পূৰবী শইকীয়া
ড° পূৰবী শইকীয়া (ইংৰাজী: Purabi Saikia) হৈছে অসম, ভাৰতৰ এগৰাকী উদ্ভিদ বিজ্ঞানী আৰু বৰ্তমান বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা। পৰিৱেশ বিজ্ঞানৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ২০২৪ চনত তেওঁলৈ ভাৰতৰ অন্যতম বিজ্ঞান বঁটা বিজ্ঞান যুৱ-শান্তি স্বৰূপ ভাটনাগৰ বঁটা আগবঢ়োৱা হয়। [1]
পূৰবী শইকীয়া Purabi Saikia | |
---|---|
জন্ম | চিয়াজুলি বাগান গাঁও, লখিমপুৰ, অসম |
ক্ষেত্ৰ | উদ্ভিদ বিজ্ঞান,উদ্ভিদ পৰিৱেশ বিজ্ঞান, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, ভূ-পৰিৱেশ বিজ্ঞান |
কৰ্মস্থান | সহযোগী অধ্যাপক (বেনাৰস হিন্দু বিশ্ববিদ্যালয়) |
শিক্ষানুষ্ঠান | গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ লখিমপুৰ মহাবিদ্যালয় |
উল্লেখনীয় বঁটা | বিজ্ঞান যুৱ-শান্তি স্বৰূপ ভাটনাগৰ বঁটা, ২০২৪, ‘দ্য ছ’চাইটি ফৰ চাইন্স অৱ ক্লাইমেট চেঞ্জ এণ্ড ছাষ্টেনেবল এনভাইৰনমেণ্ট (এফএছএছচিই), নতুন দিল্লী’ৰ দ্বাৰা ‘ফেলো এৱাৰ্ড ২০২১ বঁটা’ (২০২২) |
দাম্পত্যসঙ্গী | ড০ অমিত কুমাৰ |
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
সম্পাদনা কৰকঅসমৰ লখিমপুৰ জিলাৰ চিয়াজুলি বাগান গাঁৱত পূৰৱী শইকীয়াৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আছিল চন্দ্ৰেশ্বৰ শইকীয়া আৰু মাতৃ আছিল আইধান শইকীয়া।[2] আঠগৰাকী সন্তানৰ ভিতৰত তেওঁ সবাতোকৈ কনিষ্ঠ আছিল। তেওঁৰ পিতৃ এগৰাকী খেতিয়ক। খেতি-খোলা কৰিয়েই তেওঁ আঠটাকৈ ল'ৰা-ছোৱালীৰ পৰিয়ালটো প্ৰতিপালন কৰিছিল। ইয়াৰোপৰি তেওঁ সন্তানকেইটিক পঢ়া-শুনা কৰিবলৈও উৎসাহিত কৰিছিল। [3]
পূৰবী শইকীয়া সৰুৰে পৰা মেধাৱী আছিল। তেওঁ চিয়াজুলিস্থিত দীৰ্ঘা মাজগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৯৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ উত্তৰ লখিমপুৰ মহাবিদ্যালয়(স্বায়ত্ত্বশাসিত)ত বিজ্ঞান শাখাত নামভৰ্তি কৰে। ২০০৪ চনত উক্ত মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে তেওঁ উদ্ভিদ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী অৰ্জন কৰে আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। ২০০৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ উদ্ভিদ পৰিৱেশ বিজ্ঞান বিশেষায়ন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ অৰুণাচল প্ৰদেশৰ নিৰিজুলিস্থিত উত্তৰ-পূব আঞ্চলিক বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (NERIST) ডক্টৰেট ডিগ্ৰীৰ বাবে নামভৰ্তি কৰে। ২০১১ চনত তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰে। [4]
কৰ্মজীৱন
সম্পাদনা কৰকডক্তৰেট ডিগ্ৰী অৰ্জন কৰাৰ পাছত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে আগবঢ়োৱা জলপানি লাভ কৰে আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পোষ্ট ডক্টৰেল ৰিচাৰ্চাৰ হিচাপে যোগদান কৰে। তাৰ কেইমাহমানৰ পিছত তেওঁ ঝাৰখণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত যোগদান কৰে। [2]
