প্ৰীতিলতা ওৱাদ্দেদাৰ
প্ৰীতিলতা ওৱাদ্দেদাৰ (ইংৰাজী: Pritilata Waddedar; ৫ মে' ১৯১১ – ২৪ ছেপ্টেম্বৰ ১৯৩২) [1] ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী প্ৰভাৱশীল বিপ্লৱী আছিল। [2] [3] চট্টগ্ৰাম আৰু ঢাকাত শিক্ষা সমাপ্ত কৰি কলকাতাৰ বেথুন কলেজত পঢ়া-শুনা কৰে। দৰ্শন বিষয়ত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰাৰ অন্তত স্কুলৰ শিক্ষয়ত্ৰী ৰূপে কৰ্মৰত হয়। তেওঁক বংগৰ প্ৰথম মহিলা শ্বহীদ ৰূপে গণ্য কৰা হয়। [4] [5]
প্ৰীতিলতা ওৱাদ্দেদাৰ | |
---|---|
জন্ম | ৫ মে', ১৯১১ ধলঘাট, পটিয়া, চট্টগ্ৰাম, বেংগল প্ৰেচিডেঞ্চি (বৰ্তমানৰ বাংলাদেশ) |
মৃত্যু | ২৪ ছেপ্টেম্বৰ, ১৯৩২ (২১ বছৰ)[1] চট্টগ্ৰাম, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত |
মৃত্যুৰ কাৰণ | পটাচিয়াম চাইনাইড সেৱন কৰি আত্মহত্যা |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় (ব্ৰিটিছ ভাৰতীয়) |
অন্য নাম | ৰাণী |
শিক্ষানুষ্ঠান | বেথুন কলেজ |
পেচা | শিক্ষয়ত্ৰী |
জনা যায় | পাহাৰতলী ইউৰোপিয়ান ক্লাৱ আক্ৰমণ (১৯৩২) |
আত্মীয়-স্বজন | আশ চৰকাৰ (great-great-niece) |
প্ৰীতিলতাই সূৰ্য্ সেনৰ নেতৃত্বত গঠিত এটা বিপ্লৱী গোটত যোগদান কৰে। ১৯৩২ চনত পাহাৰতলী ইউৰোপিয়ান ক্লাবত হোৱা সশস্ত্ৰ আক্ৰমণত[7] পোন্ধৰজন বিপ্লৱীক নেতৃত্ব দিয়াৰ বাবে তেওঁ পৰিচিত, [6] [7] য'ত এজন লোক নিহত হয় আৰু এঘাৰজন আহত হয়। বিপ্লৱীসকলে ক্লাবটো জ্বলাই দিয়ে আৰু পিছত ঔপনিৱেশিক আৰক্ষীৰ হাতত ধৰা পৰে। চাইনাইড সেৱন কৰি আত্মহত্যা কৰে প্ৰীতিলতাই। তেওঁৰ লগত এটা চুইচাইড নোট বা চিঠি এখন পোৱা গৈছিল, যিখন তেওঁ ভাৰতীয় ৰিপাব্লিকান আৰ্মী, চট্টগ্ৰাম শাখাৰ উদ্দেশ্য লিখি থৈছিল। চিঠিখনত মাষ্টাৰদা সূৰ্য্ সেন আৰু নিৰ্মল সেনৰ নামৰ লগতে আলিপুৰ কেন্দ্ৰীয় কাৰাগাৰত ৰামকৃষ্ণ বিশ্বাসক কেইবাবাৰো লগ পোৱাৰ অভিজ্ঞতাৰ কথাও উল্লেখ আছিল। ৰামকৃষ্ণ বিশ্বাসৰ ইতিমধ্যে ফাঁচীৰ হুকুম হৈছিল আৰু প্ৰীতিলতাই তেওঁক সম্পৰ্কীয় ভনীয়েকৰ ছদ্মনামেৰে লগ ধৰিছিল। [8]
বৈপ্লৱিক কৰ্মকাণ্ড
সম্পাদনা কৰকসূৰ্য সেনৰ বৈপ্লৱিক গোটত যোগদান
