ঝৌ ৰাজবংশ (চীনা: {{{c}}} [tʂóʊ]; Old Chinese (B&S): *tiw[1]) এটি চীনা ৰাজবংশ যিয়ে শ্বাং ৰাজবংশৰ পাছত শাসন কৰিছিল। এই ৰাজবংশৰ শাসন ৭৮৯ বছৰলৈকে চলিছিল। ই চীনা ইতিহাসৰ আতাইতকৈ দীৰ্ঘ কালৰ বাবে ৰাজ কৰা বংশ। এই ৰাজবংশৰ উপাধি আছিল জি। তেওঁলোকৰ সামৰিক নিয়ন্ত্ৰণ চলিছিল খ্ৰীষ্টপূৰ্ব ১০৪৬ৰ পৰা খ্ৰীষ্টপূৰ্ব ৭৭১লৈ। এই কালক পশ্চিমীয়া ঝৌ বোলা হয়। তাৰ পাছতো, পৰৱৰ্তী ৫০০ বছৰলৈ তেওঁলোকে সৃষ্টি কৰা ৰাজনৈতিক প্ৰভাৱ বৰ্তি আছিল। ঝৌ ৰাজবংশৰ প্ৰতিষ্ঠাৰ বছৰ খ্ৰীষ্টপূৰ্ব ১০৪৬ বুলি চীন চৰকাৰৰ শ্বিয়া-শ্বাং-ঝৌ কালক্ৰম প্ৰকল্প আৰু ডেভিড পাৰ্কেনিয়েৰৰ দ্বাৰা দাবী কৰা হৈছে।[2] কিন্তু শাস্ত্ৰীয় চীনা ইতিহাস লিখন আৰু মহাজাগতিক পৰিঘটনাৰ কালৰ পৰা লাভ কৰা সাক্ষ্য ব্যৱহাৰ কৰি ডেভিড নিভিছনে কৰা গণনা আৰু এডৱাৰ্ড ছৌঘ্নেছেৰ মতে ঝৌ ৰাজবংশ খ্ৰীষ্টপূৰ্ব ১০৪৫তহে সৃষ্ট।[3][4]

খ্ৰীষ্টপূৰ্ব ১০০০ত ঝৌ ৰাজবংশৰ দ্বাৰা শাসিত অঞ্চল

চীনা ইতিহাসৰ বসন্ত আৰু শৰতৰ যুগত ঝৌ ৰাজবংশৰ প্ৰভাৱ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছিল।[5] এই যুগৰ শেষত আহিছিল যুদ্ধৰত ৰাজ্যৰ যুগ, য'ত ঝৌসকলে প্ৰায় সম্পূৰ্ণৰূপেই তলতীয়া ৰাজ্যসমূহৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল।[6] এই তলতীয়া ৰাজ্যসমূহ নিজৰ মাজতেই ৰণত ব্যস্ত থাকিছিল। এই কালৰ শেষৰ ফালে চিন ৰাজ্যই আন কেইবাখনো ৰাজ্যক দখল কৰি এক ঐক্যবদ্ধ ৰাজতন্ত্ৰৰ সৃষ্টি কৰিছিল খ্ৰীষ্টপূৰ্ব ২২১ত। যদিও আনিষ্ঠানিক বাবে তাৰ ৩৫ বছৰ আগতহে ঝৌ ৰাজবংশই ক্ষমতা ত্যাগ কৰিছিল, বাস্তৱত তাৰ বহু আগৰ পৰাই ঝৌসকলৰ ক্ষমতা অস্তিত্বহীন আছিল।

