প্ৰভাৱতী দেৱী সৰস্বতী (ইংৰাজী: Prabhavathi Devi Saraswathi, ৫ মাৰ্চ ১৯০৫-১৪ মে’ ১৯৭২) এগৰাকী বঙালী ভাষাৰ লেখক আৰু ওপন্যাসিক। তেওঁৰ উপন্যাস ‘বিজিতা’ৰ আধাৰত ‘ভাঙাগড়া’ নামেৰে বঙালী চলচ্চিত্ৰ এখন নিৰ্মাণ কৰা হৈছিল, যিখন ছবিৰ হিন্দী আৰু মালায়ালম ভাষাৰ উপৰিও[1] অসমীয়াতো আজলী নবৌ নামেৰে ৰিমেক হৈছিল।[2]

প্ৰভাৱতী দেৱী সৰস্বতী
জন্ম ৫ মাৰ্চ ১৯০৫
মৃত্যু ১৪ মে’ ১৯৭২
পেচা ঔপন্যাসিক

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

প্ৰভাৱতীৰ জন্ম পশ্চিমবঙ্গৰ উত্তৰ ২৪ পৰগণা জিলাৰ গোৱৰদাঙ্গাৰ খাঁটুৰা গাঁৱত হৈছিল। তেওঁৰ দেউতাকৰ নাম গোপালচন্দ্ৰ বন্দোপাধ্যায়। তেওঁ ব্ৰিটিছ ভাৰতৰ পূৰ্ববঙ্গৰ দিনাজপুৰ জিলাত (বৰ্তমান বাংলাদেশত) ওকালতি কৰিছিল। কুলপ্ৰথা বৰ্তাই ৰাখিবলৈ মাথোঁ ন বছৰ বয়সতে গৈপুৰ গাৱঁৰ বিভূতিভূষণ চৌধুৰীৰ সৈতে প্ৰভাৱতীৰ বিয়া দিয়া হৈছিল। নবছৰীয়া প্ৰভাৱতীৰ মাকৰ পৰা আঁতৰি থাকিবলৈ কষ্ট হৈছিল। তাকে লৈ শহুৰৰ ঘৰখনে বিৰূপ মন্তব্য কৰে। সেয়েহে তেওঁ মাক-দেউতাকৰ ঘৰলৈ গুছি আহে। তেনেকৈ স্বামীৰ ঘৰখনৰ সৈতে চিৰদিনৰ বাবে বিচ্ছেদ হৈ যায়। মাক-দেউতাকেও পুনৰ তেওঁক স্বামীৰ ঘৰলৈ ওভতাই পঠিয়াবলৈ চেষ্টা নকৰিলে।[1]

ইফালে আইন ব্যৱসায়ৰ কামত দেউতাকে সপৰিয়ালে দিনাজপুৰলৈ গুছি যায়। তাতেই প্ৰভাৱতীয়ে স্কুলত ভৰ্তি হয়। কিন্তু স্কুলৰ শেষ ধাপলৈ গৈয়ো তেওঁৰ চূড়ান্ত পৰীক্ষা দিয়া নহ'ল। প্ৰভাৱতীহঁতৰ পাঁচজনী ছোৱালীৰ ভিতৰত এটা ল'ৰা- সত্যসাধন। সেইসময়ত ছোৱালীতকৈ ল'ৰাৰ শিক্ষাৰ ওপৰত যিহেতু অধিক গুৰুত্ব দিয়া হৈছিল, মাকে সত্যসাধনক কলেজত নাম লিখাই দিবলৈ আটাইকেইটা ল'ৰা-ছোৱালী লৈ বহৰমপুৰলৈ গুছি আহে।[1] পিছলৈ প্ৰভাৱতী দেৱীয়ে ব্ৰহ্ম গাৰ্লছ ট্ৰেইনিং কলেজত শিক্ষকতাৰ প্ৰশিক্ষণ লৈছিল।[3]

কৰ্মজীৱন সম্পাদনা কৰক

১১ বছৰ বয়সত শ্ৰীৰামকৃষ্ণৰ উদ্দেশ্যে লিখা এটি পদ্য 'গুৰুবন্দনা' তত্ত্বমঞ্জুৰী পত্ৰিকাত প্ৰকাশ পায়। এয়া তেওঁৰ প্ৰথম প্ৰকাশিত লেখা। মা-দেউতাকেও তেওঁক লিখাৰ বাবে উৎসাহিত কৰিছিল। ইয়াৰ পিছত 'অৰ্চনা' পত্ৰিকাত প্ৰকাশ হয় গল্প 'টমি'। প্ৰভাৱতীহঁত বহৰমপুৰৰ পৰা অসমৰ এখন সৰু চহৰ লামডিঙলৈ গুছি আছে। তেওঁৰ সাহিত্যচৰ্চাত যতি নপৰিল। ৰচনা কৰে প্ৰথম উপন্যাস 'প্ৰতীক্ষা'। ১৯২৪ চনত 'ভাৰতবৰ্ষ' পত্ৰিকাত প্ৰকাশ পায় প্ৰথম ধাৰাবাহিক উপন্যাস 'বিজিতা'।[1]

