পন্নালাল নানালাল পেটেল (ইংৰাজী: Pannalal Nanalal Patel; জন্ম:৭ মে’ ১৯১২ - মৃত্যু: ৬ এপ্ৰিল ১৯৮৯) এগৰাকী ভাৰতীয় গুজৰাটী লেখক। গুজৰাটী সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ বিশেষ ভাৱে পৰিচিত। তেওঁ ‘সুখদুখনা সাথী’ ( ১৯৪০ ) , ‘Vatrakne Kanthe’ ( ১৯৫২ ) আদিকে ধৰি ২০ খনতকৈও অধিক গল্প সংকলন ৰচনা কৰিছে আৰু ‘মালেলা জীৱ’ ( ১৯৪১ ), ‘মানৱীনী ভৱাই’ ( ১৯৪৭ ), ‘ভংয়ানা ভেৰু’( ১৯৫৭ ) আদি কৰি প্ৰায় ২০ খনতকৈ বেছি সামাজিক তথা পৌৰাণিক উপন্যাস লিখিছে। সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৮৫ চনত তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিল। তেওঁৰ লেখা বিভিন্ন ভাৰতীয় ভাষালৈ অনুবাদ হোৱাই নহয়; তেওঁৰ গল্প-উপন্যাসৰ আধাৰত মঞ্চনাট আৰু চলচ্চিত্ৰ ৰূপায়নো হৈছে। [2]

পন্নালাল নানালাল পেটেল
জন্ম ৭ মে', ১৯১২
মান্দলি গাঁও ব্ৰিটিছ ভাৰত, (বৰ্তমান দুংগৰপুৰ, ৰাজস্থান)
মৃত্যু ৬ এপ্ৰিল, ১৯৮৯ (৭৬ বছৰ)
আহমেদাবাদ, গুজৰাট, ভাৰত
পেচা ঔপন্যাসিক, গল্পকাৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি
  • মালেলা জীৱ (১৯৪১)
  • মানৱীনী ভৱাই (১৯৪৭)
উল্লেখযোগ্য বঁটা ৰঞ্জিতৰাম সুৱৰ্ণ চন্দ্ৰক (১৯৫০),
জ্ঞানপীঠ বঁটা (১৯৮৫),
সাহিত্য গৌৰৱ পুৰস্কাৰ (১৯৮৬)
দাম্পত্যসংগী ভালিবেন[1]

জীৱন সম্পাদনা কৰক

“জীৱনটো মোৰ বাবে নিজা লেলাৱতিৰে নিজৰ জাল সৃষ্টি কৰা মকৰাটোৰ দৰে। নিজে তৈয়াৰী জালৰ মাজেৰে মকৰা এটাৰ জীৱন যেনেদৰে আগবাঢ়ে, তেনেদৰে ময়ো এই পৃথিৱীত চলিবৰ বাবে, শিকা আৰু সলনি কৰাৰ মাজেৰে, নিজা পথ বিচাৰি লৈছোঁ। জীৱনৰ বিষয়ে মই যি জানো, সেয়া মই মোৰ অভিজ্ঞতাৰ পৰা শিকিছোঁ।”

― পন্নালাল পেটেল[3]

১৯১২ চনৰ ৭ মে’ তাৰিখে, বৰ্তমান ৰাজস্থানৰ দুংগৰপুৰত অৱস্থিত মান্দলি গাঁৱত পন্নালালৰ জন্ম হৈছিল। তেওঁ দেউতাক নানাচা এ কে এ নানালাল আৰু মাক হীৰাবা, অঞ্জনা চৌধুৰীৰ বংশৰ লোক আছিল। পৰিয়ালৰ চাৰিটি ভাই-ভণীৰ ভিতৰত পন্নালাল আটাইতকৈ সৰু আছিল।[1] দেউতাক আছিল এগৰাকী কৃষক।[4] দেউতাকে গাঁওবাসীক প্ৰায়ে ৰামায়ণ, উষাহৰণ আদি পৌৰাণিক কাহিনীবোৰ গাই শুনাইছিল, যাৰ বাবে মানুহে তেওঁলোকৰ ঘৰখনক ‘শিক্ষাৰ বাসস্থান’ বুলিছিল। পন্নালাল সৰু থাকোঁতেই তেওঁৰ দেউতাক ঢুকায় আৰু মাকে ল’ৰা-ছোৱালীকেইটা তুলি-তালি ডাঙৰ-দীঘল কৰে।

