পূব কামেং জিলা
পূব কামেং জিলা (East Kameng district /ˈkæmɛŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাখনৰ আন্তৰাষ্ট্ৰীয় সীমা তিব্বতত আৰু অন্য অংশ অৰুণাচলৰ জিলা পশ্চিম কামেং, পাপুমপাৰে আৰু কুৰুং কুমেইৰ সীমান্ত স্পৰ্শ কৰিছে৷ এই জিলাৰ সদৰ ঠাই চেপ্পা আৰু জিলাৰখনৰ সংখ্যাগৰিষ্ঠ অধিবাসী নিচি জনজাতিৰ৷
পূব কামেং জিলা | |
---|---|
দেশ | ভাৰত |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
স্থাপিত | ১ জুন ১৯৮০ |
সদৰ | চেপ্পা |
মহকুমা | চেপ্পা, চায়াংটাজ’ |
চৰকাৰ | |
• লোকসভা সমষ্টি | অৰুণাচল পশ্চিম |
• বিধানসভা সমষ্টি | ৫টা (বামেং, চায়াংটাজ’, পূব চেপ্পা, পশ্চিম চেপ্পা, পাকে-কেছাঙো) |
কালি | |
• মুঠ |
4,134 km2 (1,596 sq mi) |
জনসংখ্যা (2011)[1] | |
• মুঠ |
78,413 |
• ঘনত্ব | 19/km2 (49/sq mi) |
ইতিহাস
সম্পাদনা কৰককামেং নৈৰ আশে পাশে থকা উপত্যকা অঞ্চল বহুবাৰ তিব্বতৰ মন সাম্ৰাজ্য আৰু অসমৰ আহোম সাম্ৰাজ্যৰ অধীনলৈ আহিছিল৷ তাৰোপৰি আকা আৰু নিচি জনজাতিৰ নেতৃত্বয়ো মাজেসময়ে এই অঞ্চল শাসন কৰিছিল৷ ১৯৮০ চনৰ ১ জুনত পূৰ্বৰ কামেং জিলাক বিভক্ত কৰি পূব আৰু পশ্চিম কামেং নামেৰে দুখন জিলা গঠন কৰা হয়৷[2]
ভৌগোলিক অৱস্থান
সম্পাদনা কৰকপূব কামেং জিলাৰ মুট মাটিকালি ৪,১৩৪ বৰ্গ কিলোমিটাৰ৷[3] এই জিলাৰ জলবায়ু উত্তৰৰ তুন্দ্ৰাৰ পৰা দক্ষিণে অসম সীমান্তৰ সেমেকা অৰ্ধক্ৰান্তীয় হ’ব পাৰে৷
অৰ্থনীতি
সম্পাদনা কৰকএই জিলাৰ অধিকাংশ লোকে জুম খেতি কৰি জীৱন-নিৰ্বাহ কৰে৷ হাবি কাটি জনজাতীয় লোকসকলে ধান আৰু গোমধানৰ খেতি কৰে৷ লগতে বহুতো ফল-মূলৰ খেতিও কৰে৷
প্ৰশাসন
সম্পাদনা কৰকপূব কামেং জিলাৰ মহকুমা দুটা: চেপ্পা (Seppa) আৰু চায়াংটাজ’ (Chayangtajo)৷ এই মহকুমা দুটা পুনৰ তেৰটা চাৰ্কোলত বিভক্ত কৰা হৈছে: Chayangtajo, Sawa, Khenewa, Bameng, Lada, Gyawe Purang, Pipu, Seppa, Richukhrong, Pijirang, Pakke-Kessang, Seijosa আৰু Dissing Passo.