প্ৰভাৱতীয়ে কলকাতা চিটি কৰ্পোৰেচন স্কুলত এগৰাকী শিক্ষয়ত্ৰী হিচাপে অংশগ্ৰহণ কৰে। তেওঁ ‘মহম্মদী’, ‘ভাৰতবৰ্ষ’, ‘উপাসনা’, ‘বনশ্ৰী’, ‘সাৰথি’ আদি কাকত-আলোচনীত লেখা-মেলা কৰিছিল। ১৯২৩ চনত তেওঁৰ প্ৰথম উপন্যাস বিজিতা প্ৰকাশ পায়। তেওঁৰ এইখন উপন্যাসৰ আধাৰত বঙালী চলচ্চিত্ৰ ভাঙাগঢ়া নিৰ্মাণ কৰা হৈছিল। ভাঙাগঢ়াক আকৌ তামিলত ‘কুলদেৱম’ (১৯৫৬), হিন্দীত ‘ভাবী’ (১৯৫৭) আৰু অসমীয়াত আজলী নবৌ[2] (১৯৮০) নামেৰে ৰিমেক কৰা হৈছিল। বাংলাৰ মেয়ে নাটকখন তেওঁৰ পথেৰ শেষে গ্ৰন্থখনখনৰ অভিযোজনা। তেওঁ তিনি শতাধিক গ্ৰন্থ প্ৰণয়ণ কৰিছে। বঙালী সাহিত্যৰ প্ৰথম মহিলা ডিটেকটিভ ‘কৃষ্ণা’ তেওঁৰে সৃষ্টি। তেওঁৰ উল্লেখযোগ্য গ্ৰন্থবোৰৰ ভিতৰত হ’ল- ‘ব্ৰতচাৰিনী’, ‘ব্যথিত ধৰিত্ৰী’, ‘বিধৱাৰ কথা’, ‘ধুলাৰ ধৰণী’, ‘জাগৰণ’, ‘মহিয়সী নাৰী’ আদি। তেওঁ জামছেদপুৰ অল ইণ্ডিয়া বেঙ্গলী লিটাৰেৰী ছোচাইটিৰ সঞ্চালক আছিল। ১৯৪৬ চনত তেওঁক কলকাতা বিশ্ববিদ্যালয়ে লীলা বঁটাৰে সন্মানিত কৰে। নৱদ্বীপ স্কলাৰ ছোচাইটিয়ে তেওঁক সৰস্বতী সন্মানেৰে সন্মানিত কৰে।[3][4]

মৃত্যু সম্পাদনা কৰক

১৯৭২ চনৰ ১৪ মেত পশ্চিমবঙ্গৰ কলকাতাত তেওঁৰ মৃত্যু হয়।[3]

তথ্যউৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 "বিস্মৃত এক সৰস্বতী". আনন্দ বাজাৰ পত্ৰিকা. https://www.anandabazar.com/supplementary/patrika/prabhavathi-devi-saraswathi-a-forgotten-litterateur-of-bengali-literature-1.1032547। আহৰণ কৰা হৈছে: 7 April 2020. 
  2. 2.0 2.1 অৰুণলোচন দাস (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. শশী শিশু প্ৰকাশন, গুৱাহাটী. 
  3. 3.0 3.1 3.2 Hasnat, Abul. "Saraswati, Prabhavati Devi" (en ভাষাত). Banglapediaen.banglapedia.org. http://en.banglapedia.org/index.php?title=Saraswati,_Prabhavati_Devi। আহৰণ কৰা হৈছে: 13 November 2017. 
  4. Dhananjayan, G. (2014) (en ভাষাত). Pride of Tamil Cinema: 1931 TO 2013: Tamil Films that have earned National and International Recognition. Blue Ocean Publishers. পৃষ্ঠা. 118. https://books.google.com/books?id=e07vBwAAQBAJ&pg=PA118&dq=Prabhavathi+Devi+Saraswathi&hl=en&sa=X&ved=0ahUKEwjVutb5iLzXAhVqrVQKHQggAhYQ6AEIJzAA#v=onepage&q=Prabhavathi%20Devi%20Saraswathi&f=false। আহৰণ কৰা হৈছে: 13 November 2017. [সংযোগবিহীন উৎস]