বগী জলকীয়া
বগী জলকীয়া (বৈজ্ঞানিক নাম: Capsicum frutescens) এক প্ৰকাৰৰ জলকীয়া। এই জলকীয়াবোৰ সাধাৰণতে একবৰ্ষী বা কম আয়ুসৰ বহুবৰ্ষজীৱী উদ্ভিদ। ফুলবোৰ সেউজ-বগা বা সেউজ-হালধীয়া পাহীৰ সৈতে বগা বৰণৰ, আৰু পতংগ- অথবা স্ব-পৰাগনৰ দ্বাৰা বংশবৃদ্ধি হয়। আকাৰ প্ৰায় ১০-২০ মিলিমিটাৰ দীঘল আৰু ৩-৭ মিলিমিটাৰ পৰিধিৰ অতি ক্ষুদ্ৰাকৃতিৰ।[1] কুমলীয়া ফলবোৰ শেতা-হালধীয়া আৰু পুৰঠ হলে উজ্বল ৰঙা বৰণৰ হয়, কিন্তু অন্য ৰঙৰো হব পাৰে। অন্য কেপ্ছিকাম প্ৰজাতিৰ তুলনাত এই প্ৰজাতিটো নিচেই সৰু আকাৰৰ।
বগী জলকীয়া | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Solanales |
পৰিয়াল: | Solanaceae |
গণ: | Capsicum |
প্ৰজাতি: | C. frutescens |
বৈজ্ঞানিক নাম | |
Capsicum frutescens L. |
উৎপত্তি/বিতৰণ
সম্পাদনা কৰকবগী জলকীয়াৰ উৎপত্তিস্থল দক্ষিণ অথবা মধ্য আমেৰিকা বুলি অনুমান কৰা হয়। ই অতি খৰতকীয়াকৈ সমগ্ৰ বিশ্বজুৰি বিস্তাৰ লাভ কৰে।[2] বগী জলকীয়া বৰ্তমান মধ্য আমেৰিকাৰ লগতে উত্তৰ আৰু পশ্চিম দক্ষিণ আমেৰিকাৰ থলুৱা উদ্ভিদ। বগী জলকীয়াক চি. চাইনেনছি প্ৰজাতিৰ পূৰ্বজ বুলি বিশ্বাস কৰা হয়।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Pacific Island Ecosystems at Risk (PIER)". Archived from the original on 2007-01-02. https://web.archive.org/web/20070102133345/http://www.hear.org/pier/species/capsicum_frutescens.htm। আহৰণ কৰা হৈছে: 2016-10-05.
- ↑ "Capsicum frutescens". The Chillies. SoilMates. Archived from the original on 4 March 2008. https://web.archive.org/web/20080304013833/http://www.soilmates.com/Fruits/The_Chiles/Capsicum_frutescens/capsicum_frutescens.html। আহৰণ কৰা হৈছে: 8 May 2011.