মাধৱদেৱ বিশ্ববিদ্যালয়
মাধৱদেৱ বিশ্ববিদ্যালয় অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। ১৯৬৪ চনত নাৰায়ণপুৰ কলেজ নামেৰে প্ৰতিষ্ঠা হোৱা আৰু পাছলৈ মাধৱদেৱ মহাবিদ্যালয় নামৰে পুনঃনামকৰণ কৰা মহাবিদ্যালয়খন উন্নীত কৰি এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে।[1] ইয়াক অসম চৰকাৰে ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত গৃহীত কৰা মাধৱদেৱ বিশ্ববিদ্যালয় বিধেয়ক, ২০১৭ৰ অধীনত স্থাপন কৰিছে।[2]
মাধৱদেৱ বিশ্ববিদ্যালয় | |
---|---|
![]() মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ তোৰণ | |
মূলমন্ত্ৰ | সত্যম শিৱম্ সুন্দৰম্ |
স্থাপিত | ১৯৬৪ (নাৰায়ণপুৰ কলেজ, পাছলৈ মাধৱদেৱ মহাবিদ্যালয়) ২০১৯ (মাধৱদেৱ বিশ্ববিদ্যালয়) |
ধৰণ | ৰাজহুৱা |
আচাৰ্য | জগদীশ মুখী (অসমৰ ৰাজ্যপাল) |
উপাচাৰ্য | ড॰ দিবাকৰ চন্দ্ৰ ডেকা |
স্থান | নাৰায়ণপুৰ, লখিমপুৰ জিলা, অসম |
ভুক্তি | বিশ্ববিদ্যালয় অনুদান আয়োগ |
ৱেবছাইট | www |
২০১৯ চনৰ ১৭ জুন তাৰিখে অধ্যাপক ড॰ দিবাকৰ চন্দ্ৰ ডেকাই মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্যৰ কাৰ্য্যভাৰ গ্ৰহণ কৰে।[3] বিশ্ববিদ্যালয়খন শ্ৰী শ্ৰী মাধৱদেৱৰ নামেৰে নামকৰণ কৰা হৈছে।
ইতিহাসসম্পাদনা কৰক
১৯৬৩ চনৰ ২৪ নৱেম্বৰত নাৰায়ণপুৰ নগৰৰ সমীপৰ মাধৱপুৰ উচ্চ বুনিয়াদী বিদ্যালয়ত মহাবিদ্যালয় প্ৰতিষ্ঠাৰ বাবে প্ৰথম সভা অনুষ্ঠিত হয় আৰু ১৯৬৪ চনত নাৰায়ণপুৰ কলেজ নামেৰে এই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা হয়। প্ৰথম অধ্যক্ষ আছিল কমল গগৈ, আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল মুক্তিযোদ্ধা পূৰ্ণানন্দ দত্ত। সেই বছৰৰে পহিলা জুলাইত মহাবিদ্যালয়ৰ প্ৰথম তদৰ্থ পৰিচালনা সমিতি গঠন কৰা হয়। প্ৰথম বছৰত ইংৰাজী, অসমীয়া, ৰাজনীতি বিজ্ঞান, বুৰঞ্জী আৰু অৰ্থনীতি বিভাগসহ ৭৫জন ছাত্ৰ-ছাত্ৰী আৰু ৫জন শিক্ষক আছিল। ১৯৬৬ চনৰ ২ আগষ্ট তাৰিখে এই মহাবিদ্যালয়ক মাধৱদেৱ মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হয়।[4]
১৯৬৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ে আৰু ১৯৬৫ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰাক্ বিশ্ববিদ্যালয় শ্ৰেণীৰ স্বীকৃতি প্ৰদান কৰে। মহাবিদ্যালয়খনে ১৯৬৭ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা স্নাতক শ্ৰেণীৰ স্বীকৃতি লাভ কৰে। বিজ্ঞান শাখা আৰম্ভ হয় ১৯৭৮ চনত।[4]
শৈক্ষিকসম্পাদনা কৰক
পাঠ্যক্ৰমসমূহসম্পাদনা কৰক
মাধৱদেৱ মহাবিদ্যালয়ত নিম্নোক্ত পাঠ্যক্ৰমসমূহৰ শিক্ষা প্ৰদান কৰা হয়। মহাবিদ্যালয়খনৰ স্নাতক শাখা আৰু উচ্চতৰ মাধ্যমিক শাখা ক্ৰমে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনস্থ।
- উচ্চতৰ মাধ্যমিক (কলা আৰু বিজ্ঞান)
- স্নাতক (কলা আৰু বিজ্ঞান)
- ইউ জি চি কেৰিয়াৰমুখী পাঠ্যক্ৰম
শৈক্ষিক বিভাগসমূহসম্পাদনা কৰক
কলা:
|
বিজ্ঞান:
|
মহাবিদ্যালয়ৰ সুবিধাসমূহসম্পাদনা কৰক
- গ্ৰন্থাগাৰ
- কেৰিয়াৰ কাউন্সেলিং
- ছাত্ৰাবাস
- ছাত্ৰীনিবাস
- খেলপথাৰ
চিত্ৰভঁৰালসম্পাদনা কৰক
|
তথ্য উৎসসম্পাদনা কৰক
- ↑ "Assam house passes bills to set up universities". India Today. https://www.indiatoday.in/pti-feed/story/assam-house-passes-bills-to-set-up-universities-1040261-2017-09-07.
- ↑ "Assam: Lakhimpur’s Madhabdev College elevated to University". Norteast Now. https://nenow.in/north-east-news/assam-lakhimpurs-madhabdev-college-elevated-to-university.html/amp.
- ↑ "Dr Dibakar Chandra Deka takes charge as Madhavdev University of Narayanpur Vice-Chancellor". The Sentinel. https://www.sentinelassam.com/news/dr-dibakar-chandra-deka-takes-charge-as-madhavdev-university-of-narayanpur-vice-chancellor/amp/.
- ↑ 4.0 4.1 "মাধৱদেৱ মহাবিদ্যালয় আলোচনী, ৩১তম সংখ্যা, ২০১৩-২০১৪ বৰ্ষ". মাধৱদেৱ মহাবিদ্যালয়. ২০১৪. পৃষ্ঠাসমূহ: ৪, ৭, ৩৭, ৪৯.