পাৰ চৰাই
পাৰ চৰাই (ইংৰাজী: Pigeon) পৃথিৱীৰ প্ৰায় সকলো অঞ্চলতে পোৱা এবিধ মজলীয়া আকাৰৰ চৰাই। পাৰই সহজে পোহ মানে আৰু মানুহৰ লগত থাকি ভাল পায়। ই মানুহৰ পোহ মনা প্ৰথম চৰাই। খ্ৰীষ্টপূৰ্ব তিনি হাজাৰমান বছৰৰ আগতেই ইজিপ্টিত পাৰ পোহাৰ প্ৰমাণ পোৱা গৈছে।
পাৰ | |
---|---|
![]() | |
পোহনীয়া পাৰ | |
সংৰক্ষণ স্থিতি | |
পোহনীয়া
| |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Columbiformes |
পৰিয়াল: | Columbidae |
গণ: | Columba |
প্ৰজাতি: | C. livia |
উপপ্ৰজাতি: | C. l. domestica |
ত্ৰিপদ নাম | |
Columba livia domestica Gmelin, 1789[1] | |
সমাৰ্থক | |
Columba livia rustica |
বিৱৰণসম্পাদনা কৰক
একোটা পাৰৰ দৈৰ্ঘ্য ১৫ চেণ্টিমিটাৰৰ পৰা ৮০ চেণ্টিমিটাৰ পৰ্যন্ত হয়। পৃথিৱীত প্ৰায় ৩০০ প্ৰকাৰৰ পাৰ পোৱা যায়। তাৰ আটাইতকৈ ডাঙৰবিধৰ ওজন চাৰি কিলোগ্ৰামলৈকে হ'ব পাৰে।
পাৰৰ শৰীৰটো সুগঢ়িত। ঠেংদুটা, মূৰ আৰু ঠোঁট সৰু। সাধাৰণতে ঠোঁটৰ ৰং ক'লা আৰু ওপৰৰ ঠোঁটটো সামান্য বেঁকা। পাৰৰ বৰণ বগা, মুগা, ক'লা বা ছাই ৰঙৰ হয়। কিছুমান প্ৰজাতি অৱশ্যে উজ্জ্বল বৰণৰো হয়।
বিতৰণসম্পাদনা কৰক
পৃথিৱীৰ অতি ঠাণ্ডা অঞ্চলসমূহৰ বাহিৰে সকলো ঠাইতে পাৰ আছে।
আচৰণসম্পাদনা কৰক
খাদ্যসম্পাদনা কৰক
ইহঁতে সাধাৰণতে শস্যৰ গুটি, পোক-পতংগ আদি খায়। কিছুমান পাৰৰ গলধনত খোৱাবস্তু জমা ৰাখিব পৰাকৈ এটা টোঁটোলা থাকে।
প্ৰজননসম্পাদনা কৰক
পাৰই এবাৰত দুটালৈকে কণী পাৰে। মতা-মাইকী দুয়োটাই পাল পাতি কণী উমনি দিয়ে আৰু সাধাৰণতে ১২-১৯ দিনৰ ভিতৰত কণী ফুটি পোৱালি জগে। কণী ফুটি পোৱালি ওলোৱাৰ পাচত মাক আৰু বাপেক উভয়ে, ঠোঁটত ঠোঁট লগাই সিহঁতৰ মুখৰ টোঁটোলাৰ ভিতৰত সৃষ্টি হোৱা এক ক্ৰীমৰ দৰে 'গাখীৰ' খুৱায়। অৱশ্যে কিছু ডাঙৰ হোৱাৰ পাচত তাৰ লগত, আধা হজম হোৱা খাদ্যও মিহলাই দিয়ে।
পৰিব্ৰজনসম্পাদনা কৰক
পাৰৰ কিছুমান প্ৰজাতিয়ে পৰিব্ৰজন কৰে। দেহৰ আকৃতি অনুসৰি পাৰৰ ডেউকাদুখন বেছ ডাঙৰ আৰু শক্তিশালী। ইয়াৰ ফলত পাৰই বেগাই আৰু বহুদূৰলৈ উৰিব পাৰে। পাৰৰ উৰণবেগ ঘণ্টাত ৮০-৯৬ কিলোমিটাৰ পৰ্যন্ত হয়।
মানুহৰ সৈতে সম্পৰ্কসম্পাদনা কৰক
প্ৰায় সকলো পাৰই পোহ মানে আৰু গৃহপালিত চৰাইৰূপে মানুহৰ আশ্ৰয়ত ঘৰৰ চিলিং বা নিৰ্দিষ্টকৈ সাজি দি বাহ বা গৰাল আদিত বাস কৰে। ঘৰুৱা পাৰৰ বাহিৰে আনবোৰ পাৰ সাধাৰণতে গছৰ আশ্ৰয়ত থাকে। তাতে সিহঁতে বাহ সাজে। কিছুমানে থিয় গৰা বা মাটিতে বাহ সাজে।
প্ৰাচীন কালত পাৰক বা-বাতৰি সৰবৰাহৰ কামত ব্যৱহাৰ কৰা হৈছিল। তেনেধৰণৰ প্ৰশিক্ষণপ্ৰাপ্ত এটা পাৰই ১,০০০ কিলোমিটাৰলৈকে উৰি গৈ বাতৰি দি আহিব পাৰে। খ্ৰীষ্টপূৰ্ব ৪৪-ৰ পৰাই, পাৰৰ দ্বাৰা খবৰ আদান-প্ৰদান কৰাৰ বিষয়ে জনা যায়। দ্বিতীয় মহাসমৰৰ সময়তো পাৰৰ দ্বাৰা বাতৰি সৰবৰাহ কৰা হৈছিল।
সংস্কৃতিতসম্পাদনা কৰক
বগা পাৰক শান্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ "Columba livia Gmelin, 1789" (Web data). ITIS Report. http://www.itis.gov/servlet/SingleRpt/SingleRpt?search_topic=TSN&search_value=177071। আহৰণ কৰা হৈছে: 2008-02-26.