সম্পাদনা কৰকসুৰ্য সেনে প্ৰীতিলতাৰ বিষয়ে শুনিছিল আৰু বিচাৰিছিল যে তেওঁ তেওঁলোকৰ বিপ্লৱী গোটত যোগদান কৰক। [9] ১৯৩২ চনৰ ১৩ জুনত প্ৰীতিলতাই তেওঁলোকৰ ধলঘাট শিবিৰত সুৰ্য সেন আৰু নিৰ্মল সেনক লগ পায়। [10] সমসাময়িক বিপ্লৱী বিনোদ বিহাৰী চৌধুৰীয়ে এগৰাকী নাৰীক তেওঁলোকৰ গোটত যোগদানত আপত্তি কৰে। কিন্তু বিপ্লৱীসকলে যুক্তি দিয়ে যে অস্ত্ৰ পৰিবহণৰ ক্ষেত্ৰত তুলনামূলকভাবে মহিলাসকল সাধাৰণতে পুৰুষৰ দৰে সন্দেহৰ আৱৰ্তত নাথাকে।[9]
ৰামকৃষ্ণ বিশ্বাসৰ দ্বাৰা প্ৰভাৱান্বিত
সম্পাদনা কৰকসুৰ্য সেন আৰু তেওঁৰ বিপ্লৱী দলটোৱে চট্টগ্ৰামৰ মহাপৰিদৰ্শক মিষ্টাৰ ক্ৰেগক হত্যা কৰাৰ সিদ্ধান্ত লয়। এই কামৰ বাবে ৰামকৃষ্ণ বিশ্বাস আৰু কালিপদ চক্ৰৱৰ্তীক নিযুক্তি নিয়োগ কৰা হয়। কিন্তু ভুলতে ক্ৰেগৰ সলনি চান্দপুৰৰ আৰক্ষী অধীক্ষক আৰু পৰিদৰ্শক তাৰিণী মুখাৰ্জীক হত্যা কৰে। ১৯৩০ চনৰ ২ ডিচেম্বৰত ৰামকৃষ্ণ বিশ্বাস আৰু কালিপদ চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰা হয়।[11] বিচাৰৰ পিছত বিশ্বাসক ফাঁচী দিয়াৰ আৰু চক্ৰৱৰ্তীক চেলুলাৰ জেললৈ নিৰ্বাসিত কৰাৰ নিৰ্দেশ দিয়া হয়। পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ চট্টগ্ৰামৰ পৰা কলকাতা আলিপুৰ কাৰাগাৰলৈ আহিবলৈ প্ৰয়োজনীয় ধনৰ অভাৱ আছিল। সেয়েহে প্ৰীতিলতাক আলিপুৰ জেললৈ গৈ ৰামকৃষ্ণ বিশ্বাসক লগ কৰিবলৈ কোৱা হৈছিল, যিহেতু তেওঁ সেই সময়ত কলকালাতে আছিল।[12]
পাহাৰতলীৰ আক্ৰমণ
সম্পাদনা কৰক১৯৩২ চনত সুৰ্য সেনে পাহাৰতলী ইউৰোপিয়ান ক্লাবক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰে, য'ত লিখা আছিল "কুকুৰ আৰু ভাৰতীয়ৰ প্ৰবেশৰ অনুমতি নাই"। এই অভিযানৰ বাবে সুৰ্য সেনে এগৰাকী মহিলা নেত্ৰী নিযুক্তি দিয়াৰ সিদ্ধান্ত লয়। আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ সাত দিন পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল কল্পনা দত্তক। ইয়াৰ বাবেই প্ৰীতিলতাক আক্ৰমণৰ নেতৃত্ব ল’বলৈ দিয়া হয়। প্ৰীতিলতাই অস্ত্ৰ প্ৰশিক্ষণৰ বাবে কোটোৱালী সমুদ্ৰতীৰলৈ যায় আৰু তাতেই তেওঁলোকৰ আক্ৰমণৰ পৰিকল্পনা ৰচনা কৰে। ১৯৩২ চনৰ ২৪ ছেপ্টেম্বৰত[1] তেওঁলোকে ক্লাবটো আক্ৰমণ কৰাৰ সিদ্ধান্ত লয়।গোটৰ সদস্যসকলক পটাছিয়াম চাইনাইড দিয়া হয়, যাতে ধৰা পৰিলে সেৱন কৰিব পাৰে।[13]
আক্ৰমণৰ দিনা প্ৰীতিলতাই পঞ্জাবী পুৰুষৰ সাজ-পোছাক পিন্ধে। তেওঁৰ সহযোগী কলিশংকৰ দে, বীৰেশ্বৰ ৰায়, প্ৰফুল্ল দাস, শান্তি চক্ৰৱৰ্তীয়ে ধুতি-চোলা পিন্ধিছিল। মহেন্দ্ৰ চৌধুৰী, সুশীল দে আৰু পান্না সেনে লুঙি আৰু চোলা পিন্ধিছিল।[14]
