১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

২ জুলাই (ইংৰাজী: 2 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৩তম (অধিবৰ্ষত ১৮৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮২টা দিন বাকী থাকে।

ঘটনাপঞ্জী

সম্পাদনা কৰক
  • ১৬৯৮ – থমাছ ছাভেৰীয়ে তেওঁৰ প্ৰথম ভাপ ইঞ্জিনৰ পেটেণ্ট লাভা কৰে।
  • ১৮৯৭ – ইটালীৰ বিজ্ঞানী মাৰ্কনীয়ে লণ্ডনক অনাতাঁৰ যন্ত্ৰৰ বাবে পেটেণ্ট লাভ কৰে।
  • ১৯৪০– ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী নেতা সুভাষ চন্দ্ৰ বসুক গ্ৰেপ্তাৰ কৰি কলিকতা কাৰাগাৰত বন্দী কৰা হয়।
  • ২০০২ – অকলশৰে বেলুনত উঠি পৃথিৱী প্ৰৰিভ্ৰমণ কৰা প্ৰথম ব্যক্তি হিচাপে পৰিগণিত হয় ষ্টিভ ফ'ছেট।
  • ২০১৩ - আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘই প্ল'টোৰ চতুৰ্থ আৰু পঞ্চম উপগ্ৰহ দুটাক ক্ৰমে কাৰ্বেৰছ (Kerberos) আৰু ষ্টিক্স (Styx) নামেৰে নামকৰণ কৰে।
  • ১৭৫৭ - চিৰাজ-উদ-দৌলা, বংগৰ অন্তিম স্বাধীন নৱাব আছিল।
  • ১৭৭৮ - জঁ-জাক ৰুছ’, চমুকৈ ৰুছো, ফৰাচী বিপ্লৱৰ পিতৃপুৰুষ, চুইজাৰলেণ্ড আৰু ফ্ৰান্সৰ দাৰ্শনিক।
  • ১৮৪৩ - চেমুৱেল হ্যানিমেন, জাৰ্মানীৰ হোমিওপেথিক ঔষধৰ আবিষ্কাৰক।
  • ১৯৬১ - আৰ্নেষ্ট হেমিংৱে, আমেৰিকান উপন্যাসিক, ছুটিগল্প ৰচক আৰু সাংবাদিক।
  • ১৯৫০ - ইউছুফ মেহেৰ আলী, ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজতান্ত্ৰিক নেতা। (তেওঁ ১৯৪২ চনত বোম্বাইৰ মেয়ৰ নিৰ্বাচিত হৈছিল। তেওঁ ৰাষ্ট্ৰীয় মিলিছিয়া, বোম্বাই যুৱ লীগ আৰু কংগ্ৰেছ সমাজতান্ত্ৰিক দলৰ প্ৰতিষ্ঠাপক আছিল।)
  • ২০২২ - তুলসী ওজা, অসমীয়া লোক কৃষ্টিৰ সাধক, ঢোলৰ ওজা তথা প্ৰতিমা পাণ্ডে বঁটা প্ৰাপক। [1]
  • বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস।
  • স্বাধীনতা দিৱস - বাহিয়া

বাহ্যিক সংযোগ

সম্পাদনা কৰক



তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্ক (২ জুলাই, ২০২২). "ঢুলীয়া সংস্কৃতিৰ অন্যতম ধ্বজাবাহক তুলসী ওজা আৰু নাই…". অসমীয়া প্ৰতিদিন, গুৱাহাটী, অসমwww.asomiyapratidin.in. https://www.asomiyapratidin.in/tulshi-ojha-from-dibrugarh-passes-away/.