প্ৰবীণ শইকীয়া
ড° প্ৰবীণ শইকীয়া একেধাৰে এগৰাকী প্ৰবন্ধকাৰ, কলা-সংস্কৃতিৰ গৱেষক, গীতিকাৰ, সুৰকাৰ, চিত্ৰশিল্পী, শিশুসাহিত্যিক আৰু পৰিৱেশ কৰ্মী৷
ড° প্ৰবীণ শইকীয়া | |
---|---|
জন্ম | ১৭ জুন, ১৯৫৫ (৬৯ বছৰ) মাধৱপুৰ, উত্তৰ লখিমপুৰ জিলা |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক , বিহপুৰীয়া মহাবিদ্যালয় |
জনা যায় | সেউজপ্ৰাণ, বনতীৰ্থ |
উল্লেখযোগ্য কৰ্ম | পৰিৱেশ সংৰক্ষণ, আপদীয়া পদ্য |
দাম্পত্যসঙ্গী | বৰ্ণালী হাজৰিকা শইকীয়া |
পিতৃ-মাতৃ | শৈলেন্দ্ৰ নাথ শইকীয়া আৰু কিৰণময়ী শইকীয়া |
জন্ম আৰু পৰিয়াল
সম্পাদনা কৰক১৯৫৫ চনত উত্তৰ লখিমপুৰ জিলাৰ মাধৱপুৰত জন্মগ্ৰহণ কৰা শইকীয়া পিতৃ-মাতৃ আছিল যথাক্ৰমে শৈলেন্দ্ৰ নাথ শইকীয়া আৰু কিৰণময়ী শইকীয়া৷ তেখেতৰ জীৱনসংগী বৰ্ণালী হাজৰিকা শইকীয়া৷
শিক্ষা আৰু শৈশৱ
সম্পাদনা কৰকড° শইকীয়াই বেদেতীৰ (জামুগুৰি) নেহৰু হাইস্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা সাং কৰাৰ পিছত নাৰায়ণপুৰৰ মাধৱদেৱ মহাবিদ্যালয়ৰ পৰা বিএ পাছ কৰে৷ ১৯৮২ চনত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত এমএ উত্তীৰ্ণ হয়৷
১৯৮৭ চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এমফিল ডিগ্ৰী লাভ কৰে৷
১৯৯৯ চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰে পৰা “খামতিসকলৰ ভাষা আৰু সমাজ: এটি অধ্যয়ন” বিষয়ত সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে৷ তেখেতৰ গৱেষণা নিৰ্দেশক আছিল ড° সত্যেন্দ্ৰ নাথ গোস্বামী৷
কৰ্মজীৱন
সম্পাদনা কৰক১৯৮২ এমএ পাছ কৰি উঠাৰ লগে লগে তেখেতে বিহপুৰীয়া মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগ দি ২০১৫ চনত সহযোগী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে৷ তেখেত বিভাগীয় মুৰব্বী হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল৷ তেখেতৰ তত্ত্বাৱধানত দুগৰাকী গৱেষকে এমফিল ডিগ্ৰী লাভ কৰে৷
গ্ৰন্থপঞ্জী
সম্পাদনা কৰকশিশু কবিতা, লিমাৰিক, গীত আদি বিষয়ত তেখেতৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছে৷ সঁফুৰা নামৰ শিশু আলোচনী আৰু প্ৰান্তিকৰ তেখেত এসময়ত নিয়মীয়া প্ৰবন্ধকাৰ আছিল৷
কিতাপ
সম্পাদনা কৰক- সুৰৰে জিঞ্জিৰি (স্বৰচিত গীতৰ পুথি), বাণী প্ৰকাশ, গুৱাহাটী, ১৯৯১
- অসমীয়া লিমাৰিক চয়ন (লিমাৰিকৰ সংকলন), বাণী প্ৰকাশ, গুৱাহাটী, ১৯৯৭
- মাণিকী মৌ (শিশু কবিতা সংকলন), কিৰণময়ী প্ৰকাশন, বিহপুৰীয়া, ১৯৯৯
- History of Assamese Literature, Directorate of Distance Education, Dibrugarh University, 2008
- আপদীয়া পদ্য (ব্যংগ কবিতাৰ সংকলন), কিৰণময়ী প্ৰকাশন, বিহপুৰীয়া, ২০০০
- খামতি ভাষা-সংস্কৃতি পৰম্পৰা (গৱেষণা গ্ৰন্থ, সৃষ্টি প্ৰকাশ, ২০২৩)
গৱেষণা পত্ৰ
সম্পাদনা কৰক- খামতিসকলৰ ভাষা আৰু সমাজ: এটি অধ্যয়ন (পিএইচডি থেছিছ), গৌহাটী বিশ্ববিদ্যালয়, ১৯৯৯
পুৰস্কাৰ আৰু সন্মান
সম্পাদনা কৰক- গৌৰৱ বঁটা, ২০১৮, মাধৱদেৱ মহাবিদ্যালয়, নাৰায়ণপুৰ
- Plant Genome Saviour Farmer's Reward নামৰ ৰাষ্ট্ৰীয় বঁটা, ২০১৬-১৭