ি উঠিছে। এই জাতীয় বাসস্থান আৰু বাস্তুতন্ত্ৰ সাগৰৰ উপৰিভাগৰ সূৰ্যালোকিত জলভাগ আৰু বিষুৱ ৰেখাৰ পৰা উল্লম্বভাবে শীতল আৰু অন্ধকাৰ সাগৰতলস্থ ক্ষেত্ৰৰ পানীৰ উচ্চচাপযুক্ত সুগভীৰ অংশ আৰু উত্তৰ মেৰু অঞ্চলৰ বৰফৰ তলৰ স্থিত শীতল জলৰ পৰা অক্ষৰেখাৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ বৰ্ণবৈচিত্ৰ্যময় প্ৰৱাল প্ৰাচীৰবোৰৰ পৰ্যন্ত প্ৰসাৰিত হৈ আছে। উদ্ভিদ আৰু প্ৰাণীৰ বেছিভাগ প্ৰধান গোষ্ঠীৰ সাগৰতেই বিৱৰ্তন ঘটিছে। জীৱনৰ উৎপত্তিও সম্ভৱতঃ সাগৰতেই ঘটিছিল।

সাগৰে মানৱজাতিক প্ৰচুৰ খাদ্যৰ যোগান ধৰে। ইয়াৰ ভিতৰত মাছেই প্ৰধান। ছেলফিছ, স্তন্যপায়ী প্ৰাণী আৰু সামুদ্ৰিক শেলুৱৈ সাগৰৰ পৰাই পোৱা যায়। এইবোৰ হয় জালুৱৈয়ে জাল পেলাই ধৰে অথবা পানীৰ তলত খেতি কৰা হয়। ইয়াৰোপৰি মানুহে সাগৰক বাণিজ্য, পৰ্যটন, খনিজ উত্তোলন, বিদ্যুৎ উৎপাদন, যুদ্ধ আৰু সাঁতোৰ, প্ৰমোদ ভ্ৰমণ আৰু স্কুবা ডাইভিং ইত্যাদি কাৰ্যতো ব্যৱহাৰ কৰে। এই সকলো কাৰ্যৰ বাবে সাগৰ দূষিত হয়। মানৱ সংস্কৃতিতো সাগৰৰ গুৰুত্ব অসীম। হোমাৰৰ ওডিছি মহাকাব্যৰ যুগৰ পৰা সাহিত্য, সামুদ্ৰিক শিল্পকলা, থিয়েটাৰ আৰু উচ্চাঙ্গ সংগীতত সাগৰৰ উপস্থিতি লক্ষণীয়। পৌৰাণিক সাহিত্যৰ বহুতো ক্ষেত্ৰত সাগৰক প্ৰতীকীভাবে দৈত্য অথবা দেৱতা হিচাবে চিত্ৰিত কৰা হৈছে আৰু অচেতন মন আৰু স্বপ্ন ব্যাখ্যাৰ প্ৰতীক হিচাপেও উপস্থাপিত কৰা হৈছে।

সাগৰসমূহৰ তালিকা সম্পাদনা কৰক

আটলাণ্টিক মহাসাগৰ সম্পাদনা কৰক

 
চিলিৰ কেন্দ্ৰীয় সাগৰতীৰ
 
তুৰস্কভূমধ্য সাগৰত সূৰ্যাস্ত

উত্তৰ মহাসাগৰ সম্পাদনা কৰক

ভাৰত মহাসাগৰ সম্পাদনা কৰক

 
বংগোপসাগৰভাৰতৰ ভাৰতৰ ব্যস্ততম সমুদ্ৰবন্দৰটো বিশাখাপট্টনমত অৱস্থিত

প্ৰশান্ত মহাসাগৰ সম্পাদনা কৰক

দক্ষিণ মহাসাগৰ সম্পাদনা কৰক

ভূমধ্য সাগৰসমূহ সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

উল্লিখিত গ্ৰন্থ সম্পাদনা কৰক

  • Cotterell, Arthur (ed.) (2000). World Mythology. Parragon. ISBN 978-0-7525-3037-6. 
  • Kindersley, Dorling (2011). Illustrated Encyclopedia of the Ocean. Dorling Kindersley. ISBN 978-1-4053-3308-5. 
  • Stow, Dorrik (2004). Encyclopedia of the Oceans. Oxford University Press. ISBN 0-19-860687-7. 

বহিঃসংযোগ সম্পাদনা কৰক