নিশা প্ৰায় ১০:৪৫ বজাত ক্লাবত উপস্থিত হৈ তেওঁলোকে আক্ৰমণ আৰম্ভ কৰে। তেতিয়া ক্লাবৰ ভিতৰত প্ৰায় ৪০ জন লোক আছিল। বিপ্লৱীসকলে আক্ৰমণৰ বাবে নিজকে তিনিটা পৃথক গোটত বিভক্ত কৰিছিল; তেওঁলোকে গুলী চলাবলৈ আৰম্ভ কৰাৰ আগতেই অট্টালিকাটোত জুই লগাই দিয়া হৈছিল। তেতিয়া ক্লাবত ৰিভলভাৰ থকা দুই এজন আৰক্ষী বিষয়াই গুলীচালনা কৰিবলৈ ধৰে। প্ৰীতিলতা বিপৰীত পক্ষৰ গুলীত সামান্য আহত হয়। আৰক্ষীৰ প্ৰতিবেদন অনুসৰি এই আক্ৰমণত ছুলিভান উপাধিৰ এগৰাকী মহিলাৰ মৃত্যু হয় আৰু চাৰিজন পুৰুষ আৰু সাতগৰাকী মহিলা আহত হয়।[14]
মৃত্যু
সম্পাদনা কৰকগুলী লাগি আহত হোৱা প্ৰীতিলতা ঔপনিৱেশিক আৰক্ষীৰ হাতত আবদ্ধ হৈ পৰে। গ্ৰেপ্তাৰৰ হাত সাৰিবলৈ তেওঁ চাইনাইড গিলে।[22] পিছদিনা আৰক্ষীয়ে তেওঁ মৃতদেহ উদ্ধাৰ কৰে। তেওঁৰ মৃতদেহ বিচাৰি ফুৰাৰ সময়ত আৰক্ষীয়ে কেইখনমান প্ৰচাৰ পত্ৰিকা, ৰামকৃষ্ণ বিশ্বাসৰ ফটো, গুলী, হুইচেল আৰু তেওঁলোকৰ আক্ৰমণৰ পৰিকল্পনাৰ খচৰা উদ্ধাৰ কৰে। মৰণোত্তৰ পৰীক্ষাৰ সময়ত দেখা যায় যে গুলীৰ আঘাত বৰ গুৰুতৰ নাছিল আৰু চাইনাইডৰ বিষক্ৰিয়াহে তেওঁৰ মৃত্যুৰ কাৰণ।[14]
বংগৰ মুখ্য সচিবে লণ্ডনত থকা ব্ৰিটিছ কৰ্তৃপক্ষলৈ এক প্ৰতিবেদন প্ৰেৰণ কৰে য’ত লিখা আছিল যে প্ৰীতিলতা পৰিদৰ্শক তাৰিণী মুখাৰ্জীৰ হত্যাকাণ্ডৰ অপৰাধত ফাঁচী দিয়া সন্ত্ৰাসবাদী বিশ্বাসৰ যদি প্ৰকৃততে মিষ্ট্ৰেছ নহয়, তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছিল আৰু কিছুমান প্ৰতিবেদনে ইংগিত দিয়ে যে তেওঁ আছিল ধলঘাটত গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰি নিহত হোৱা নিৰ্মল সেনৰ পত্নী, য’ত কেপ্তেইন কেমেৰ’নৰ মৃত্যু হৈছিল।[1]
গেলাৰী
সম্পাদনা কৰক-
কলকাতাৰ ময়দানত প্ৰীতিলতাৰ প্ৰতিমূৰ্তি
-
প্ৰীতিলতা শ্বহীদ মিনাৰ
-
চট্টগ্ৰাম বিশ্ববিদ্যালয়ৰ প্ৰীতিলতা প্ৰেক্ষাগৃহ
-
প্ৰীতিলতাই আত্মহত্যা কৰা স্থান, য’ত তেওঁৰ স্মৃতিত ফলক এখন স্থাপন কৰা হৈছে
তথ্য উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 Kalpana Dutt (1979). Chittagong Armoury raiders: reminiscences. Peoples' Pub. House. পৃষ্ঠা. 53. https://books.google.com/books?id=wcoBAAAAMAAJ.
