বাবা আমটে নামেৰে জনপ্ৰিয় মুৰলীধৰ দেৱীদাস আমটে,[2] (২৬ ডিচেম্বৰ ১৯১৪ – ৯ ফেব্ৰুৱাৰী ২০০৮) এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু সমাজউদ্যোগী আছিল, যিয়ে বিশেষকৈ কুষ্ঠ ৰোগত আক্ৰান্ত লোকসকলৰ পুনৰ্বাসন আৰু সবলীকৰণৰ বাবে কৰা কামৰ বাবে পৰিচিত আছিল।[3][4] তেওঁ পদ্ম বিভূষণ, ড° আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় বঁটা, গান্ধী শান্তি বঁটা, ৰমন মেগছেছে বঁটা, টেম্পলটন বঁটা আৰু জামনালাল বাজাজ বঁটাকে ধৰি অসংখ্য বঁটা আৰু পুৰস্কাৰ লাভ কৰিছে। তেওঁক ভাৰতৰ আধুনিক গান্ধী বুলিও জনা যায়।[4]

অভয়সাধক
বাবা আমটে

২০১৪ৰ ভাৰতীয় টিকটত বাবা আমটে
জন্ম ২৬ ডিচেম্বৰ, ১৯১৪[1]
Hinganghat, Central Provinces and Berar, British India
(present-day Maharashtra, India)
মৃত্যু ৯ ফেব্ৰুৱাৰী, ২০০৮ (৯৩ বছৰ)
Anandwan, Chandrapur district, Maharashtra, India
ৰাষ্ট্ৰীয়তা  ভাৰত (1914-1947)
 ভাৰত (1947-2008)
শিক্ষা B.A. LL.B.
দাম্পত্যসঙ্গী সাধনা আমটে
সন্তান প্ৰকাশ আমটে
বিকাশ আমটে
বঁটা, সন্মান, পুৰস্কাৰ আদি Padma Shri (1971),
Ramon Magsaysay Award (1985),
Padma Vibhushan (1986),
United Nations Prize in the Field of Human Rights (1988),
Dr. Ambedkar International Award (1999),
Gandhi Peace Prize(1999),
Templeton Prize (1990),
Right Livelihood Award (1991),
Maharashtra Bhushan (2004)
স্বাক্ষৰ

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

১৯১৪ চনৰ ২৬ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ হিংগাংহাট চহৰত এটা ধনী থলুৱা ব্ৰাহ্মণ পৰিয়ালত[5][4] জন্মগ্ৰহণ কৰিছিল মুৰলীধৰ দেৱীদাস "বাবা" আমটে।[3] তেওঁৰ পিতৃৰ দেৱীদাস আমটে আছিল, জিলা প্ৰশাসন আৰু ৰাজহ সংগ্ৰহ বিভাগত কাম কৰা এজন ঔপনিৱেশিক চৰকাৰী বিষয়া।[3][6] মুৰলীধৰ আমটেই শৈশৱতে বাবা ডাকনাম লাভ কৰিছিল।[7][8][9] তেওঁৰ পত্নী সাধনা টাই আমটেই জনাইছে যে, তেওঁ বাবা নামেৰে জনাজাত হৈছিল কাৰণ "তেওঁক সাধু বা পবিত্ৰ ব্যক্তি হিচাপে গণ্য কৰা হৈছিল, আনকি তেওঁৰ পিতৃ-মাতৃয়েও তেওঁক সেই নামেৰে সম্বোধন কৰিছিল।" [3]

