প্ৰসন্ন কুমাৰ ডেকা অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, অধ্যাপক৷ তেখেত শিশু সাহিত্যিক হিচাপেও পৰিচিত৷ তেখেতে ভালেসংখ্যক অসমীয়া উপন্যাস, গল্প, শিশু সাহিত্য, প্ৰবন্ধ আদি ৰচনা কৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়ায় থৈ গৈছে৷ ১৯৯৫ চনত অসম চৰকাৰে তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁলৈ সাহিত্যিক পেন্সন আগবঢ়ায়৷[1]

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

তেখেতৰ জন্ম হৈছিল ১৯২৮ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখ বৰপেটা জিলাৰ সৰ্থেবাৰী নগৰৰ যমথেৰ চুপা অঞ্চলত৷ পিতৃৰ নাম ৰামদাস ডেকা আৰু মাতৃৰ নাম শোভন প্ৰিয়া ডেকা৷

শিক্ষা জীৱন সম্পাদনা কৰক

  • ১৯৩৫-৪৯ঃ প্ৰাথিমক শিক্ষা-সৰ্থেবাৰী মজলীয়া বিদ্যালয়
  • ১৯৪০-৪৮ঃ সৰ্থেবাৰী হাইস্কুল
  • ১৯৪৮ঃ প্ৰৱেশিকা পৰীক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ
  • ১৯৪৮-৫০ঃ কটন কলেজত আই.এ. অধ্যয়ন আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ
  • ১৯৫০-৫২ঃ কটন কলেজত অসমীয়া বিষয়ত স্নাতক ডিগ্ৰীৰ বাবে অধ্যয়ন কৰে যদিও অনুতীৰ্ণ হয়৷
  • ১৯৫৬ঃ বি.বৰুৱা কলেজৰপৰা অনাৰ্ছ নোহোৱাকৈ স্নাতক ডিগ্ৰী লাভ
  • ১৯৬৩ঃ শিক্ষকপৰীক্ষাৰ্থী হিচাপে দ্বিতীয় শ্ৰেণীত এম.এ পৰীক্ষাত উত্তীৰ্ণ

কৰ্মজীৱন সম্পাদনা কৰক

১৯৫৪ চনত সৰ্থেবাৰী হাইস্কুলত ডেৰ বছৰৰ বাবে চাকৰি কৰে আৰু পৰৱৰ্তী সময়ত হাউলী নৰ্মাল স্কুলত শিক্ষকতা কৰে৷ ১৯৫৫-১৬ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত নিম্নবৰ্গৰ সহায়ক পদত কিছুকাল চাকৰি কৰাৰ পাছত ১৯৫৬ চনৰপৰা ৬৩ চনলৈকে সৰ্থেবাৰী হাইস্কুলত পুনৰ চাকৰি কৰে৷ ১৯৬৩ চনৰপৰা ১৯৯০ চনলৈকে টিহু কলেজত অসমীয়া বিভাগত অধ্যাপনা কৰে আৰু ১৯৯০ চনত মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে৷ ১৯৯০ চনত টিহুৰ সৰ্বেশ্বৰ দাস কণিষ্ঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে আৰু সৰ্থেবাৰী বি.এড কলেজৰ অধ্যক্ষৰ পদো এবছৰৰ বাবে গ্ৰহণ কৰে৷[1]