দৰিদ্ৰতাৰ বাবে পন্নালালৰ পঢ়া-শুনা বাধাগ্ৰস্ত হৈছিল। গুজৰাটৰ ছাৰ প্ৰতাপ হাইস্কুলত তেওঁ মাত্ৰ চতুৰ্থ শ্ৰেণীলৈহে পঢ়িছিল। স্কুলত পঢ়ি থকা সেই সময়খিনিতে সহপাঠী উমাশংকৰ যোশীৰ সৈতে তেওঁৰ বন্ধুত্ব হৈছিল।[3]অলপ দিনৰ বাবে তেওঁ দুংগৰপুৰৰ এটি সুৰা নিৰ্মাণ কোম্পানীত মেনেজাৰ ৰূপে কাম কৰিছিল। গুজৰাটৰ আহমেদাবাদত ঘৰুৱা সহায়ক ৰূপে কাম কৰি থাকোঁতে তেওঁ তেওঁৰ জীৱনৰ প্ৰথমখন উপন্যাস লিখিছিল।[5]

১৯৩৬ চনত ঘটনাক্ৰমে তেওঁ তেওঁৰ পুৰণি বন্ধু উমাশংকৰ যোশীক লগ পায় আৰু যোশীয়ে তেওঁক লিখিবলৈ উৎসাহিত কৰে। যোশীৰ প্ৰেৰণাত পন্নালালে তেওঁৰ জীৱনৰ প্ৰথমখন গল্প-সংকলন Sheth Ni Sharda ( ১৯৩৬ ) লিখি উলিয়ায়। পিছত, বহুকেইখন গুজৰাটী আলোচনীত তেওঁৰ গল্প প্ৰকাশ হৈছিল।[6] ১৯৪০ চনত তেওঁ প্ৰথমখন উপন্যাস ভাল’মন’ৰ বাবে স্বীকৃতি লাভ কৰে। লাহেকৈ তেওঁৰ অন্যান্য উপন্যাস মালেলা জীৱ ( ১৯৪১ ), মানৱীনী ভৱাই ( ১৯৪৭ )আদিয়েও সমাদৰ লাভ কৰে। ১৯৭১ চনত তেওঁ তেওঁৰ পুত্ৰদ্বয়ৰ সৈতে লগ-লাগি আহমেদাবাদতসাধনা’ নামে এটি প্ৰকাশন প্ৰতিষ্ঠান স্থাপন কৰে। [3]পৰৱৰ্তী বছৰবোৰত, তেওঁ বেছিভাগ উপন্যাসেই হিন্দু পৌৰাণিক কাহিনী আৰু মহাকাব্যক ভিত্তি কৰি লিখিছিল।[5][7]

মগজুৰ ৰক্তক্ষৰণ হৈ, ১৯৮৯ চনৰ ৬ এপ্ৰিল তাৰিখে আহমেদাবাদত তেওঁৰ মৃত্যু হয়।[5]

সৃষ্টি সম্পাদনা কৰক

তেওঁ ৬১খন উপন্যাস, ২৬খন চুটি গল্প সংকলন আৰু আন বহুতো ৰচনা লিখিছিল।[8] পেটেলে তেওঁৰ ৰচনাসমূহৰ বেছিভাগ উত্তৰ গুজৰাটৰ চাবৰকান্থা জিলাৰ স্থানীয় ভাষাত লিখিছিল।[4]

প্ৰেম, তেওঁৰ অধিকাংশ উপন্যাসৰে মূল বিষয়বস্তু। তেওঁৰ ৰচনাৰ মাজেৰে গুজৰাটৰ গ্ৰাম্য জীৱন চিত্ৰিত হৈছে।[2] তেওঁৰ উপন্যাসসমূহ ঘাইকৈ গাওঁখন, ইয়াৰ মানুহ, তেওঁলোকৰ জীৱন, আশা-আকাংক্ষা, সমস্যা আৰু দুৰ্দশাক কেন্দ্ৰ কৰি ৰচিত হৈছে। দুটা ভিন্ন সম্প্ৰদায়ত জন্মগ্ৰহণ কৰা কাঞ্জি আৰু জীৱীৰ মাজৰ অসম্পূৰ্ণ প্ৰেম কাহিনীক বিষয়-বস্তু ৰূপে লৈ পেটেলে তেওঁৰ অন্যতম শ্ৰেষ্ঠ উপন্যাস মালেলা জীৱ(১৯৪১) ৰচনা কৰিছে।[3][9] তেওঁৰ উপন্যাস মানৱীনী ভৱাইক (১৯৪৭) ১৯০০ দশকৰ আৰম্ভণিৰ গুজৰাটৰ গ্ৰাম্য জীৱন আৰু গ্ৰাম্য জীৱনৰ অন্বেষণৰ শক্তিশালী চিত্ৰায়ন ৰূপে গণ্য কৰা হয়।[10][11]

