পৰমানন্দ মহন্ত একাধাৰে বিজ্ঞানী, অধ্যাপক আৰু বিজ্ঞান লেখক৷[1] তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আছিল৷ অসমত জনপ্ৰিয় বিজ্ঞান বিষয়ক গ্ৰন্থ প্ৰণয়ন আৰু বিজ্ঞান মানসিকতা গঠনৰ প্ৰচেষ্টাত মহন্ত এগৰাকী উল্লেখযোগ্য ব্যক্তি৷ তদুপৰি অসমৰ বিভিন্ন আলোচনী-বাতৰি কাকতত তেওঁ বিজ্ঞান বিষয়ক লেখা প্ৰকাশ কৰি আহিছে৷ তেওঁ অসম বিজ্ঞান সমিতিৰো সভাপতি আছিল৷[2]

পৰমানন্দ মহন্ত
জন্ম ১৫ নৱেম্বৰ, ১৯৪১
চিপহা সত্ৰ, যোৰহাট জিলা, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অধ্যাপক, বিজ্ঞান লেখক
পিতৃ-মাতৃ চন্দ্ৰকান্ত মহন্ত আৰু দীপিকা মহন্ত

জন্ম আৰু পৰিয়াল সম্পাদনা কৰক

তেখেতৰ জন্ম হৈছিল ১৯৪১ চনৰ ১৫ নৱেম্বৰ তাৰিখে যোৰহাট তিতাবৰস্থিত শ্ৰীশ্ৰী চিপহা সত্ৰত৷ পিতৃৰ নাম চন্দ্ৰকান্ত মহন্ত আৰু মাতৃৰ নাম দীপিকা মহন্ত৷ তেখেতৰ পত্নীৰ নাম অৰ্পনা মহন্ত[3] অৰ্পনা মহন্ত আছিল অসমৰ এগৰাকী নাৰীবাদী চিন্তাবিদ আৰু অধ্যাপক৷[4]

শিক্ষা সম্পাদনা কৰক

  • নিজ গৃহতেই প্ৰাথমিক শিক্ষা আৰম্ভ হয় আৰু পৰৱৰ্তী সময়ত চিপহা প্ৰাথমিক বিদ্যালয়ত কিছুদিন শিক্ষা লাভ কৰে।
  • মাধ্যমিক শিক্ষাঃ মিহিৰাম শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয় (১৯৪৯-১৯৫২)
  • হাইস্কুল শিক্ষাঃ গুৱাহাটীকটন কলেজিয়েট স্কুল (১৯৫২-১৯৫৭)
  • হায়াৰছেকেণ্ডৰীঃ কটন কলেজ (১৯৫৭-১৯৫৯)
  • স্নাতকঃ দিল্লী বিশ্ববিদ্যালয় (ফিজিক্স বিষয়ত) (১৯৫৯-১৯৬১)
  • স্নাতকোত্তৰঃ লণ্ডন ইম্পেৰিয়েল (১৯৬১-১৯৬৩)
  • ইম্পেৰিয়েল কলেজৰ ডিপ্লমা DIC (1964-1968) আৰু ১৯৬৮ চনত ডক্টৰেট ডিগ্ৰী লাভ৷

কৰ্মজীৱন সম্পাদনা কৰক

তেখেতে ১৯৬৩-১৯৬৪ চনত কটন কলেজৰ প্ৰৱক্তা হিচাপে যোগদান কৰে৷ ১৯৬৯ চনৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত প্ৰবক্তা হিচাপে নিয়োজিত হয় আৰু ১৯৭৬ চনৰ পৰা ১৯৮৬ চনলৈকে ‘ৰীডাৰ’ আৰু ১৯৬৮ চনৰ পৰা ২০০২ চনলৈ অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ৷ ১৯৬৯ চনত এমাহৰ বাবে TIF প্ৰতিষ্ঠানত গৱেষণা আৰু ১৯৭০ চনৰ এপ্ৰিল-অক্টোবৰ মাহত UNESCO FELLOW হিচাপে ইটালীৰ ‘ট্ৰিপেটি ইণ্টাৰ্নেশ্যনেল চেণ্টাৰ ফ’ৰ থিওৰিটিকেল ফিজিক্স (ICTP)ত গৱেষণা কাৰ্যত ব্ৰতী হয়৷ ১৯৭৬ চনত UGCৰ National Assicteship ফেল’শ্বিপ লাভ৷ এই ফেল’শ্বিপত পাঁচটা বছৰৰ ভিতৰত তিনিটা বছৰত ভাৰতৰ যিকোনো ঠাইত গৱেষণা কৰিব পাৰি৷ ১৯৭৮ চনত মহন্তই এই প্ৰকল্পৰ বাবে বেঙ্গালুৰুস্থিত ‘ইণ্ডিয়ান ইনষ্টিটিউট অৱ চায়েন্স’ত গৱেষণা কৰে৷ তদুপৰি তেওঁৰ তত্ত্বাৱধানত পাঁচজন ছাত্ৰই Ph.D আৰু আঠজন ছাত্ৰই Mphill ডিগ্ৰী লাভ কৰে৷ তদুপৰি অৱসৰৰ পাছতো তেওঁ ২০০৯ চনৰ পৰা ২০১২ চনলৈ মিৰ্জাত অৱস্থিত ইঞ্জিনীয়াৰিং কলেজ NITS-MIRZAত অধ্যাপনা কৰে৷

