পল্টন বজাৰ

(পল্টনবজাৰৰ পৰা পুনঃনিৰ্দেশিত)

পল্টন বজাৰ (ইংৰাজী: Paltan Bazaar)[1][2] হৈছে অসমৰ গুৱাহাটীত অৱস্থিত এক বসতিস্থল। ইয়াৰ চৌপাশে পাণ বজাৰ, উলুবাৰী, ৰিহাবাৰী, ফাঁচী বজাৰ অৱস্থিত। পল্টন বজাৰ গুৱাহাটীৰ অন্যতম গুৰুত্বপূৰ্ণ স্থান। যাতায়াত-যোগাযোগ, ব্যৱসায়-বাণিজ্য, হোটেল আদিকে ধৰি আন বহুতো সেৱাৰেই পল্টন বজাৰ হৈছে কেন্দ্ৰস্থল। গুৱাহাটী ৰেল ষ্টেচন, অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, বহুতো ব্যক্তিগত বাছ-বাহনসেৱাৰ মূল কেন্দ্ৰস্থল হৈছে পল্টন বজাৰ।[3] উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ পৰম্পৰাগত সাজসজ্জা পল্টন বজাৰত উপলব্ধ।

পল্টন বজাৰ
—  বসতি  —
ASTC multi level parking at Paltanbazar, Guwahati.jpgঅসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থান, পল্টন বজাৰ, গুৱাহাটীৰ এক উল্লেখযোগ্য স্থান
দেশ  ভাৰত
ৰাজ্য অসম
জিলা গুৱাহাটী
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
PIN ৭৮১০০১
যানবাহনৰ নম্বৰ AS

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Saikh Md Sabah Al-Ahmed (11 July 2009). "Whats in a name". The Assam Tribune (Guwahati). Archived from the original on 22 February 2011. https://web.archive.org/web/20110222213058/http://www.assamtribune.com/jul1109/horizon.html। আহৰণ কৰা হৈছে: 14 June 2012. 
  2. "Floral tributes being paid to the martyrs of the Assam agitation on the occasion of Martyrs’ Day, organised at Swahid Park, Paltan Bazar in Guwahati on". The Assam Tribune (Guwahati). 11 December 2011. Archived from the original on 8 January 2012. https://web.archive.org/web/20120108091152/http://www.assamtribune.com/scripts/detailsnew.asp?id=dec1111। আহৰণ কৰা হৈছে: 14 June 2012. 
  3. "Paltan Bazar of 'Guwahati'". India Food Guide. Archived from the original on 2013-06-29. https://archive.is/20130629121111/http://www.indiafoodguide.com/guwahati/paltan_bazar.html। আহৰণ কৰা হৈছে: 3 June 2018.