পদ্মাৱতী (দেৱী)
পদ্মাৱতী (তেলেগু: పద్మావతి, সংস্কৃত: पद्मावती) বা আলামেলুমাংগা[1][2] এগৰাকী হিন্দু দেৱী আৰু ভগৱান বিষ্ণুৰ ৰূপ ভেংকটেশ্বৰৰ সংগী৷ তেওঁক স্থানীয় এজন ৰজাৰ জীয়ৰী আৰু দেৱী লক্ষ্মী আৰু ভূমিৰ অৱতাৰ বুলি কোৱা হয়৷[1][3] সংস্কৃতত পদ্মাৱতীৰ অৰ্থ “পদুম ফুলৰ পৰা ওলোৱা’’৷
পদ্মাৱতী | |
---|---|
অন্য নাম | আলামেলু মাংগা |
সম্পৰ্ক | লক্ষ্মী, ভূমি |
প্ৰাণী | হাতী |
সঙ্গী | ভেংকটেশ্বৰ |
পিতৃ-মাতৃ | আকাশ ৰজা, ধৰণী দেৱী |
আসন/বাহন | গুলপীয়া পদ্ম |
পদ্মাৱতীৰ সকলোতকৈ প্ৰখ্যাত মন্দিৰ তিৰুপতি নগৰৰ উপকণ্ঠ তিৰুচানুৰত অৱস্থিত পদ্মাৱতী আম্মাৱৰী মন্দিৰ৷ পৰম্পৰা অনুসৰি বিষ্ণুৰ তিৰুমালা ভেংকটেশ্বৰ মন্দিৰলৈ যোৱা প্ৰতিগৰাকী ভক্তই পদ্মাৱতী মন্দিৰ দৰ্শন কৰি যাবই লাগিব৷
নামৰ উৎপত্তি
সম্পাদনা কৰকপদ্মৱতী নামটো সংস্কৃত ভাষাৰ পৰা আহিছে যাৰ অৰ্থ “পদুম ফুলৰ পৰা উদ্ভুত’’৷ তেওঁক তেলুগুত আলামেলুমাংগা[4] আৰু তামিলত আলাৰমেলমাংগাই বোলা হয়৷ ইয়াত আলাৰ মানে পদুম আৰু মেল মানে ওপৰত; মাংগাই শব্দৰ অৰ্থ “নাৰী’’৷
কিংবদন্তি
সম্পাদনা কৰকপ্ৰবাদ অনুসৰি ঋষি ভৃগুৱে পৰম ঈশ্বৰৰ সন্ধানত ত্ৰিভুৱন ঘূৰোঁতে ব্ৰহ্মা আৰু শিৱৰ উদাসীনতাত ক্ষুণ্ণ হয়৷ শেষত তেওঁ বৈকুণ্ঠ গৈ বিষ্ণুৰ ওচৰ পায়৷ বিষ্ণুৱে হাঁহিমুখেৰে ধ্যান কৰি আছিল আৰু তেওঁৰ পত্নী লক্ষ্মীয়ে আলপৈচান ধৰি আছিল৷ খঙত থকা ভৃগুৱে বিষ্ণুৰ বুকুতে গোৰ সোধায় আৰু এই কাৰ্যত লক্ষ্মীৰ খং উঠে৷ কিন্তু বিষ্ণুৱে শান্তভাবে ভৃগুৰ পৰা ক্ষমা বিচাৰে আৰু ভৃগুৰ ভৰি পিটিকি তেওঁৰ খং দমন কৰে৷
এই ঘটনাত লক্ষ্মী হতাশ হৈ বৈকুণ্ঠ ত্যাগ কৰে আৰু কোলহাপুৰত থাকিবলৈ লয় (কোলহাপুৰৰ শ্ৰী মহালক্ষ্মী অম্বাবাই মন্দিৰ)৷ তেতিয়া বিষ্ণুৱে ভেংকটেশ্বৰৰ ৰূপ ধাৰণ কৰি তিৰুমালা পাহাৰলৈ আহে আৰু লক্ষ্মীৰ ধ্যান আৰম্ভ কৰে৷ ইতিমধ্যে লক্ষ্মীয়ে আকাশ ৰজাৰ জীয়ৰী পদ্মাৱতী হিচাপে অৱতাৰ গ্ৰহণ কৰে৷ এবাৰ ভেংকটেশ্বৰে পদ্মাৱতীক মদমত্ত হাতী এটাৰ পৰা