গল্প আৰু উপন্যাসৰ উপৰিও পন্নালালে সফলতাৰে শিশু-সাহিত্যও ৰচনা কৰিছে।

আলাপজালাপ’ (১৯৭৩) হৈছে তেওঁৰ আত্মজীৱনীমূলক ৰচনা, য’ত তেওঁৰ শৈশৱ আৰু কৈশোৰ চিত্ৰিত হৈছে। পান্নালালনী শ্ৰেষ্ঠ বৰ্তাও (১৯৫৮), পান্নালালনো বৰ্তভাইভম (১৯৬৩), বিনেলি নাভালিকাও (১৯৭৩), পূৰ্ণায়োগনু আচামন (১৯৭৮), লোকগুঞ্জন (১৯৮৪) আদি তেওঁৰ সম্পাদিত আৰু নিৰ্বাচিত সংগ্ৰহ। তেওঁৰ অন্যান্য ৰচনাসমূহ হৈছে; ‘অলকমালাক’ (১৯৮৬) আৰু ‘সৰজন্নী সুৱৰ্ণ স্মৰণিকা’ (১৯৮৬)।

অনুবাদ আৰু অভিযোজন সম্পাদনা কৰক

‘মালেলা জীৱ’ পাঞ্জাৱী, কানাড়া আদি কেইবাটাও ভাৰতীয় ভাষালৈ[12] অনুবাদ কৰা হৈছে। উপন্যাসখন ‘কালাছিনা জীৱীতালু’ নামেৰে ভেমুৰি অঞ্জনেয়া শৰ্মাই তেলেগু ভাষালৈ অনুবাদ কৰিছে। ৰাজেশ আই পেটেলে ২০১১ চনত, ইয়াক ‘দ্য ইউনাইটেড চ’লছ’ শীৰ্ষকেৰে ইংৰাজীলৈ অনুবাদ কৰিছিল।[3] সাহিত্য অকাডেমীৰ দ্বাৰা প্ৰকাশিত ‘মানৱীনী ভৱাই’ ভি ৱাই কণ্টকৰ দ্বাৰা ‘এণ্ডুৰেঞ্চ: এ ড্ৰোল চাগা’ ( ১৯৯৫ ) ৰূপে ইংৰাজীলৈ অনুবাদ কৰা হৈছে।[11]

তেওঁৰ উপন্যাস ‘মালেলা জীৱ’, ‘মানৱীনী ভৱাই’ আৰু চুটি গল্প ‘কংকু’ৰ চলচ্চিত্ৰ ৰূপায়ণ হৈছে।[2] ‘মালেলা জীৱ’ৰ আধাৰত কেইবাখনো চলচ্চিত্ৰ আৰু নাটক নিৰ্মিত হৈছে। এন আৰ আচাৰ্যৰ দ্বাৰা পৰিচালিত ‘উল’ঝন’— উপন্যাসখনৰ প্ৰথম গুজৰাটী চলচ্চিত্ৰ অভিযোজন আছিল।[6] ‘মালেলা জীৱ’ ( ১৯৫৬ ) মনহৰ ৰস্কাপুৰৰ দ্বাৰা পৰিচালিত এখন গুজৰাটী চলচ্চিত্ৰ; আনহাতে ‘কংকু’ ( ১৯৬৯ ) পৰিচালনা কৰিছিল কান্তিলাল ৰাথোড়ে। দুয়োখন চলচ্চিত্ৰৰ চিত্ৰনাট্য পেটেলে নিজেই ৰচনা কৰিছিল।[13] ১৯৯৬ চনৰ ভাৰতীয় কানাড়া চলচ্চিত্ৰ ‘জানুমাদা জৌড়ী’ ‘মালেলা জীৱ’ৰ ওপৰত আধাৰিত[14]। নিমেশ দেশাই পৰিচালিত এখন মঞ্চনাট ৰূপেও গুজৰাটী ভাষাত ‘মালেলা জীৱ’ পৰিৱেশিত হৈছে।

