চেপ্পা
চেপ্পা (Seppa) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ পূব কামেং জিলাৰ সদৰ ঠাই৷ পূৰ্বতে এই ঠাইক Sapla নামেৰে জনা গৈছিল যি শব্দৰ স্থানীয় ভাষাত অৰ্থ হ’ল জলাশয় ('marshy' land)৷ এই ঠাইখন কামেং নদীৰ পাৰত অৱস্থিত৷[2] চেপ্পাৰ ইটানগৰৰ পৰা দুৰত্ব ১৬০ কিলোমিটাৰ আৰু তেজপুৰৰ পৰা দুৰত্ব হৈছে ২১৩ কিলোমিটাৰ৷ দুয়োখন ঠাইলৈকে চেপ্পা ঘাইপথেৰে সংযুক্ত৷[3] চেপ্পাত অৰুণাচল প্ৰদেশ বিধান সভাৰ দুটা সমষ্টি আছে- পুব চেপ্পা আৰু পশ্চিম চেপ্পা৷
চেপ্পা | |||
— নগৰ — | |||
স্থানাঙ্ক | 27°21′0″N 93°2′44″E / 27.35°N 93.04556°E | ||
দেশ | ভাৰত | ||
ৰাজ্য | অৰুণাচল প্ৰদেশ | ||
জিলা | পূব কামেং | ||
জনসংখ্যা | 18,350[1] (2011[update]) | ||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||
মাটিকালি • উচ্চতা |
• 363 m (1,191 ft) | ||
জলবায়ু |
Cwa (Köppen) • 2,212 mm (87.1 in) | ||
ক'ড
|
জনসংখ্যা
সম্পাদনা কৰক২০০১ চনৰ লোকপিয়ল অনুসৰি চেপ্পাৰ জনসংখ্যা ১৮,৩৫০ জন৷[1] ইয়াৰে ৫০.৪৭% পুৰুষ আৰু ৪৯.৪৮% মহিলা৷ মুঠ জনসংখ্যাৰ ১৮.৪৬% ছবছৰৰ অনুৰ্দ্ধৰ৷ চেপ্পাৰ সাক্ষৰতাৰ হাৰ ৬২.৮৬%৷ পুৰুষৰ সাক্ষৰতাৰ হাৰ ৭০% হোৱাৰ বিপৰীতে মহিলাৰ সাক্ষৰতাৰ হাৰ কেৱল ৫৫.৪%৷
প্ৰচাৰ মাধ্যম
সম্পাদনা কৰকচেপ্পাত আকাশবাণী চেপ্পা নামেৰে অল ইণ্ডিয়া ৰেডিঅ’ৰ এটা শাখা আছে৷ এই শাখাটোৱে এফ এম ফ্ৰিকুৱেন্সিত প্ৰচাৰ কৰে৷
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 "Census of India 2011". Census Commission of India. http://www.censusindia.gov.in/pca/SearchDetails.aspx?Id=296321। আহৰণ কৰা হৈছে: 25 December 2018.
- ↑ District Administration, Seppa, East Kameng at a Glance, Retrieved 10 May 2007 Seppa Helipad Archived 10 December 2003 at the Wayback Machine
- ↑ Nandy S.N. (1998) ENVIS Bulletin - Himalayan Ecology & Development, vol. 6 No. 1, .District Profile: East Kameng Archived 17 November 2003 at the Wayback Machine