বাইচুং ভূটীয়া (ইংৰাজী: Bhaisung Bhutia)এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় ফুটবল খেলুৱৈ।[3][4][5]ফুটবলত শ্বুটিং দক্ষতাৰ বাবে তেওঁক প্ৰায়ে ছিকিমৰ স্নাইপাৰ বুলি অভিহিত কৰা হয়।[6] বাইচুং ভুটিয়াক আন্তৰ্জাতিকভাৱে ভাৰতীয় ফুটবলৰ টৰ্চবাহক হিচাপে গণ্য কৰা হয়। কিংবদন্তী ভাৰতীয় খেলুৱৈ আই.এম. বিজয়নে বাইচুং ভুটিয়াক "ভাৰতীয় ফুটবলৰ বাবে ঈশ্বৰৰ উপহাৰ" বুলি বৰ্ণনা কৰিছিল।[7]তিব্বতীয় স্বাধীনতা আন্দোলনৰ সমৰ্থনত অলিম্পিক টৰ্চ ৰেলী বৰ্জন কৰা প্ৰথম ভাৰতীয় খেলুৱৈজনেই হ'ল বাইচুং ভূটীয়া। ভাৰতীয় ফুটবললৈ আগবঢ়োৱা অৱদানৰ সন্মানত তেওঁৰ নামেৰে এখন ফুটবল ষ্টেডিয়াম ৰখা হৈছে। ভূটিয়াই তেওঁ খেলি থকা সময়তে এনে সন্মান লাভ কৰা প্ৰথমজন খেলুৱৈ। বাইচুং আগবঢ়োৱা খেলৰ অৱদানৰ বাবে ভাৰত চৰকাৰৰ ফালৰ পৰা অৰ্জুন বঁটা আৰু পদ্মশ্ৰী সন্মানো লাভ কৰিছে।[8][9]

বাইচুং ভূটীয়া
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নামবাইচুং ভূটীয়া[1]
জন্ম১৫ ডিচেম্বৰ, ১৯৭৬ (৪৭ বছৰ)
জন্মস্থানটিনকিটাম , চিকিম, ভাৰত[2]
উচ্চতা১.৭৩ m[2]
খেলা স্থানষ্ট্ৰাইকাৰ
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ(গ'ল)
১৯৯৩–১৯৯৫ইষ্ট বেংগল(১৭)
১৯৯৫–১৯৯৭জেচিটি২০(১৫)
১৯৯৭–১৯৯৯ইষ্ট বেংগল৩১(১৫)
১৯৯৯–২০০২এফ চি বুৰি৩৭(৩)
২০০২–২০০৩মোহন বাগান
ইষ্ট বেংগল১৭(১২)
২০০৬–২০০৯মোহন বাগান৪৫(১৯)
২০০৯–২০১১ইষ্ট বেংগল(২)
২০১২–২০১৩ইউনাইটেড চিকিম(১)
২০১৫ইষ্ট বেংগল(০)
মুঠ২২৬(১২৩)
ৰাষ্ট্ৰীয় দল
১৯৯২–১৯৯৬ইণ্ডিয়া ইউ টুৱেণ্টিথ্ৰী(৩)
১৯৯৫–২০১১ইণ্ডিয়া৮৪(২৭)
পৰিচালনা কৰা দল
২০১২ইউনাইটেড চিকিম
২০১৮চিকিম
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে।

