পেকিং মানৱ এটি মানৱ প্ৰজাতি যাক ১৯২৭ চনত ডেভিড ব্লেকে আৱিষ্কাৰ কৰিছিল।[1] পেকিং মানৱৰ মস্তিষ্কৰ আকাৰ প্ৰায় ১০০০ কিউবিক চেণ্টিমিটাৰ, কিন্তু কিছু কিছু মস্তিষ্কৰ আকাৰ প্ৰায় ১৩০০ কিউবিক চেণ্টিমিটাৰ পাইছিলগৈ, যি আধুনিক মানৱত মস্তিষ্কৰ সমান।

পেকিং মানৱৰ মস্তিষ্কৰ সাধাৰণ পুনৰ্নিৰ্মান

আৱিষ্কাৰ

সম্পাদনা কৰক

১৯২৭ চনত ডেভিড ব্লেকে পেকিং মানৱৰটি মাথো দাঁত আৱিষ্কাৰ কৰিছিল।[1] সেই বছৰতে এণ্ডাৰ্ছ বহলিনে আন এটি দাঁত আৱিষ্কাৰ কৰিছিল।[2] চীনা ভূতত্ত্ববিজ্ঞানী ৱেং ৱেনহাৱে যহৌকৌডিয়ান বিজ্ঞানীসকলৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছিল যে যহৌকৌডীয়ানৰ অংশসমূহ চীনতেই ৰখা হ'ব। পৰৱৰ্তী সময়ত চীনৰ চৰকাৰেও চীনা পুৰাতাত্ত্বিক বস্তু পশ্চিমৰ দেশলৈ অধ্যয়নৰ বাবে লৈ যোৱাত বাধা আৰোপ কৰিছিল। তেওঁলোকে বিচাৰিছিল যে অধ্যয়ন চীনৰ মাটিতে কৰা হওক।[3] ১৯২৯ চনত ডেভিড ব্লেকে তেতিয়াৰ জিয়লজিকেল চাৰ্ভে' অৱ চাইনাৰ মুৰব্বী ৱেঙৰ সন্মতি লাভ কৰিলে যে পেকিং মানৱৰ অংশৰ সন্ধান অব্যাহত থাকক।

সেই বছৰতেই চীনা ভূতত্ত্ববিদ পেই ৱেংঝঙে এক আশ্চৰ্যকৰভাৱে সম্পূৰ্ণ মস্তিষ্ক আৱিষ্কাৰ কৰিলে।[4] তাত মানৱ অৱশিষ্ট, জুইৰ ব্যৱহাৰৰ প্ৰমাণ, শিলৰ সজুলী আদিও আৱিষ্কাৰ হ'ল। ই বিশ্বৰ আতাইতকৈ গুৰুত্বপূৰ্ণ পুৰাতাত্ত্বিক স্থলৰ অন্যতম হ'ল।[5] ১৯৩৬ চনত চীনা বিজ্ঞানী জিয়া লানপ'ৰ নেতৃত্বত এটি দলে ৪ অতিৰিক্ত, প্ৰায় সম্পূৰ্ণ মস্তিষ্ক আৱিষ্কাৰ কৰিলে।[6]

বৰ্গীকৰণ

সম্পাদনা কৰক

পেকিং মানৱৰ জিনাছ হ'ল homo। ইয়াৰ প্ৰজাতি homo erectus, যি বৰ্তমানে বিলুপ্ত এটি প্ৰজাতি।[7] পেকিং মানৱৰ উপ-প্ৰজাতি H. e. pekinensis

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
চীনৰ ইতিহাস
পেকিং মানৱ
তিনি সাৰ্বভৌম আৰু পাঁচ সম্ৰাট
শ্বিয়া ৰাজবংশ
শ্বাং ৰাজবংশ
ঝৌ ৰাজবংশ
শৰৎ আৰু বসন্তৰ যুগ
যুদ্ধৰত ৰাজ্যৰ যুগ
চিন ৰাজ্য
চু-হান যুদ্ধ
হান ৰাজবংশ
তিনি ৰাজ্য
জিন ৰাজবংশ
ষোল্ল ৰাজ্য
ৱেই ৰাজবংশ
লিউ চং ৰাজবংশ
উত্তৰ আৰু দক্ষিণৰ ৰাজবংশ
চুই ৰাজবংশ
টাং ৰাজবংশ
চং ৰাজবংশ
জিন ৰাজবংশ (দ্বিতীয়)
মংগোলৰ চীন দখল
য়ুৱান ৰাজবংশ
মিং ৰাজবংশ
চিং ৰাজবংশ
চীন গণৰাজ্য
গণপ্ৰজাতন্ত্ৰী চীন
  1. 1.0 1.1 ব্ৰিটেনিকা https://www.britannica.com/topic/Peking-man
  2. Schamlzer 2008, p. 85–87
  3. Schmalzer, Sigrid (2008). The People's Peking Man: Popular Science and Human Identity in Twentieth-Century China. University of Chicago Press. ISBN 978-0226738604.
  4. Schamlzer 2008, p. 90.
  5. Schamlzer 2008, p. 78.
  6. Yang, L. (2014). "Zhoukoudian: Geography and Culture". Encyclopedia of Global Archaeology. Springer Science+Business Media. pp. 7961–7965. doi:10.1007/978-1-4419-0465-2_1899. ISBN 978-1-4419-0466-9.
  7. https://humanorigins.si.edu/research/whats-hot-human-origins/extinction-homo-erectus#:~:text=The%20extinction%20of%20Homo%20erectus,from%20Java%2C%20Indonesia%2C%20H.