- ↑ "Pritilata's 100th birthday today". The Daily Star. 5 May 2011. http://www.thedailystar.net/newDesign/news-details.php?nid=184343.
- ↑ "Pritilata Waddedar (1911–1932)". News Today. Archived from the original on 2012-01-26. https://web.archive.org/web/20120126141408/http://www.newstoday.com.bd/index.php?option=details&news_id=51162&date=2012-01-25.
- ↑ "After 80 yrs, posthumous degrees for revolutionaries". The Times of India. 22 March 2012. http://timesofindia.indiatimes.com/city/kolkata/After-80-yrs-posthumous-degrees-for-revolutionaries/articleshow/12364819.cms.
- ↑ "8 Facts About Pritilata Waddedar - Bengal's First Woman Martyr". The Times of India. 13 February 2016. https://www.indiatimes.com/entertainment/bollywood/8-reasons-it-s-time-bollywood-made-a-biopic-on-pritilata-waddedar-bengal-s-first-woman-martyr-250573.html। আহৰণ কৰা হৈছে: 14 March 2022.
- ↑ Geraldine Forbes (1999). Women in Modern India. The New Cambridge History of India. IV.2. Cambridge University Press. পৃষ্ঠা. 140–141. ISBN 978-0-521-65377-0. https://books.google.com/books?id=hjilIrVt9hUC&pg=PA140.
- ↑ "Remembering the Legendary Heroes of Chittagong". NIC. http://pib.nic.in/feature/feyr98/fe0898/f1808989.html। আহৰণ কৰা হৈছে: 6 January 2013.
- ↑ "Indian Independence". Archived from the original on 19 November 2012. https://web.archive.org/web/20121119062342/http://www.clatgyan.com/downloads/Independence-CLATGyan.pdf। আহৰণ কৰা হৈছে: 5 January 2013.
- ↑ 9.0 9.1 "CCC plans to house 2 girls' schools in commercial complex". The Daily Star. 31 January 2009. http://www.thedailystar.net/newDesign/news-details.php?nid=73697.
- ↑ "Pritilata's birth anniversary observed at CU". New Age. Archived from the original on 2013-01-29. https://archive.ph/20130129160031/http://www.newagebd.com/detail.php?date=2012-05-06http://www.newagebd.com/detail.php%3Fdate=2012-05-06&nid=9340%23.UQfx-33LdRx.
- ↑ "A Long Walk to Freedom". Star Weekend Magazine (The Daily Star). Archived from the original on 27 March 2016. https://web.archive.org/web/20160327172607/http://archive.thedailystar.net/magazine/2010/02/03/cover.htm.
- ↑ Reva Chatterjee (2000). Netaji Subhas Bose. Ocean Books. পৃষ্ঠা. 2–. ISBN 978-81-87100-27-0. https://books.google.com/books?id=Y6Dw3W9ubLkC&pg=RA2-PT151.
- ↑ "The Fire-Brand Woman Of Indian Freedom Struggle.". Towards Freedom. http://www.towardsfreedom.in/site/Pritilata_Waddedar। আহৰণ কৰা হৈছে: 18 December 2012.
- ↑ 14.0 14.1 14.2 Reva Chatterjee (2000). Netaji Subhas Bose. Ocean Books. পৃষ্ঠা. 2–. ISBN 978-81-87100-27-0. https://books.google.com/books?id=Y6Dw3W9ubLkC&pg=RA2-PT151.