আঠটা সন্তানৰ ভিতৰত আমটে আছিল ডাঙৰ।[4] এজন ধনী মাটিৰ মালিকৰ জ্যেষ্ঠ পুত্ৰ হিচাপে তেওঁৰ শৈশৱ চিকাৰ আৰু খেল-ধেমালিৰে ভৰি আছিল।[3] চৈধ্য বছৰ বয়সত তেওঁৰ নিজা বন্দুক আছিল আৰু ভালুক আৰু হৰিণ চিকাৰ কৰিছিল।[3] গাড়ী চলাব পৰা বয়সত তেওঁক পেন্থাৰৰ ছালেৰে ঢাকি থোৱা কুশ্বন থকা চিংগাৰ স্প’ৰ্টছ গাড়ী এখন দিয়া হৈছিল। যদিও তেওঁৰ জন্ম হৈছিল এটা ধনী পৰিয়ালত তেওঁ ভাৰতীয় সমাজত প্ৰচলিত শ্ৰেণী বৈষম্যৰ বিষয়ে সদায় সচেতন আছিল। "মোৰ পৰিয়ালৰ দৰে পৰিয়ালত এটা নিৰ্দিষ্ট নিৰ্দয়তা আছে" বুলি তেওঁ আগতে কৈছিল। "তেওঁলোকে মোক বাহিৰৰ জগতখনৰ দুৰ্দশা দেখাৰ পৰা বঞ্চিত কৰিবলৈ শক্তিশালীভাৱে বাধা দি ৰাখিছিল আৰু মই ইয়াৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলোঁ।"

সেৱাৰ কৰ্ম

সম্পাদনা কৰক

আইনৰ প্ৰশিক্ষণ লৈ[3] তেওঁ ৱাৰ্ধাত এক সফল আইনী অনুশীলন গঢ়ি তুলিছিল।[10] অতি সোনকালেই তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনৰ সৈতে জড়িত হৈ পৰে[3] আৰু ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত জড়িত হোৱাৰ বাবে ঔপনিৱেশিক চৰকাৰে কাৰাগাৰত বন্দী ভাৰতীয় নেতাসকলৰ প্ৰতিৰক্ষা অধিবক্তা হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। তেওঁ সেৱাগ্ৰামত, মহাত্মা গান্ধীয়ে আৰম্ভ কৰা আশ্ৰমত কিছু সময় কটায় আৰু গান্ধীবাদৰ অনুগামী হয়।[3] তেওঁ চৰখা ব্যৱহাৰ কৰি সূতা কটাত নিয়োজিত হৈ আৰু খাদী বস্ত্ৰ পিন্ধি গান্ধী ধৰ্ম পালন কৰিছিল। যেতিয়া গান্ধীয়ে গম পাইছিল যে, ড° আমটেই এগৰাকী ছোৱালীক কিছুমান ব্ৰিটিছ সৈনিকৰ অশ্লীল ঠাট্টা-মস্কৰাৰ পৰা ৰক্ষা কৰিছিল, তেতিয়া গান্ধীয়ে তেওঁক অভয় সাধক (সত্যৰ নিৰ্ভীক) নাম দিছিল।[3][11]