সামাজিক অৱদান সম্পাদনা কৰক

তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্ট, Execuative College, Academic Boardৰ সদস্য আছিল, ১৯৯৪-১৯৯৮ চনত তেওঁ নিজ বিভাগৰ বিভাগীয় মুৰব্বী হিচাপেও দায়িত্ব পালন কৰে৷ তেওঁ অৱসৰৰ পাছত ডিব্ৰুগড়স্থিত কানৈ কলেজ আৰু চাবুৱা কলেজৰ গৱৰ্ণিং বডিৰ সভাপতি হিচাপে দায়িত্ব পালন কিৰিছিল৷ বিশ্ববিদ্যালয়ৰ নিজ বিভাগৰ পৰা প্ৰকাশিত ‘পদাৰ্থ বিজ্ঞান পত্ৰিকা’ আলোচনীখন কেইবাবছৰো সম্পাদনা কৰিছিল৷ তদুপৰি তেওঁ ১৯৮২ চনত ডিব্ৰুগড় বিজ্ঞান সমিতিৰ সম্পাদক, ১৯৯৭-৯৮ চনত ডিব্ৰুগড় বিজ্ঞান সমিতি (পাছলৈ অসম বিজ্ঞান সমিতিৰ ডিব্ৰুগড় শাখা)ৰ সভাপতি, ১৯৮৩-৮৪ চনত অসম বিজ্ঞান সমিতিৰ উপ-সভাপতি, ২০০১-০৩ চনত অসম বিজ্ঞান সমিতিৰ সভাপতি হিচাপে সেৱা আগবঢ়াইছিল৷

সাহিত্যৰাজি সম্পাদনা কৰক

২০০৬-২০০৮ চনত UGCৰ অধীনস্থ অৱসৰপ্ৰাপ্ত শিক্ষকৰ বাবে স্থাপিত প্ৰতিষ্ঠানৰপৰা তেওঁ ‘প্ৰাক্ স্বাধীনতা কালৰ অসমীয়া বিজ্ঞান সাহিত্য’গৱেষণা প্ৰকল্প সমাপন কৰে৷ এই প্ৰকল্পটো অসম প্ৰকাশনে একে নামেৰে ২০০৮ চনত গ্ৰন্থাকাৰে প্ৰকাশ কৰে৷ তেওঁৰ প্ৰকাশিত অন্যান্য গ্ৰন্থসমূহ হ’ল-

  • নীলাবৰ আৰু পদাৰ্থজগত, ১৯৯৮
  • বিজ্ঞানৰ সোণালী যুগৰ কাহিনী, ১৯৯৩
  • ভোতিক ৰীতিৰ চৰিত্ৰ (ৰিচাৰ্ড ফাইমেননৰ গ্ৰন্থৰ অনুবাদ), ১৯৯৩
  • বিংশ শতাব্দীৰ অসমীয়া বিজ্ঞান সাহিত্য, ২০০১
  • ভাৰতত আধুনিক বিজ্ঞান, ২০০৮[5]
  • বিশ্ব পদাৰ্থ বিজ্ঞান বৰ্ষঃ২০০৫ আৰু অন্যান্য, ২০০০
  • মাইকেল ফেৰাডে আৰু বিদ্যুৎ জগত, ২০০৬
  • সাহিত্য বিজ্ঞান আৰু অন্যান্য, ২০১০
  • সত্যেন্দ্ৰ নাথ বসু, ২০১৪[6]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক