প্ৰিয়ংকা মজুমদাৰ

ভাৰতীয় কে-প'প কণ্ঠশিল্পী

প্ৰিয়ংকা (কোৰীয়: 프리얀카; সম্পূৰ্ণ নাম: প্ৰিয়ংকা মজুমদাৰ) অসমৰ এগৰাকী কণ্ঠশিল্পী। প্ৰিয়ংকা বৰ্তমান কোৰীয় প'প সংগীত (চমুকৈ কে-প'প) বেণ্ড জি-গাৰ্লচ্ (Z-Girls)-ৰ মূল কণ্ঠশিল্পী। প্ৰিয়ংকাক ভাৰতৰ প্ৰথম কে-প'প তাৰকা ৰূপে অভিহিত কৰা হয়।[1] কে-প'প বা কোৰীয় প'প এক সংগীতৰ শৈলী যাৰ উদ্ভৱ হয় দক্ষিণ কোৰিয়াত, যি বৰ্তমানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিপুল জনপ্ৰিয়তা লাভ কৰিব সক্ষম হৈছে।[2]

প্ৰিয়ংকা
프리얀카
আন নাম প্ৰিয়ংকা মজুমদাৰ
জন্ম ২ জুলাই, ১৯৯৭ (২৬ বছৰ)
গুৱাহাটী, অসম, ভাৰত
সংগীতৰ প্ৰকাৰ কে-প'প
পেচা কণ্ঠশিল্পী
বাদ্যযন্ত্ৰ কণ্ঠ
কাৰ্যকাল ২০১৯ - বৰ্তমান
সহযোগী  জি-গাৰ্লচ্, জি-ষ্টাৰচ্

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

প্ৰিয়ংকাৰ জন্ম হয় ১৯৯৭ চনৰ ২ জুলাইত। অসমৰ গুৱাহাটীৰ ৰূপনগৰৰ বাসিন্দা প্ৰিয়ংকাই সৰুৰে পৰাই কে-প'প সংগীতৰ প্ৰতি আকৰ্ষিত আছিল। তাই কে-প'প সংগীত শুনিয়েই কোনো শিক্ষকৰ অবিহনে কোৰীয় ভাষাতো আয়ত্ত্ব কৰিছিল।[3] জনপ্ৰিয় কে-প'প বেণ্ড বি টি এচ প্ৰিয়ংকাৰ অনুপ্ৰেৰণাৰ মূল উৎস।[3]

কেৰিয়াৰ সম্পাদনা কৰক

দক্ষিণ কোৰিয়াৰ বৈদেশীক মন্ত্ৰালয়ে প্ৰতিবছৰে আয়োজন কৰা কে-প'প ৱৰ্ল্ড ফেষ্টিভেল প্ৰতিযোগিতাত ২০১৬ চনত প্ৰিয়ংকা ভাগ লয়। চেংৱান চহৰত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ অন্তিম পৰ্যায়ত প্ৰিয়ংকাই শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ খিতাপ দখল কৰে।[4]

আন্তঃৰাষ্ট্ৰীয় কে-প'প সংগীত তাৰকা সৃষ্টি কৰাৰ উদ্দেশ্যে আৰম্ভ হোৱা জি-প'প ড্ৰিমছ নামৰ এক কাৰ্যসূচীৰ অংশ হিচাপে গঠন হোৱা জি-গাৰ্লচ্‌ নামৰ ছোৱালীৰ কে-প'প বেণ্ডত প্ৰিয়ংকাই মূল কণ্ঠশিল্পী ৰূপে স্থান লাভ কৰে। তাইৰ লগতে দিল্লীৰ সিদ্ধান্ত অৰোৰাই জি-বইজ্ নামৰ ল'ৰাৰ কে-প'প বেণ্ডত স্থান পায়। ২০১৯ চনৰ ১৭ জানুৱাৰীত এক ভিডিঅ' যোগে প্ৰিয়ংকাৰ লগতে জি-গাৰ্লচ্‌ আন সদস্যসকলক দৰ্শকৰ মাজত চিনাকি কৰাই দিয়া হয়।[5][6] কোনো কে-প'প বেণ্ডত স্থান লাভ কৰা প্ৰিয়ংকা আৰু সিদ্ধান্ত হৈছে প্ৰথম ভাৰতীয়, সেয়ে দুয়োকে ভাৰতৰ প্ৰথম কে-প'প তাৰকা হিচাপে অভিহিত কৰা হয়।[6][1]

