বাঁকৰ পুতেক

অসমীয়া কথাছবি

বাঁকৰ পুতেক ২০১২ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া কথাছবি। ছবিখনৰ প্ৰযোজক অমল বৰুৱা আৰু পৰিচালক চন্দ্ৰ মুদৈ। প্ৰচলিত জন বিশ্বাসৰ ওপৰত ভিত্তি কৰি এই ছবিখনৰ কাহিনী ভাগ আগবাঢ়িছে।

বাঁকৰ পুতেক
'baakor putek
পৰিচালক চন্দ্ৰ মুদৈ
ৰচনা চন্দ্ৰ মুদৈ
চিত্ৰনাট্য চন্দ্ৰ মুদৈ
প্ৰযোজক অমল বৰুৱা, অমল বৰুৱা ফিল্মছ্‌
অভিনয়ত আকাশদীপ
আঙুৰলতা ডেকা
ৰাগ ঐনিতম
অমল বৰুৱা
চিত্ৰগ্ৰহণকাৰী সত্য প্ৰকাশ ৰাউথ আৰু বেদান্ত চমুৱা
সম্পাদনা প্ৰাঞ্জল কাশ্যপ
সংগীত পৰিচালক চন্দ্ৰ মুদৈ আৰু ডাঃ হিতেশ বৰুৱা
মুক্তি
২ মাৰ্চ, ২০১২
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনী সম্পাদনা কৰক

বাঁক অসমীয়া জনবিশ্বাসত পানীত বাস কৰা এবিধ অপদেৱতা বুলি কোৱা হয়। এই অপদেৱতাই মাছ খায় ভাল পায়, আৰু সুযোগ বুজি কোনো ব্যক্তিক হত্যা কৰি তেখেতৰ ৰূপ ল'ব পাৰে বুলি বিশ্বাস কৰা হয়। ছবিৰ নায়ক পোৱালক বাঁকে হত্যা কৰি পোৱালৰ ৰূপ লৈ নায়িকা পদ্মাৰ লগত যুগ্মজীৱন পতা বুলি ৰাইজে সন্দেহ কৰে। সেই সন্দেহৰ ভিত্তিতে পোৱাল আৰু পদ্মাৰ সন্তানক সকলোৱে বাঁকৰ পুতেক বুলি কয়।[1] পদ্মা আৰু পোৱালে সমাজৰ পৰা লাঞ্ছনা সহ্য কৰিবলগীয়া হয়।[1] সমাজৰ অন্ধবিশ্বাস, অপবাদ আৰু ঘৃণাৰ নায়িকাৰ যুঁজ ছবিৰ কাহিনীৰ সাৰ।

নিৰ্মাণ সম্পাদনা কৰক

অমল বৰুৱাৰ প্ৰযোজনাত নিৰ্মিত 'বাঁকৰ পুতেক'ৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা চন্দ্ৰ মুদৈৰ।[2] ছবিখনত যথেষ্ট পৰিমাণে স্পেছিয়েল এফেক্ট ব্যৱহাৰ কৰা হৈছে। মৰিগাঁও আৰু আশ-পাশৰ ভিতৰুৱা অঞ্চলত ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছিল। চিত্ৰগ্ৰহণৰ বাবে দুটাকৈ কেমেৰা ব্যৱহাৰ কৰা হয়। এটা 'ৰেড কেমেৰা' আৰু এটা 'ষ্টেডি কেম'। ৰেড কেমেৰা নিয়ন্ত্ৰণত আছিল মুম্বাইসত্য প্ৰকাশ ৰাউথ, আৰু 'ষ্টেডি কেম'ৰ নিয়ন্ত্ৰণ কৰিছিল মুম্বাই স্থিত অসমীয়া যুৱক বেদান্ত চমুৱাই। এইখন ছবিতে প্ৰথম বাৰৰ বাবে অসমীয়া ছবিত 'ষ্টেডি কেম' ব্যৱহাৰ কৰা হৈছে।[1]

