শ্বিয়া ৰাজবংশ (চীনা: 夏朝) পৰম্পৰাগত চীনা বিশ্বাস অনুযায়ী প্ৰথম চীনা ৰান্জবংশ। লোক বিশ্বাস অনুযায়ী, পাঁচ সম্ৰাটৰ অন্তিম সম্ৰাট শ্বুনে মহান য়ুক সিংহাসন দিছিল, যাৰ পাছত তেওঁ শ্বিয়া ৰাজবংশৰ স্থাপনা কৰিছিল।[1] পৰম্পৰাগত ইতিহাস লিখনত পোৱা যায় যে শ্বিয়া ৰাজবংশৰ পাছত শ্বাং ৰাজবংশই চীন শাসন কৰিছিল।

মহান য়ু

সাক্ষ্য সম্পাদনা কৰক

শ্বিয়া ৰাজবংশৰ সমকালীন কোনো উৎসতে এই ৰাজবংশৰ উল্লেখ পোৱা নাযায়। শ্বিয়া ৰাজবংশৰ উল্লেখ থকা আতাইতকৈ পুৰণি লেখ হ'ল শ্বাং ৰাজবংশৰ কালৰ অৰেকল ব'ন শিলালিপি, যি খ্ৰীষ্টপূৰ্ব ত্ৰয়োদশ শতিকাৰ। ই পোৱা যায় নতিপত্ৰৰ কিতাপৰ আতাইতকৈ পুৰণি অধ্যায়সমূহত। তাত পশ্চিম ঝৌ কালৰ বাণী লিপিবদ্ধ। পণ্ডিতসকলে মানি লয়, সাধাৰণতে, যে ই সেই কালৰে। বাণীসমূহে শ্বাং ৰাজবংশক ঝৌ বংশই ক্ষমতাচ্যুত কৰাক মান্যতা প্ৰদান কৰে, এই বুলি দাবী কৰি যে শ্বাংসকলেও শ্বিয়াসকলৰ পৰাহে শাসন লাভ কৰিছিল আৰু অনাদি কালৰ পৰা শাসন কৰি থকা নাছিল।[2] ঝৌ ৰাজবংশৰ শাসনৰ আৰম্ভণিক স্বৰ্গৰ আদেশত হোৱা বুলি সেই বাণীত লিখা আছে। এই ৰাজনৈতিক দৰ্শন কনফুচিয়ানবাদত পোৱা যায়। ৰাজপৰিয়ালৰ এই ক্ৰম বাঁহৰ বুৰঞ্জী তথা মহা বিৰঞ্জীবিদৰ নথিত অন্তৰ্ভুক্ত আৰু ই ঔপনিৱেশিক ইতিহাস লিখন আৰু মতাদৰ্শত স্বীকৃত।

কিছু পণ্ডিতে শ্বিয়াসকলক কাল্পনিক জ্ঞান কৰে, কিন্তু আন কিছু পণ্ডিতে ইয়েই এৰ্লিটৌ সংস্কৃতি বুলি দাবী কৰে।

কাল সম্পাদনা কৰক

পৰম্পৰাগত কালক্ৰমৰ আধাৰত কৰা গণনাৰে লিউ শ্বিনে দাবী কৰিছে যে শ্বিয়াসকলে খ্ৰীষ্টপূৰ্ব ২২০৫ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ১৭৬৬ চনলৈ শাসন কৰিছিল। "বৰ্তমানৰ" বাঁহৰ বুৰঞ্জীৰ মতে, ই খ্ৰীষ্টপূৰ্ব ১৯৮৯ৰ পৰা খ্ৰীষ্টপূৰ্ব ১৫৫৮লৈকে শাসন কৰিছিল। এই গ্ৰন্থ আৰু মহাজাগতিক পৰিঘটনাৰ সময়ৰ গণনাৰ আধাৰত ডেভিড নিভিছনে দাবী কৰিছে যে শ্বিয়াসকলে খ্ৰীষ্টপূৰ্ব ১৯৫৩ৰ পৰা ১৫৫৫লৈকে শাসন কৰিছিল।[3][4][5] চীন চৰকাৰৰ শ্বিয়া-শ্বাং-ঝৌ প্ৰকল্পত (১৯৯৬ চনৰ) দাবী কৰা হৈছে যে এই ৰাজবংশই খ্ৰীষ্টপূৰ্ব ২০৭০ৰ পৰা খ্ৰীষ্টপূৰ্ব ১৬০০লৈকে শাসন কৰিছিল।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

চীনৰ ইতিহাস
পেকিং মানৱ
তিনি সাৰ্বভৌম আৰু পাঁচ সম্ৰাট
শ্বিয়া ৰাজবংশ
শ্বাং ৰাজবংশ
ঝৌ ৰাজবংশ
শৰৎ আৰু বসন্তৰ যুগ
যুদ্ধৰত ৰাজ্যৰ যুগ
চিন ৰাজ্য
চু-হান যুদ্ধ
হান ৰাজবংশ
তিনি ৰাজ্য
জিন ৰাজবংশ
ষোল্ল ৰাজ্য
ৱেই ৰাজবংশ
লিউ চং ৰাজবংশ
উত্তৰ আৰু দক্ষিণৰ ৰাজবংশ
চুই ৰাজবংশ
টাং ৰাজবংশ
চং ৰাজবংশ
জিন ৰাজবংশ (দ্বিতীয়)
মংগোলৰ চীন দখল
য়ুৱান ৰাজবংশ
মিং ৰাজবংশ
চিং ৰাজবংশ
চীন গণৰাজ্য
গণপ্ৰজাতন্ত্ৰী চীন
  1. Mungello, David E. The Great Encounter of China and the West, 1500–1800 Rowman & Littlefield; 3 ed (28 March 2009) আই.এচ.বি.এন. 978-0-7425-5798-7 p. 97.
  2. "史記 : 本紀 : 夏本紀 - 中國哲學書電子化計劃". ctext.org (in Chinese (Taiwan)). Retrieved 2022-07-21
  3. Pankenier (1981–1982), পৃষ্ঠা. 23.
  4. Pankenier (1983–1985), পৃষ্ঠা. 180.
  5. Nivison (2018), পৃষ্ঠা. 165.