বৰ্তমান পূৰবী শইকীয়া বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত। [3]
গৱেষণা-ক্ষেত্ৰ
সম্পাদনা কৰকপূৰবী শইকীয়াৰ গৱেষণাৰ বিচৰণ-ক্ষেত্ৰ হৈছে-উদ্ভিদ পৰিৱেশ বিজ্ঞান, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, আৰু ভূ-পৰিৱেশ বিজ্ঞান। [1]
ব্যক্তিগত জীৱন
সম্পাদনা কৰকড° পূৰবী শইকীয়াৰ স্বামী ড° অমিত কুমাৰ। [3]তেওঁ ছিকিম বিশ্ববিদ্যালয়ত কৰ্মৰত যদিও বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰৰ অনুৰোধমৰ্মে আমেৰিকাৰ পাৰাভিউ বিশ্ববিদ্যালয়ত ইণ্ডো-ইউ এছ ফুল ব্ৰাইট ফেল'শ্বিপৰ বাবে ন-মহীয়া এক গৱেষণাত ব্যস্ত হৈ আছে। [5]
বঁটা-সন্মান
সম্পাদনা কৰক- ২০১১ চনত ভাৰত চৰকাৰৰ পৰা ‘ডিবিটি-ৰিচাৰ্চ এছ’চিয়েটশ্বিপ এৱাৰ্ড’
- ২০১৮-১৯ চনত 'প্ৰফেছৰ এইচ এছ শ্ৰীবাস্তৱ ফাউণ্ডেচন ফৰ ছায়েন্স এণ্ড ছ'চাইটি'য়ে আগবঢ়োৱা ২০১৮-১৯ বৰ্ষৰ যুৱ মহিলা নেতৃত্ব বঁটা[5]
- ২০২০ চনত 'জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম পৰিৱেশ বিজ্ঞানৰ সমাজ (এফএছএছচিই), নতুন দিল্লী'ৰ দ্বাৰা 'মহিলা বিজ্ঞানী বঁটা ২০২০ (<৪৫ বছৰ শ্ৰেণী) বঁটা'
- ২০২২ চনত ‘দ্য ছ’চাইটি ফৰ চাইন্স অৱ ক্লাইমেট চেঞ্জ এণ্ড ছাষ্টেনেবল এনভাইৰনমেণ্ট (এফএছএছচিই), নতুন দিল্লী’ৰ দ্বাৰা ‘ফেলো এৱাৰ্ড ২০২১ বঁটা’
- ২০২৪ চনত বিজ্ঞান যুৱ-শান্তি স্বৰূপ ভাটনাগৰ বঁটা [4]
সদস্য আৰু সভ্যপদ
সম্পাদনা কৰক- গ্ল’বেল ফৰেষ্ট বায়’ডাইভাৰচিটি ইনিচিয়েটিভ (জিএফবিআই), আমেৰিকা ২০১৭ ৰ সদস্য
- আই ইউ চি এন-কমিচন অন ইক'চিষ্টেম মেনেজমেণ্ট (চি ই এম), চাউথএছিয়া ২০১৭ ৰ সদস্য
- ইণ্ডিয়ান ছ’চাইটি ফৰ জিঅ’মেটিক্স, ডেৰাডুন ২০১৭ৰ আজীৱন সদস্য
- অধ্যাপক এইচ. শ্ৰীবাস্তৱ ফাউণ্ডেশ্যন ফৰ চাইন্স এণ্ড ছ’চাইটি, লক্ষ্ণৌ ২০১৯ সন্মানীয় আজীৱন সদস্য
- দ্য ছ’চাইটি ফৰ দ্য চাইন্স অৱ ক্লাইমেট চেঞ্জ এণ্ড ছাষ্টেনেবল এনভাইৰনমেণ্ট (এছ এছ চি ই), নতুন দিল্লী ২০২০ৰ আজীৱন সদস্য
- আন্তৰ্জাতিক জল, পৰিৱেশ, শক্তি, আৰু সমাজ সংস্থা (IAWEES), ভূপাল ২০২০ৰ সদস্য
- আন্তৰ্জাতিক পৰিৱেশ উদ্ভিদবিদ সমাজ, লক্ষ্ণৌ ২০২০ৰ আজীৱন সদস্য
- আইচিএফআৰই-বন উৎপাদনশীলতা প্ৰতিষ্ঠান, ৰাঁচী ২০২০ৰ সন্মানীয় সদস্য, একাদশ গৱেষণা উপদেষ্টা গোট
- বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ (ডি এছ টি)-স্থানীয় প্ৰকল্প পৰামৰ্শদাতা সমিতি (এল পি এ চি) ২০২১ চনত জামছেদপুৰৰ ৰান্সী আৰু পূব সিংভূমত সামৰ্থ্য বিকাশ আৰু উদ্যোগীকৰণ বিকাশৰ বাবে মহিলা প্ৰযুক্তি উদ্যান (ডব্লিউ টি পি)ৰ অগ্ৰগতি নিৰীক্ষণৰ সদস্য
- মাষ্টাৰ অৱ আৰ্টছ ইন ছাষ্টেনেবিলিটি ছায়েন্সেছ (এম এ এছ এছ)ৰ পাঠ্যক্ৰম ইগনৌৰ মাউণ্টেন এণ্ড হিল ইক'চিষ্টেম (এম এছ ডি ০১)ৰ শিক্ষা উপদেষ্টা, নতুন দিল্লী ২০২২ [4]
একাংশ প্ৰকাশিত গৱেষণা
