পত্নী (চলচ্চিত্ৰ)

পুলগ গগৈ পৰিচালিত অসমীয়া চলচ্চিত্ৰ

পত্নী (ইংৰাজী: Patni) ২০০৩ চনত মুক্তি পোৱা পুলক গগৈ পৰিচালিত আৰু পি জি ফিল্মছ (পুলক গগৈ ফিল্মছ) প্ৰযোজিত এখন ৰঙীন অসমীয়া ড্ৰামা চলচ্চিত্ৰ। ছবিৰ সংগীত অতুল মেধিৰ। মূল ভুমিকাত অভিনয় কৰিছে জয়ন্ত ভাগৱতী আৰু পাকিজা বেগমেম্যানমাৰৰ কথাশিল্পী জাগিয়াইৰ চুটিগল্প The Wife-ৰ আধাৰত পৰিচালক গগৈয়ে পত্নীৰ চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে।[1]

পত্নী
The Wife
পৰিচালক পুলক গগৈ
চিত্ৰনাট্য পুলক গগৈ
প্ৰযোজক পি জি ফিল্মছ্
অভিনয়ত জয়ন্ত ভাগৱতী
পাকিজা বেগম
সূত্ৰধাৰ প্ৰাঞ্জল শইকীয়া
চিত্ৰগ্ৰহণকাৰী পৰেশ বৰুৱা
সম্পাদনা মানস অধিকাৰী
সংগীত পৰিচালক অতুল মেধী
প্ৰযোজনা
কোম্পানী
মুক্তি
২৪ জানুৱাৰী ২০০৩
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনীৰ সাৰাংশ সম্পাদনা কৰক

কাতিৰামক গাঁৱৰ ৰাইজে এজন ধোদ বুলিয়ে ভাবে। ঘৈণীয়েক মাধনে হাটত শাক-পাচলি বিক্ৰি কৰি ঘৰখনৰ প্ৰয়োজনীয় খা-খৰচ উলিয়ায় আৰু কাতিৰামে ৰন্ধা-বঢ়া, ধোৱা-পখলা আৰু ল’ৰা-ছোৱালীহালৰ চোৱাচিতা কাম কৰে। তাৰোপৰি তেওঁৰ এটা ভাল গুণ আছে, তেওঁ এটা সুৰীয়া কণ্ঠস্বৰৰ অধিকাৰী। তেওঁ যেতিয়া সুৰ লগাই নামঘৰত ঘোষা-পদ গায়, ৰাইজে ৰ লাগি শুনে।[1]

গাঁৱৰ নামঘৰীয়াজন ইতিমধ্যে যথেষ্ঠ বুঢ়া হৈছিল আৰু নামঘৰৰ কামকাজ কৰিব নোৱাৰা হৈ আহিছিল। সেয়েহে ৰাইজে কাতিৰামকে নামঘৰীয়াৰ বাব দিয়াৰ কথা গুণা-গঠা কৰে। তেওঁ কিন্তু ঘৰখন এৰি আহি নামঘৰৰ দায়িত্ব লোৱাৰ ইচ্ছা নকৰে যদিও ডেকা ভকত ধনাইৰ প্ৰৰোচনাত তেওঁ অৱশেষত নামঘৰীয়াৰ বাব লয়। সাংসাৰিক দা-দায়িত্বলৈ পিঠি দি তেওঁ নামঘৰতে থাকিবলৈ লয়। মাজেমাজে যেনিবা ঘৰলৈ মাহ-প্ৰসাদ এমুঠি লৈ গৈ ল’ৰা-ছোৱালীহালৰ খবৰ কৰি আহে। ইতিমধ্যে এদিন নিশা চোৰ এটাই নামঘৰত চুৰ কৰিবলৈ আহি ধৰা পৰে। কাতিৰামৰ বুজনিত চোৰটোৰ শুধৰণি হয়৷ সংসাৰত তাৰ কেওকিছুৱে নাছিল৷ সেয়েহে কাতিৰামে তাক নামঘৰতে নাচনি-পাচনি কৰিবলৈ ৰাখি থলে।[1]

গিৰিয়েকৰ অবৰ্তমানত হাট বেহাবলৈ যোৱা, ৰন্ধা-বঢ়া কৰা, ল’ৰা-ছোৱালী তদাৰক কৰা আদি কামত অকলশৰীয়া মাধনৰ ভীষণ অসুবিধা হয়। কাতিৰামক ঘূৰাই আনিবলৈ মাধনহঁতৰ পেহীয়েক এগৰাকীয়ে মাধনৰ সৈতে যুক্তি হৈ এটা বুদ্ধি পাঙে। কাতিৰামে নিজৰ ভুল উপলব্ধি কৰিবলৈ সক্ষম হয় আৰু নামঘৰৰ কাম-কাজৰ দায়িত্ব চোৰ-ভকতটোৰ হাতত অৰ্পণ কৰি নিজৰ ঘৰখনলৈ প্ৰত্যাৱৰ্তন কৰে।[1]

অভিনয় শিল্পী সম্পাদনা কৰক

সংগীত সম্পাদনা কৰক

সংগীত পৰিচালনা অতুল মেধিৰ। সংগীত ব্যৱস্থাপনা কৰিছে ৰূপম তালুকদাৰে। কেশৱ মহন্তই ৰচনা কৰা দুটা গীতৰ উপৰিও ছবিখনত একাধিক লোকগীত আৰু ঘোষা-পদ অন্তৰ্ভূক্ত কৰা হৈছে। শান্তা উজীৰ, কৃষ্ণমণি নাথ, চাজু, খগেন গগৈ, নিৰঞ্জন কলিতা, দিলীপ ফুকন, মধুস্মিতা ভট্টাচাৰ্য আৰু গুণীন ওজাই।[1]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "ফু মাৰি নিদিবা গালৈ ঘূৰি আহে"  কেশৱ মহন্ত   
2. "তোকে মোকে একেগছি জৰীৰে[2]"  কেশৱ মহন্ত   

তথ্যউৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক

ইউটিউৱত পত্নী ছবি