কিন্তু এদিন তেওঁৰ এজন জীৱিত মৃতদেহ সদৃশ আৰু কুষ্ঠ ৰোগী তুলসীৰামৰ সৈতে মুখামুখি হোৱা ঘটনাই তেওঁক ভয়ত ভৰি পেলালে[3]। সেই কাণ্ডৰ আগলৈকে কেতিয়াও কালৈকো ভয় নকৰা আৰু এবাৰ ব্ৰিটিছ পুৰুষৰ সৈতে যুঁজি এগৰাকী ভাৰতীয় ভদ্ৰমহিলাৰ সন্মান ৰক্ষা কৰা আৰু ৱাৰোৰাৰ ঝাড়ু দিয়া লোকসকলেও নলা পৰিষ্কাৰ কৰিবলৈ প্ৰত্যাহ্বান জনোৱা আমটে তুলসীৰামৰ দুৰ্দশা দেখি ভয়তে কঁপি উঠিল।[3] কিন্তু আমটে এনে এটা চিন্তা আৰু বোধগম্যতাৰ সৃষ্টি কৰিব বিচাৰিছিল যে, কুষ্ঠ ৰোগীক প্ৰকৃততে সহায় কৰিব পাৰিলেহে এখন সমাজ "মানসিক কুষ্ঠ"-ভয় আৰু ৰোগৰ সৈতে জড়িত ভুল বুজাবুজিৰ পৰা মুক্ত হয়।[3] এই চিন্তা দূৰ কৰিবলৈ তেওঁ এবাৰ এজন ৰোগীক বেচিলি বেজী দিছিল, যাতে এই ৰোগটো অতি সংক্ৰামক নহয় বুলি প্ৰমাণিত হয়।[3] সেই সময়ত কুষ্ঠ ৰোগত আক্ৰান্ত লোকসকলে সামাজিক কলংকৰ সন্মুখীন হৈছিল আৰু ভাৰতীয় সমাজে এই লোকসকলক লেইলেই-চেইচেই কৰিছিল। কুষ্ঠ ৰোগ অতি সংক্ৰামক বুলি ব্যাপক বিশ্বাস দূৰ কৰিবলৈ আমটেই চেষ্টা কৰিছিল; আনকি তেওঁ কুষ্ঠ ৰোগ অতি সংক্ৰামক নহয় বুলি প্ৰমাণ কৰাৰ লক্ষ্যৰে কৰা পৰীক্ষাৰ অংশ হিচাপে কুষ্ঠৰোগীৰ পৰা বেচিলি বেজী তেওঁৰ শৰীৰত দিবলৈও অনুমতি দিছিল।[12] বাবা আমটে আৰু তেওঁৰ পত্নীয়ে কুষ্ঠ ৰোগৰ ভয়ংকৰ ৰোগত আক্ৰান্তসকলক যত্ন আৰু চিকিৎসা আৰু মূলসুঁতিলৈ অনাক অগ্ৰাধিকাৰ দিছিল আৰু আক্ৰান্তসকলৰ মাজত বাস কৰিছিল আৰু তেওঁলোকে আদৰ্শ চিকিৎসা সেৱা লাভ কৰাটো নিশ্চিত কৰিছিল, যিয়ে তেওঁলোকৰ বাবে ৰোগৰ মহামাৰীৰ অন্ত পেলাইছিল।[4] পুনৰ্বাসন আৰু নিৰাময় হোৱা ৰোগীসকলৰ বাবে তেওঁ বৃত্তিমূলক প্ৰশিক্ষণ আৰু হস্তশিল্পৰ ক্ষুদ্ৰ পৰিসৰৰ নিৰ্মাণৰ ব্যৱস্থা কৰিছিল আৰু তেওঁলোকৰ দ্বাৰা বস্তু নিৰ্মাণ কৰাইছিল।[4] তেওঁ সংগ্ৰাম কৰিছিল আৰু কুষ্ঠ ৰোগক ৰোগ হিচাপে চিকিৎসা কৰাটোক লৈ থকা কলংক আৰু অজ্ঞানতা আঁতৰাবলৈ চেষ্টা কৰিছিল।[4]

আমটেই মহাৰাষ্ট্ৰত কুষ্ঠ ৰোগী, বিশেষভাৱে সক্ষম লোক আৰু সাধাৰণ সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ লোকৰ চিকিৎসা আৰু পুনৰ্বাসনৰ বাবে তিনিখন আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। ১৯৪৯ চনৰ ১৫ আগষ্টত তেওঁ আৰু তেওঁৰ পত্নী সাধনা আমটেই আনন্দবনত[13] এজোপা গছৰ তলত কুষ্ঠ ৰোগৰ চিকিৎসালয় আৰম্ভ কৰে।[4] কুষ্ঠ ৰোগীসকলক চিকিৎসা সেৱা আৰু কৃষি আৰু হস্তশিল্পৰ দৰে বিভিন্ন ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগত নিয়োজিত কৰি মৰ্যাদাপূৰ্ণ জীৱন প্ৰদান কৰা হৈছিল।[3] ১৯৭৩ চনত আমতে গাডচিৰোলি জিলাৰ মাদিয়া গণ্ড জনজাতি জনগোষ্ঠীৰ লোকসকলৰ বাবে কাম কৰিবলৈ লোক বিৰাদাৰী প্ৰকল্প প্ৰতিষ্ঠা কৰে। বাবা আমটেই অন্যান্য সামাজিক কাৰণৰ পদক্ষেপৰ লগতো জড়িত, যেনে; ১৯৮৫ চনত তেওঁ শান্তিৰ বাবে প্ৰথম নিট ইণ্ডিয়া মিছন আৰম্ভ কৰে। ৭২ বছৰ বয়সত তেওঁ কন্যাকুমাৰীৰ পৰা ৩০০০ মাইলতকৈও অধিক দূৰত্বৰ কাশ্মীৰলৈ খোজ কাঢ়ি ভাৰতীয় জনসাধাৰণৰ মাজত ঐক্যৰ প্ৰেৰণা যোগায় আৰু সংগঠিত হয় দ্বিতীয় মাৰ্চ তিনি বছৰৰ পিছত অসমৰ পৰা গুজৰাটলৈ ১৮০০ মাইলতকৈও অধিক দূৰত্ব যাত্ৰা কৰিছিল।[3] ১৯৯০ চনত নৰ্মদা বাচাও আন্দোলনত অংশগ্ৰহণ কৰি আনন্দবন এৰি সাত বছৰ নৰ্মদাৰ পাৰত বাস কৰে।[3]