জিলাখনত অৰুণাচল প্ৰদেশ বিধান সভাৰ পাঁচটা সমষ্টি আছে: বামেং, চায়াংটাজ’, পূব চেপ্পা, পশ্চিম চেপ্পা আৰু পাকে-কেছাঙো৷ এই গোটেইকেইটা সমষ্টি পশ্চিম অৰুণাচল প্ৰদেশ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত৷[4]
জনসংখ্যা
সম্পাদনা কৰক২০১১ চনৰ লোকপিয়ল অনুসৰি পূব কামেং জিলাৰ জনসংখ্যা ৭৮,৪১৩ জন৷[5] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬২৪৷[5] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ১৯ জন৷[5] ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৩৭.১৪%।[5] পূব কামেং জিলাৰ লিংগৰ অনুপাত ১০০০ গৰাকী পুৰুষৰ বিপৰীতে ১০১২ গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ ৬২.৪৮%৷[5]
এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক নিচি জনজাতিৰ৷ তাৰোপৰি জিলাখনত মিজি (Miji), চুলুং (Sulung) আৰু আকা (Aka) জনজাতিৰ কিছু লোকেও বসবাস কৰে৷
স্বাধীনতা লাভৰ পিচত জিলাখনৰ বহুলোকে সদৰ ঠাই চেপ্পালৈ প্ৰব্ৰজন কৰে৷
ভাষা
সম্পাদনা কৰকএই জিলাৰ আকাসকলে ক’ৰ’ নামৰ এটা তিব্বতীয়-বৰ্মা মূলৰ ভাষা ব্যৱহাৰ কৰে৷[6][7] ২০১০ চনত ভাষাবিদ ডেভিদ হেৰিছন আৰু গণেশ মূৰ্মূৰ এটা দলে এটা প্ৰকল্পৰ বাবে আকা আৰু মিজিসকলৰ ভাষাৰ ওপৰত গৱেষণা কৰি ক’ৰ’ ভাষাক এক স্বকীয় ভাষা বুলি স্বীকৃতি দিয়ে৷[6][8]
পৰ্য্যটন
সম্পাদনা কৰকপূব কামেং জিলাৰ কেইবাটাও পৰ্য্যটনৰ আকৰ্ষণ আছে৷ ইয়াৰে এখন হ’ল পাকে ব্ৰাঘ্যপ্ৰকল্প৷ তাৰোপৰি বামেং, চায়াংটাজ’ আৰু পাকে-কেছাঙো হিমালয়ৰ পৰ্য্যটনৰ ক্ষেত্ৰত উল্লেখযোগ্য৷
জৈৱবৈচিত্ৰ্য
সম্পাদনা কৰক১৯৭৭ চনত পূব কামেং জিলাৰ ৮৬২ বৰ্গ কিলোমিটাৰ লৈ পাখুই বন্যপ্ৰাণী অভয়াৰণ্য (Pakhui Wildlife Sanctuary) সৃষ্টি কৰা হয়৷[9]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 "District Census 2011". Census2011.co.in. http://www.census2011.co.in/district.php.
- ↑ Law, Gwillim (25 September 2011). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11.
- ↑ Srivastava, Dayawanti et al. (ed.) (2010). "States and Union Territories: Arunachal Pradesh: Government". India 2010: A Reference Annual (54th সম্পাদনা). প্ৰকাশক New Delhi, India: Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), Government of India. পৃষ্ঠা. 1113. ISBN 978-81-230-1617-7.
- ↑ "Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies". Chief Electoral Officer, Arunachal Pradesh website. Archived from the original on 13 August 2011. https://web.archive.org/web/20110813085549/http://ceoarunachal.nic.in/Information/ACwiseDistrictwisePCwise.htm। আহৰণ কৰা হৈছে: 21 March 2011.
- ↑ 5.0 5.1 5.2 5.3 5.4 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30.
- ↑ 6.0 6.1 Morrison, Dan "'Hidden' Language Found in Remote Indian Tribe". National Geographic Daily News, 5 October 2010. Retrieved 5 October 2010
- ↑ Schmid, Randolph E. "Researchers find previously undocumented language hidden in small villages in India" Archived 2010-10-07 at the Wayback Machine. Sync Retrieved on 5 October 2010
- ↑ Ethnologue, "Hruso".[1] (Some sound files)
- ↑ Indian Ministry of Forests and Environment. "Protected areas: Arunachal Pradesh". Archived from the original on 23 August 2011. https://web.archive.org/web/20110823163836/http://oldwww.wii.gov.in/envis/envis_pa_network/index.htm। আহৰণ কৰা হৈছে: 25 September 2011.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- ৱিকিমিডিয়া কমন্সত পূব কামেং জিলা সম্পৰ্কীয় মিডিয়া ফাইল।
- আধিকাৰিক ৱেবছাইট
- জিলাখনৰ তথ্য