স্বীকৃতি সম্পাদনা কৰক

পেটেলে ১৯৫০ চনত ৰঞ্জিতৰাম সুৱৰ্ণ চন্দ্ৰক আৰু ১৯৮৫ চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল। উমাশংকৰ যোশী ( ১৯৬৭ চন )ৰ পিছতে গুজৰাটী ভাষাত জ্ঞানপীঠ বঁটা লাভ কৰা পেটেল দ্বিতীয় গৰাকী লেখক আছিল।[5] ১৯৮৬ চনত তেওঁ সাহিত্য গৌৰৱ পুৰস্কাৰ লাভ কৰে। [15]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "પન્નાલાલ પટેલની જીવન ઝરમર" (gu ভাষাত). divyabhaskar. 11 February 2012. http://www.divyabhaskar.co.in/news/UGUJ-know-about-gujarati-author-pannalal-patel-2846963.html। আহৰণ কৰা হৈছে: 7 December 2016. 
  2. 2.0 2.1 2.2 Nalini Natarajan; Emmanuel Sampath Nelson (1996). Handbook of Twentieth-century Literatures of India. Greenwood Publishing Group. পৃষ্ঠা. 117. ISBN 978-0-313-28778-7. https://books.google.com/books?id=1lTnv6o-d_oC&pg=PA117। আহৰণ কৰা হৈছে: 6 December 2016. 
  3. 3.0 3.1 3.2 3.3 3.4 Rajesh I. Patel (2011). "Translation of Pannalal Patel's "Malela Jiv" from Gujarati into English with critical introduction". Saurashtra University. http://shodhganga.inflibnet.ac.in/bitstream/10603/3222/7/07_chapter%201.pdf। আহৰণ কৰা হৈছে: 7 December 2016. 
  4. 4.0 4.1 Pannalal Nanalal Patel (1995). Manavini Bhavai (English translation). প্ৰকাশক New Delhi: Sahitya Akademi. পৃষ্ঠা. 5. ISBN 978-81-7201-899-3. https://books.google.com/books?id=GbCrilYTGZEC&pg=PR5। আহৰণ কৰা হৈছে: 6 December 2016. 
  5. 5.0 5.1 5.2 5.3 "પન્નાલાલ પટેલ, ગુજરાતી સાહિત્ય પરિષદ" (gu ভাষাত). Pannalal Patel, Gujarati Sahitya Parishad. http://www.gujaratisahityaparishad.com/prakashan/photo-gallery/sahitya-sarjako/Pannalal-Patel.html। আহৰণ কৰা হৈছে: 6 December 2016. 
  6. 6.0 6.1 Dodia, Sanjay (August–September 2012). "'મળેલા જીવ' નવલકથામાં ગ્રામચેતના" (gu ভাষাত). Journal of Humanity (Knowledge Consortium of Gujarat, Department of Higher Education, Government of Gujarat) খণ্ড 1 (3). ISSN 2279-0233. Archived from the original on 26 December 2018. https://web.archive.org/web/20181226071957/http://www.kcgjournal.org/humanity/issue3/sanjay.php%20। আহৰণ কৰা হৈছে: 8 December 2016. 
  7. K. M. George (1992). Modern Indian Literature, an Anthology: Surveys and poems. প্ৰকাশক New Delhi: Sahitya Akademi. পৃষ্ঠা. 136. ISBN 978-81-7201-324-0. https://books.google.com/books?id=m1R2Pa3f7r0C&pg=PA136। আহৰণ কৰা হৈছে: 6 December 2016. 
  8. Pratibha India. A. Sitesh. 1989. https://books.google.com/books?id=SyBaAAAAMAAJ. 
  9. Indian and Foreign Review. Publications Division of the Ministry of Information and Broadcasting, Government of India. 1985. https://books.google.com/books?id=4FVDAAAAYAAJ. 
  10. Jayanta Mahapatra (1 January 1996). Verticals of Life: Selected Poems of Sachi Raut-Roy. Sahitya Akademi. পৃষ্ঠা. 170. ISBN 978-81-260-0138-5. https://books.google.com/books?id=4Szcvh6bWAkC&pg=PA170. 
  11. 11.0 11.1 Juris Dilevko; Keren Dali; Glenda Garbutt (2011). Contemporary World Fiction: A Guide to Literature in Translation. ABC-CLIO. পৃষ্ঠা. 137–. ISBN 978-1-59158-353-0. https://books.google.com/books?id=mlyfDz4pPd4C&pg=PA137. 
  12. S. C. R. Weightman (1996). Traveller's literary companion to the Indian sub-continent. Print Publ. Ltd. পৃষ্ঠা. 209. ISBN 978-1-873047-30-9. https://books.google.com/books?id=lEgOAQAAMAAJ. 
  13. Ashish Rajadhyaksha; Paul Willemen (10 July 2014). Encyclopedia of Indian Cinema. Routledge. পৃষ্ঠা. 347. ISBN 978-1-135-94318-9. https://books.google.com/books?id=SLkABAAAQBAJ&pg=PT8. 
  14. "Biopic on former Karnataka CM Devaraj Urs soon". Deccan Herald. 7 December 2016. http://www.deccanherald.com/content/550095/biopic-former-karnataka-cm-devaraj.html। আহৰণ কৰা হৈছে: 7 December 2016. 
  15. gujjubhai (10 September 2012). "Malela Jeev Gujarati Natak". GujjuBhai. http://www.gujjubhai.in/malela-jeev-gujarati-natak/। আহৰণ কৰা হৈছে: 8 December 2016.