প্ৰিয়ংকাৰ প্ৰথম কে-প'প সংগীত ভিডিঅ' "হোৱাট ইউ ৱাইটিং ফৰ" মুক্তি পায় ২০১৯ চনৰ ২২ ফেব্ৰুৱাৰীত।[7][8][9]

সমালোচনা সম্পাদনা কৰক

প্ৰিয়ংকাৰ লগতে জি-গাৰ্লচ্‌ বেণ্ডে শ্ৰোতা-দৰ্শকৰ পৰা ধনাত্মক সঁহাৰি লাভ কৰিব সক্ষম হয়। তথাপিও কে-প'পৰ কিছু ৰক্ষণশীল অনুৰাগীয়ে প্ৰিয়ংকা কোৰীয় মূলৰ নোহোৱা বাবে আৰু কোৰীয় ভাষা সলসলীয়াকৈ ক'ব নোৱাৰাৰ বাবে সমালোচনা কৰে।[10] এক সাক্ষাৎকাৰত প্ৰিয়ংকাই তাইৰ গাৰ-বৰণৰ আৰু চেহেৰা পৰম্পৰাগত কোৰীয় লোকৰ দৰে নোহোৱাৰ বাবে লাভ কৰা ঋনাত্মক মন্তব্য আৰু বৰ্ণবৈষম্য সন্মুখীন হোৱাৰ কথা সদৰি কৰে।[3]

সঙ্গীতপঞ্জী সম্পাদনা কৰক

  • ২০১৯: "হোৱাট ইউ ৱাইটিং ফৰ" (What You Waiting For- জি-গাৰ্লচ্‌)
  • ২০১৯: "আৱাৰ গেলেক্সি" (Our Galaxy- জি-ষ্টাৰচ্)
  • ২০১৯: "ষ্ট্ৰিটচ্ অফ গ'ল্ড" (Streets of Gold- জি-গাৰ্লচ্‌)

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 "Meet Priyanka Mazumdar and Siddhant Arora, world's first Indian K-pop stars" (en ভাষাত). https://www.timesnownews.com/entertainment/news/people/article/meet-priyanka-mazumdar-and-siddhant-arora-worlds-first-indian-k-pop-stars/367890. 
  2. Hartong, Jan Laurens (2006). Musical terms worldwide: a companion for the musical explorer. Semar Publishers. পৃষ্ঠা. 15. ISBN 978-88-7778-090-4. https://books.google.com/?id=KmMx0FA86QcC&pg=PA15&dq=k+pop+korean+popular+music#v=onepage&q=k%20pop%20korean%20popular%20music&f=false। আহৰণ কৰা হৈছে: December 5, 2011. 
  3. 3.0 3.1 3.2 Meet The First Indian K-Pop Idols (feat. Z-Stars) | ASIAN BOSS. 19 May 2019. 
  4. "Guwahati girl wins best vocal award at K-POP World Festival" (en ভাষাত). 2016-10-03. https://www.hindustantimes.com/music/guwahati-girl-wins-best-vocal-award-at-k-pop-world-festival/story-9nbmMizHEwHxs9yseYRd5M.html. 
  5. @zpop_official (17 Jan 2019). "🎉 Z-GIRLS Member Profiles are finally revealed today!". https://twitter.com/zpop_official/status/1085824714918875136. 
  6. 6.0 6.1 "Make way for Indian K-pop stars!" (en ভাষাত). 2019-02-15. https://www.hindustantimes.com/music/make-way-for-indian-k-pop-stars/story-GHPDNYPo3sAbS81CApdM7M.html. 
  7. @zpop_official (19 Feb 2019). "🎉 Z-GIRLS Music Video Teaser Reveal". https://twitter.com/zpop_official/status/1098074497830182912. 
  8. [MV] Z-Girls 'What You Waiting For'. 22 Feb 2019. 
  9. "World's first Indian K-Pop star, Priyanka Mazumdar's video is out and it will make you 'feel the fire' too" (en ভাষাত). https://www.timesnownews.com/entertainment/news/people/article/worlds-first-indian-k-pop-star-priyanka-mazumdars-video-is-out-and-it-will-make-you-feel-the-fire-too/370907. 
  10. Bhura, Sneha. "Dreaming Korea" (en ভাষাত). The Week. Archived from the original on 2018-09-05. https://web.archive.org/web/20180905042816/https://www.theweek.in/theweek/leisure/2018/08/04/dreaming-korea.html. 

বাহ্যিক সংযোগ সম্পাদনা কৰক