সাহিত্যিক অৱদান সম্পাদনা কৰক

১৯৪০ চনৰ পৰাই তেওঁ সাহিত্য চৰ্চা আৰম্ভ কৰে৷ অসমীয়া উপন্যাস, গল্প, শিশু সাহিত্য, প্ৰবন্ধ আদি ৰচনা কৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়ায়৷ ১৯৫৮ চনত তেওঁৰ অগতানুগতিক পত্ৰ উপন্যাস ‘প্ৰিয়তমাসু’ প্ৰকাশ পায়৷ তাৰোপৰি ‘ৰামধেনু’, ‘গৰীয়সী’, ‘প্ৰান্তিক’ আদি আলোচনী আৰু ‘আমাৰ অসম’, ‘আজিৰ অসম’, ‘অসম বাণী’ আদি কাকতত ডেকাৰ ভালেমান লেখা প্ৰকাশ পাইছে৷ ১৯৭৬ চনত টিহুত অনুষ্ঠিত অসম সাহিত্য সভা ৰ স্মৃতিগ্ৰন্থখন তেওঁৰ সম্পাদনাত প্ৰকাশ পায়৷[1] তাৰোপৰি ১৯৯৫ চনত সৰ্থেবাৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৬১সংখ্যক অধিৱেশনত তেওঁ আদৰণী সমিতিৰ সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰে৷

শিশু সাহিত্য[2] সম্পাদনা কৰক

  • সাধুকথাৰ পুথি
  • জীৱন আৰু জেউতি
  • জীৱনৰ জীয়া কাহিনী
  • মাক আৰু মৰম
  • জোন আৰু জুৰি
  • জাৰ্মান দেশৰ সাধু
  • দেৱদূতী জোৱান ডাৰ্ক

জীৱনী সম্পাদনা কৰক

  • মহাপুৰুষ শ্ৰী শ্ৰীভক্তদাস আতৈ
  • সৰা শেৱালিৰ সুবাস

পত্ৰোপন্যাস সম্পাদনা কৰক

  • প্ৰিয়তমাসু, পত্ৰোপন্যাস, ১৯৫৮

জ্ঞান বিজ্ঞান সম্পাদনা কৰক

  • মনোৰম মৰুভূমি
  • দেৱদূতী জোৱান আৰ্ক
  • ৰচনা প্ৰৱাহ,ব্যাকৰণসহ
  • চকা-পইচাৰ কাহিনী

অনুবাদ সম্পাদনা কৰক

  • ক’লী সুন্দৰী টিউলীপ, আলেকজেণ্ডাৰ ডুমাৰৰ ইংৰাজী উপন্যাসৰপৰা

কবিতা পুথি সম্পাদনা কৰক

  • মন বাকৰিৰ ববচা বনৰ পাত আৰু ফুল

অন্যান্য সম্পাদনা কৰক

  • সাহিত্য উপকৰণ

সম্পাদনা সম্পাদনা কৰক

  • মাধৱদেৱৰ চোৰধৰা আৰু পিম্পৰা গুচোৱা নাটৰ সম্পাদনা
  • অসম সাহিত্য সভাৰ টিহু অধিৱেশনৰ স্মৃতিগ্ৰন্থ, ১৯৭৬
  • কোহিৰাম দাস জন্ম শতবাৰ্ষিকী স্মৃতিগ্ৰন্থ, ১৯৮২
  • 'জিৰণি' নামৰ মাহেকীয়া আলোচনী, ১৯৯৩-৯৪

মৃত্যু সম্পাদনা কৰক

২০১৪ চনৰ ৮ আগষ্টৰ দিনা সৰ্থেবাৰীৰ নিজা বাসভৱনৰ সমীপৰ পুখুৰীত পৰি আকস্মিকভাৱে প্ৰসন্ন কুমাৰ ডেকাৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ৷[1]

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • ১৯৯৫ চনত অসম চৰকাৰৰ সাহিত্যিক পেন্সন[2]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 চক্ৰেশ্বৰ ডেকা (২০১৪). স্মৃতিপটত প্ৰসন্ন কুমাৰ ডেকা. প্ৰকাশক সৰ্থেবাৰী. 
  2. 2.0 2.1 "আমাৰ অসম কাকতৰ ১০ আগষ্টত প্ৰকাশিত বাতৰি". ১০ আগষ্ট, ২০১৪. Archived from the original on 2015-12-11. https://web.archive.org/web/20151211013419/http://www.amarasom.glpublications.in/epapermain.aspx। আহৰণ কৰা হৈছে: 10 আগষ্ট 2014.