সম্পাদনা কৰক- Kishore, B.S.P.C., Kumar, A., Saikia, P. (2024): Understanding the Invasion Potential of Chromolaena odorata and Lantana camara in the Western Ghats, India: An Ecological Niche Modelling Approach under Current and Future Climatic Scenarios. Ecological Informatics, Elsevier, 79, 102425. doi.[[1]]
- Kishore, B.S.P.C., Kumar A., Saikia, P., Khan, M.L. (2024):Alpha and Beta Diversity Mapping in Tropical Deciduous Forests using High-fidelity Imaging Spectroscopy. Advances in Space Research, Elsevier, 73(2), 1413-1426. doi.[[2]]
- Saikia, P.*, Kumar, S., Kumar, A. (2024): Plant population mapping and quantitative assessment of peri-urban vegetation of Ranchi, eastern India. Tropical Ecology, Springer Nature, 65, 212-223. doi.[[3]]
- Patra, S., Saikia, P.* (2024):Plant resources of Palamau Tiger Reserve, Eastern India and their utilitarian perspectives. Vegetos, Springer Nature, , . doi.[[4]]
- Zou, Y., Zohner, C.M., ………..Saikia, P. et al. (2024): Positive feedbacks and alternative stable states in forest leaf types. Nature Communications, Springer Nature, 15(1), 4658. doi.[[5]]
- Bouchard, E., ………..Saikia, P. et al. (2024): Global patterns and environmental drivers of forest functional composition. Global Ecology and Biogeography, Wiley, 33(2), 303-324. doi.[[6]] [4]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 "DR. PURABI SAIKIA SELECTED FOR SHANTI SWARUP BHATNAGAR AWARD 2024". BHU. Aug 09, 2024. https://alumni.bhu.ac.in/f/dr-purabi-saikia-selected-for-shanti-swarup-bhatnagar-award-2024-32904। আহৰণ কৰা হৈছে: 9 August 2024.
- ↑ 2.0 2.1 "অসমৰ দুগৰাকীলৈ বিজ্ঞান যুৱ-শান্তি স্বৰূপ ভাটনাগৰ পুৰস্কাৰ". দৈনিক অসম. ০৯-০৮-২০২৪. পৃষ্ঠা ১,৬.
- ↑ 3.0 3.1 3.2 state/dr-purabi-saikia-from-lakhimpur-selected-for-shanti-swarup-bhatnagar-prize-assam-news-ass24080802552 "শান্তিস্বৰূপ ভাটনাগৰ বঁটাৰ বাবে নিৰ্বাচিত লখিমপুৰৰ সন্তান ড° পূৰবী শইকীয়া". ইটিভি ভাৰত. ৮-৮-২০২৪. https://www.etvbharat.com/as/! state/dr-purabi-saikia-from-lakhimpur-selected-for-shanti-swarup-bhatnagar-prize-assam-news-ass24080802552। আহৰণ কৰা হৈছে: 9 August 2024.[সংযোগবিহীন উৎস]
- ↑ 4.0 4.1 4.2 4.3 "profile". Benaras Hindu University. https://www.bhu.ac.in/Site/FacultyProfile/1_148?FA001415। আহৰণ কৰা হৈছে: 9 August 2024.
- ↑ 5.0 5.1 "ড০ পূৰৱী শইকীয়ালৈ বিজ্ঞানৰ শান্তিস্বৰূপ ভাটনাগৰ বঁটা". প্ৰতিদিন. ৮-৮-২৪. https://www.asomiyapratidin.in/homepage/dr-purabi-saikia-from-lakhimpur-selected-for-shanti-swarup-bhatnagar-prize। আহৰণ কৰা হৈছে: 9 August 2024.
বাহ্যিক সংযোগ
সম্পাদনা কৰকবেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ৱেবছাইটত পূৰবী শইকীয়াৰ কৰ্মপঞ্জী