আমটে নিজৰ জীৱন আন বহুতো সামাজিক কামত উৎসৰ্গা কৰিছিল, বিশেষকৈ ভাৰত ত্যাগ আন্দোলন আৰু পৰিৱেশ ভাৰসাম্য, বন্যপ্ৰাণী সংৰক্ষণ আৰু নৰ্মদা বাচাও আন্দোলনৰ গুৰুত্বৰ বিষয়ে জনসচেতনতা বৃদ্ধিৰ প্ৰয়াস।[3] ভাৰত চৰকাৰে ১৯৭১ চনত বাবা আমটেক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।[14]

পৰিয়ালৰ সদস্যৰ নিষ্ঠাবান কাম

সম্পাদনা কৰক

আমটে ইন্দু ঘুলেশাস্ত্ৰী (পিছলৈ সাধনাটাই আমটে বুলি কোৱা হয়)ক বিয়া কৰায়।[7] স্বামীৰ সামাজিক কামত সমান নিষ্ঠাৰে অংশ লৈছিল। তেওঁলোকৰ দুই পুত্ৰ বিকাশ আমটে আৰু প্ৰকাশ আমটে আৰু বোৱাৰী মন্দাকিনি আৰু ভাৰতী ডাক্তৰ। চাৰিওজনে জ্যেষ্ঠ আমটেৰ দৰেই সামাজিক কাম আৰু কামৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। প্ৰকাশ আৰু তেওঁৰ পত্নী মন্দাকিনিয়ে মদিয়া গণ্ড জনগোষ্ঠীৰ মাজত মহাৰাষ্ট্ৰৰ অসুবিধাগ্ৰস্ত জিলা গাডচিৰোলিৰ হেমালকাছা গাঁৱত এখন বিদ্যালয় আৰু চিকিৎসালয় চলাই আছে, লগতে এটা সিংহ আৰু কিছু নাহৰফুটুকীকে ধৰি আহত বন্যপ্ৰাণীৰ অনাথ আশ্ৰমো চলাই আছে। চৰকাৰী মেডিকেল এৰি সিহঁতৰ বিয়াৰ পিছত প্ৰজেক্টবোৰ আৰম্ভ কৰিবলৈ হেমালকাছালৈ গুচি যায়। তেওঁলোকৰ দুজন পুত্ৰ ডাঃ দিগন্ত আৰু অনিকেতেও একে কামতে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।[15][16] ২০০৮ চনত প্ৰকাশ আৰু মন্দাকিনিয়ে সম্প্ৰদায়ৰ নেতৃত্বৰ বাবে মেগছেছে বঁটা লাভ কৰে।[17 আমতেৰ ডাঙৰ পুত্ৰ বিকাশ আৰু তেওঁৰ পত্নী ভাৰতীয়ে আনন্দৱানত চিকিৎসালয়খন চলায় আৰু উপগ্ৰহ প্ৰকল্পৰ সৈতে কাম-কাজৰ সমন্বয় কৰে।[17] আনন্দৱানৰ বিশ্ববিদ্যালয়, অনাথ আশ্ৰম, অন্ধ-বধিৰ বিদ্যালয় আছে। আনন্দৱান আশ্ৰম স্বাৱলম্বী আৰু ইয়াত ৫,০০০ৰো অধিক বাসিন্দা আছে।[18] পিছলৈ আমতে কুষ্ঠ ৰোগত আক্ৰান্ত লোকৰ বাবে "সোমনাথ" আৰু "অশোকবন" আশ্ৰম প্ৰতিষ্ঠা কৰে।[8]