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

ভাইচুং ভূটীয়াৰ জন্ম ভাৰতৰ ছিকিমৰ টিনকিটামত হৈছিল। তেওঁ পূব ছিকিমৰ পাকিয়ঙৰ ছেইণ্ট জেভিয়াৰ্ছ স্কুলত শিক্ষা আৰম্ভ কৰিছিল। বাইচুং ভূটীয়াৰ ককায়েকৰ নাম নাম চেৱাং ভুটিয়া। চেৱাং আৰু বাইচুং দুয়ো বৰ্ডিং স্কুলত পঢ়া শুনা কৰিছিল। তাৰ পিছত তেওঁ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ পৰা বৃত্তি লাভ কৰে আৰু গেংটকৰ তাছি নামগয়াল একাডেমীত নামভৰ্তি কৰে। তেওঁ ছিকিমৰ বহুতো বিদ্যালয় আৰু স্থানীয় ক্লাবৰ হৈ খেলিছিল। ১৯৯২ চনৰ 'সুব্ৰত কাপ'ত তেওঁৰ প্ৰদৰ্শনে মুখ্য ক্ৰীড়া সংস্থাসমূহৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ১৯৯৩ চনত ষোল্ল বছৰ বয়সত তেওঁ স্কুল এৰি পেছাদাৰী হিচাপে ইষ্ট বেংগল দলত যোগদান কৰে। ১৯৯৫ চনত, তেওঁ ফাগোৰাৰ জেচিটি মিলছত যোগদান কৰে। ক্লাবটোৱে সেই বছৰ ৰাষ্ট্ৰীয় ফুটবল লীগ জিকিছিল। ভাইচুং সেই বছৰ ৰাষ্ট্ৰীয় লীগৰ সৰ্বোচ্চ গ'লদাতা হৈছিল আৰু নেহৰু কাপত খেলিবলৈ নিৰ্বাচিত হৈছিল। তেওঁক ১৯৯৬ চনৰ 'ইণ্ডিয়ান প্লেয়াৰ অৱ দি ইয়েৰ' হিচাপে মনোনীত কৰা হৈছিল। তেতিয়াৰ পৰা তেওঁ আৰু বহুতো পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। তেওঁ লাভ কৰা পুৰস্কাৰ সমূহ ক্ৰমে ২০০২ চনত এলজি কাপ, ২০০৫ চনত চাফ কাপ, ২০০৭ চনত অএনজিচি কাপ,২০০৮ চনত এএফচি চেলেঞ্জাৰ কাপ। যেতিয়া তেওঁ ইংলিছ ক্লাব বুৰীত যোগদান কৰিছিল, তেতিয়া তেওঁ ইউৰোপীয় ক্লাবৰ সৈতে চুক্তি স্বাক্ষৰ কৰা প্ৰথম ভাৰতীয় ফুটবলাৰ হয় আৰু মহম্মদ চেলিমৰ পিছত ইউৰোপত পেছাদাৰীভাৱে খেলা প্ৰথম খেলুৱৈ হয়। পিছত তেওঁ মালয়েছিয়াৰ ফুটবল ক্লাব পেৰাক এফএৰ হৈ খেলিছিল আৰু লগতে কৃতিত্ব‌ও লাভ কৰিছিল। তেওঁ জেচিটি মিলছৰ হৈ খেলিছিল, যি তেওঁৰ কাৰ্যকালত এবাৰ লীগ জিকিছিল; আৰু মোহন বাগানৰ হৈ দুটা কাৰ্যকালত এবাৰ লীগ জিকিবলৈ ব্যৰ্থ হৈছিল।

ব্যক্তিগত জীৱন

সম্পাদনা কৰক

ভুটীয়াৰ মাক দেউতাক কৃষক আছিল। তেওঁৰ দুজন ককায়েক আৰু এগৰাকী জ্যেষ্ঠ ভগ্নী আছে।[10]বাইচুঙে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকা মাধুৰী টিপনিছক ২০০৪ চনৰ ২৭ ডিচেম্বৰত বিয়া কৰাইছিল আৰু ২০১৪ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল। ভুটীয়া তিনিটা সন্তানৰ পিতৃ। তেওঁৰ দুজনী ছোৱালী আৰু এজন ল'ৰা সন্তান আছে।

তথ্যৰ উৎস

সম্পাদনা কৰক
  1. Hugman, Barry J. (2005). The PFA Premier & Football League Players' Records 1946–2005. Queen Anne Press. পৃষ্ঠা. 59. ISBN 1-85291-665-6. 
  2. 2.0 2.1 "IndianFootball.com Profile". IndianFootball.com. http://www.indianfootball.com/en/statistic/player/detail/playerId/1। আহৰণ কৰা হৈছে: 24 June2009. 
  3. https://web.archive.org/web/20220811200704/https://www.national-football-teams.com/player/3088/Baichung_Bhutia.html
  4. https://www.timesnownews.com/sports/football/article/how-bury-fc-gave-bhaichung-bhutia-opportunity-to-make-history-in-english-football/477709
  5. https://web.archive.org/web/20211215125445/https://indianexpress.com/article/news-archive/bhutia-winds-up-perak-stint-on-a-sad-note/
  6. "Bhutia expects more international matches after I-League". Indian Express. 5 January 2009. http://www.indianexpress.com/news/bhutia-expects-more-international-matches-af/406892/. 
  7. "'Bhutia is God's gift to Indian football'". Rediff. 23 August 2009. http://sports.rediff.com/report/2009/aug/23/-bhutia-god-gift-to-indian-football.htm. 
  8. https://www.hindu.com/2008/01/26/stories/2008012659641200.htm
  9. https://www.indianfootball.de/data/nationalawards.html
  10. https://www.indiaoye.com/baichungbhutia.htm