পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদ

ভাৰতীয় ইতিহাসবিদ

পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদ (১৮৬৮-১৯৩৮)[1] এজন ভাৰতীয় ইতিহাসবিদ৷ তেওঁৰ জন্ম চিলেটত (এতিয়াৰ বাংলাদেশত)৷ তেওঁ ঘাইকৈ প্ৰাচীন কামৰূপৰ বিষয়ে গৱেষণা কৰিছিল৷ তেওঁ অসমৰ এজন আগশাৰীৰ সংস্কৃত পণ্ডিত হোৱাৰ লগতে কামৰূপ অনুসন্ধান সমিতিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল৷ তেওঁ কটন কলেজত অধ্যাপনা কৰিছিল৷ তেওঁৰ উল্লেখযোগ্য কৰ্মৰাজিসমূহ হ’ল কামৰূপ শাসনাৱলী,[2] ৰামকৃষ্ণ-বিবেকানন্দ প্ৰসংগ, Mr. Gait's History of Assam: A Critical Study, আৰু ভাৰতীয় পুৰাতত্ব বিভাগৰ জাৰ্ণাল Epigraphia Indica দ্বাদশ খণ্ডত গৱেষণাপত্ৰ৷[3] গেইটে লিপিবদ্ধ কৰা অসমৰ ঐতিহাসিক ঘটনাৱলী আৰু সেইবোৰৰ অৰ্থ সম্পৰ্কে বিদ্যাবিনোদ অসন্তুষ্ট আছিল আৰু তীব্ৰ সমালোচনা কৰিছিল।[1] তেওঁ নিয়মীয়াকৈ কামৰূপৰ শিলালিপি আৰু ফলিসমূহৰ আৱিষ্কাৰ আৰু পাঠোদ্ধাৰৰ কামত অংশ লৈছিল৷

পণ্ডিত পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদ
জন্ম পদ্মনাথ ভট্টাচাৰ্য
জানুৱাৰী, ১৮৬৮
চিলেট
মৃত্যু ১৯৩৮ (বয়স ৬৯–৭০)
ছদ্মনাম বিদ্যাবিনোদ
পেচা ইতিহাসবিদ
বিষয় প্ৰাচীন ইতিহাস
উল্লেখনীয় কৰ্মৰাজি কামৰূপ শাসনাৱলী, Mr. Gait's History of Assam: A Critical Study

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 Sabyasachi Bhattacharya (2011), Approaches to History: Essays in Indian Historiography, Page 229
  2. Siba Pada Sen (1980), Sources of the history of India - Volume 3, Page 27
  3. Kanak Lal Barua (1966), Early history of Kāmarupa, Page 32