মুক্তি সম্পাদনা কৰক

২০১২ চনৰ ১ মাৰ্চ তাৰিখত ছবিখনৰ প্ৰিমিয়াৰ শ্ব' কৰা হয় গুৱাহাটীৰ অনুৰাধা প্ৰেক্ষাগৃহত।[2] পাছদিনা ২ মাৰ্চ তাৰিখে সমগ্ৰ অসমতে ছবিখন মুক্তি দিয়া হয়। ছবিখনৰ তিনিটা প্ৰিণ্ট প্ৰস্তুত কৰা হৈছিল আৰু ইয়াৰ বাহিৰেও ইউ এফ ও-ৰ যোগেদি ৩০টা ছবিগৃহত ছবিখন মুক্তি দিয়া হয়।[1]

ৰাইজৰ সঁহাৰি সম্পাদনা কৰক

'বাঁকৰ পুতেক'-এ দৰ্শকৰ পৰা মিশ্ৰিত সঁহাৰি লাভ কৰিছে।[2][1] চলচ্চিত্ৰ জগতৰ লগত জড়িত ব্যক্তিয়ে ছবিখন সম্বন্ধে ঋণাত্মক মন্তব্য আগবঢ়ায়।[3]

বিতৰ্ক সম্পাদনা কৰক

২০১২ চনৰ ২০ মাৰ্চ তাৰিখে 'আমাৰ অসম' বাতৰিকাকতলৈ দিয়া এটা বিবৃতিত গল্পকাৰ ইমৰান হুছেইন-এ 'বাঁকৰ পুতেক'ৰ কাহিনীভাগ তেখেতৰ দ্বাৰা ১৯৯৯ চনত ৰচিত গল্প 'বাঁক'ৰপৰা আহৰিত বুলি দাবী কৰে।[4] এই বিবৃতিত তেখেতে ২৪-টা মিল আৰু ৩-টা অমিল দেখুৱাই, বাঁকৰ পুতেকৰ কাহিনী শতকৰা ৮০%-ই 'বাঁক' গল্পটোৰপৰা লোৱা বুলি কয়। এই বিবৃতি সমৰ্থন কৰি ২২ মাৰ্চ তাৰিখে ডাঃ সান্ত্বনা বৰদলৈয়ে 'আমাৰ অসম' বাতৰিকাকততে আন এখন পত্ৰ প্ৰকাশ কৰে।[3]

অভিনয়ত সম্পাদনা কৰক

কলা-কুশলী সম্পাদনা কৰক

  • সম্পাদনা: প্ৰাঞ্জুল কাশ্যপ (জ্যোতি চিত্ৰবন)
  • সংগীত পৰিচালক: চন্দ্ৰ মুদৈ আৰু ড॰ হিতেশ বৰুৱা
  • মুখ্য সহকাৰী পৰিচালক: মনীষ দাস
  • সহকাৰী পৰিচালক: নয়ন মেধি, দিব্যজ্যোতি
  • সহকাৰী সংগীত পৰিচালক: অজয় ফুকন
  • নৃত্য পৰিচালক: উদয় শংকৰ
  • কলা নিৰ্দেশক: জ্যোতিশংকৰ ভট্টাচাৰ্য
  • পোছাক: মনিকা বৰুৱা
  • লোকেছন ছাউণ:দেববত চলিহা
  • প্ৰযোজনা নিয়ন্ত্ৰক: প্ৰসেনজিত বৰুৱা (লাটু)

সংগীতৰ কণ্ঠ সম্পাদনা কৰক

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 "Bakor Putek to release on March 2". The Sentinel. February 25, 2012. Archived from the original on March 28, 2014. https://web.archive.org/web/20140328045838/http://www.sentinelassam.com/saturday/saturday2.php?sec=17&subsec=0&ppr=3&dtP=2012-02-25। আহৰণ কৰা হৈছে: March 5, 2012. 
  2. 2.0 2.1 2.2 বাঁকৰ পুতেকৰ ফেচবুকৰ পৃষ্ঠা; আহৰণ কৰা তাৰিখ:০৫-০৩-২০১২
  3. 3.0 3.1 'বাঁকৰ পুতেক' সান্ত্বনা বৰদলৈৰ মুকলি চিঠি, আমাৰ অসম, ২২-০৩-২০১২
  4. ইমৰান হুছেইন, চন্দ্ৰ মুদৈৰ 'বাঁকৰ পুতেক' বনাম 'বাঁক', আমাৰ অসম, প্ৰথম পৃষ্ঠা, ২০-০৩-২০১২