সংস্কৃতি

সম্পাদনা কৰক
চীনৰ ইতিহাস
পেকিং মানৱ
তিনি সাৰ্বভৌম আৰু পাঁচ সম্ৰাট
শ্বিয়া ৰাজবংশ
শ্বাং ৰাজবংশ
ঝৌ ৰাজবংশ
শৰৎ আৰু বসন্তৰ যুগ
যুদ্ধৰত ৰাজ্যৰ যুগ
চিন ৰাজ্য
চু-হান যুদ্ধ
হান ৰাজবংশ
তিনি ৰাজ্য
জিন ৰাজবংশ
ষোল্ল ৰাজ্য
ৱেই ৰাজবংশ
লিউ চং ৰাজবংশ
উত্তৰ আৰু দক্ষিণৰ ৰাজবংশ
চুই ৰাজবংশ
টাং ৰাজবংশ
চং ৰাজবংশ
জিন ৰাজবংশ (দ্বিতীয়)
মংগোলৰ চীন দখল
য়ুৱান ৰাজবংশ
মিং ৰাজবংশ
চিং ৰাজবংশ
চীন গণৰাজ্য
গণপ্ৰজাতন্ত্ৰী চীন

ঝৌসকলৰ শাসনৰ কাল, অনেকৰ মতে, চীনা ইতিহাসত ব্ৰঞ্জৰ সামগ্ৰী নিৰ্মাণৰ আতাইতকৈ উৎকৃষ্ট কাল।[7] ঝৌ বংশৰ শাসনৰ শেষৰ ফালে কেইবাটাও প্ৰভাৱশালী চীনা দৰ্শনৰ সৃষ্টি হৈছিল, যাৰ অন্যতম কনফুচিয়ানবাদ,[8] টাওবাদ[9] আৰু আইনবাদ। ঝৌ বংশৰ শাসনতেই চীনা লিপিৰ বিকাশ ঘটি ইয়াৰ ৰূপ অৰেকল ব'নৰ পৰা মোহৰ লিপি আৰু তাৰ পাছত প্ৰায় সম্পূৰ্ণৰূপে আধুনিক ধাৰ্মিক লিপি হ'লগৈ। ধাৰ্মিক লিপি যুদ্ধৰত ৰাজ্যৰ সময়ত দেখা গৈছিল।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "Baxter-Sagart Old Chinese reconstruction, version 1.1 (20 September 2014)". http://ocbaxtersagart.lsait.lsa.umich.edu/BaxterSagartOCbyMandarinMC2014-09-20.pdf.  p. 155
  2. Pankenier, David W. (2015). "The cosmo-political mandate". Astrology and Cosmology in Early China: Conforming Earth to Heaven. Cambridge University Pressn. পৃষ্ঠা. 197. ISBN 978-1107539013. Archived from the original on 2022-09-15. https://web.archive.org/web/20220915083908/https://www.academia.edu/43379398। আহৰণ কৰা হৈছে: 2022-09-16. 
  3. Shaughnessy, Edward L. (1992). "The Date of the Zhou Conquest of Shang". Sources of Western Zhou History: Inscribed Bronze Vessels. University of California Press. পৃষ্ঠা. 217–236. ISBN 978-0520070288. https://books.google.com/books?id=BH1ZrCsslosC&pg=PA217. 
  4. "The Dates of Western Chou". Harvard Journal of Asiatic Studies. 43. Harvard-Yenching Institute. 1983. পৃষ্ঠা. 481–580. https://www.jstor.org/stable/2719108. 
  5. Hsu, Cho-yun (1990), "The Spring and Autumn Period", in Loewe, Michael; Shaughnessy, Edward L (eds.), The Cambridge history of ancient China: from the origins of civilization to 221 BC, Cambridge University Press, pp. 545–86, ISBN 9780521470308
  6. Cartwright, Mark (July 12, 2017). "Warring States Period". World History Encyclopedia.
  7. Von Glahn, Richard (2016). The Economic History of China: From Antiquity to the Nineteenth Century. প্ৰকাশক Cambridge: Cambridge University Press. পৃষ্ঠা. 11. ISBN 9781139343848. OCLC 944748318. 
  8. Fung, Yiu-ming (2008), "Problematizing Contemporary Confucianism in East Asia", in Richey, Jeffrey (ed.), Teaching Confucianism, Oxford University Press, ISBN 978-0-19-804256-3
  9. Robinet, Isabelle (1997) [1992]. Taoism: Growth of a Religion. Stanford: Stanford University Press. ISBN 0-8047-2839-9.