বচাই তেওঁৰ প্ৰেমত পৰে। ভেংকটেশ্বৰে কুবেৰ দেৱতাৰ পৰা কিছু ধন বিচাৰে আৰু কলি যুগৰ শেষত সেয়া ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। ভেংকেটেশ্বৰে তাৰ পাছত পদ্মাৱতীক বিয়া কৰাই নিজে তিৰুমালাত আৰু পদ্মাৱতীয়ে তিৰুচানুৰত বিগ্ৰহৰ ৰূপ লয়।[উদ্ধৃতিৰ প্ৰয়োজন]
উল্লেখনীয় ভক্তিমালা
সম্পাদনা কৰকলক্ষ্মী আৰু তেওঁৰ ৰূপ ভূমিৰ অৱতাৰ হিচাপে পূজিত পদ্মাৱতী হিন্দু ধৰ্মৰ এগৰাকী অন্যতম দেৱী৷ref name="Dalal" /> বিশ্বাস কৰা হয় যে বিষ্ণুৰ কৃপা পাবৰ বাবে পদ্মাৱতীৰ উপাসনা কৰাটো অপৰিহাৰ্য৷ বিষ্ণুৰ দৰে লক্ষ্মীও সৰ্বত্ৰ বিৰাজমান, অসীম আৰু মোক্ষ দিওঁতা৷ তামিল বৈষ্ণৱ ঋষি নম্মালৱাৰৰ থিৰুভয়ম’ঝি গ্ৰন্থত কোৱা হৈছে- agalakillEn iRaiyum enRu * alarmEl mangkai uRai mArbA! অৰ্থাৎ “দেৱী লক্ষ্মী আপোনাৰ (ভেংকটেশ্বৰৰ) হৃদয়ৰ পৰা নাযায়, সদায় আপোনাৰ (তেওঁৰ) লগতে থাকিব৷’’[5]
কবি অন্নমাচাৰ্য পদ্মাৱতীৰ এজন দৃঢ় ভক্ত আছিল৷ তেওঁৰ অধিক সংখ্যক কীৰ্তনেই দেৱীৰ বিষয়ে লিখা৷ অন্নমাচাৰ্যৰ বহু বিখ্যাত আৰু জনপ্ৰিয় পদে দেৱীৰ অনুগ্ৰহ আৰু দয়াশীলতা বৰ্ণনা কৰিছে৷
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 Dalal, Roshen (2010). Hinduism: An Alphabetical Guide. New Delhi: Penguin Books India. p. 291. ISBN 978-0-14-341421-6.
- ↑ South India handbook: the travel guide by Robert Bradnock, Roma Bradnock.
- ↑ Pattanaik, D. (1999). Vishnu: an introduction. প্ৰকাশক Mumbai: Vakils, Feffer and Simons. পৃষ্ঠা. 69.
- ↑ Madhavan, A. D. (25 January 2011). Google book-Core of Karnatic Music, meaning of alamelu in Telugu. ISBN 9789381699003. https://books.google.com/books?id=Ce6vDQAAQBAJ&q=alamelu+meaning+in+telugu&pg=RA3-PA155.
- ↑ "thiruvAymozhi 6-10 - ulagamuNda". http://acharya.org/bk/eb/DP4000/ktvm/kOvil-thiruvAymozhi-base-eng.pdf.