গান্ধীবাদ

সম্পাদনা কৰক

আমটে গান্ধীৰ জীৱনশৈলী অনুসৰণ কৰি স্পাৰ্টান জীৱন যাপন কৰিছিল।[4] তেওঁ আনন্দবনত তাঁতশালৰ পৰা তৈয়াৰী খাদী কাপোৰ পিন্ধিছিল।[4] তেওঁ গান্ধীৰ স্বাৱলম্বী গাঁও উদ্যোগৰ ধাৰণাত বিশ্বাস কৰিছিল যিয়ে আপাত দৃষ্টিত অসহায় মানুহক শক্তিশালী কৰে, আৰু আনন্দবনত তেওঁৰ ধাৰণাসমূহ সফলতাৰে বাস্তৱত ৰূপায়ণ কৰিছিল। অহিংস উপায় ব্যৱহাৰ কৰি তেওঁ ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।[19] চৰকাৰৰ দুৰ্নীতি, অপব্যৱস্থাপনা, দুৰ্বল, অদূৰদৰ্শী পৰিকল্পনাৰ বিৰুদ্ধেও আমটে গান্ধীৰ নীতি ব্যৱহাৰ কৰিছিল। অৱশ্যে আমটে কেতিয়াও ঈশ্বৰক অস্বীকাৰ কৰা নাছিল। তেওঁ কৈছিল যে, যদি লাখ লাখ বিশ্বব্ৰহ্মাণ্ড আছে তেন্তে ঈশ্বৰ নিশ্চয় বহুত ব্যস্ত। আহক আমি নিজৰ কাম নিজাববীয়াকৈ কৰোঁ।[20]

মেধা পাটকাৰৰ সৈতে নৰ্মদা বচাও আন্দোলন

সম্পাদনা কৰক

১৯৯০ চনত আমতে আনন্দবন এৰি কিছু সময়ৰ বাবে নৰ্মদা নদীৰ পাৰত থাকিবলৈ লয় আৰু নৰ্মদা বাচাও আন্দোলন ("নৰ্মাদা বচাওক") আন্দোলনত যোগদান কৰে যাৰ অন্যতম জনপ্ৰিয় নেতা আছিল মেধা পাটকাৰ, যিয়ে স্থানীয় বাসিন্দাসকলৰ অন্যায়ভাৱে স্থানচ্যুতি আৰু পৰিৱেশৰ ক্ষতি দুয়োটাৰে বিৰুদ্ধে যুঁজিছিল নৰ্মদা নদীত চৰ্দাৰ সৰোবৰ বান্ধ নিৰ্মাণৰ বাবে।[21][22]

২০০৮ চনৰ ৯ ফেব্ৰুৱাৰীত[4] মহাৰাষ্ট্ৰৰ আনন্দৱানত বয়সৰ লগত জড়িত ৰোগত আক্ৰান্ত হৈ আমটেৰ মৃত্যু হয়।[23] দাহ কৰাতকৈ সমাধিস্থ কৰাটো বাছি লৈ তেওঁ পৰিৱেশবিদ আৰু সমাজ সংস্কাৰক হিচাপে প্ৰচাৰ কৰা নীতিসমূহ অনুসৰণ কৰিছিল।[3]

  • পদ্মশ্ৰী বঁটা, ১৯৭১[24]
  • ৰমন মেগছেছে বঁটা, ১৯৮৫[4][3]
    • উদ্ধৃতি: "১৯৮৫ চনৰ জনসেৱাৰ বাবে ৰেমন মেগছেছে বঁটা লাভ কৰিবলৈ মুৰ্লিধৰ দেৱদাস এ এম টি ইক নিৰ্বাচিত কৰাত ব'ৰ্ড অৱ ট্ৰাষ্ট্ৰীয়ে তেওঁৰ ভাৰতীয় কুষ্ঠ ৰোগী আৰু অন্যান্য প্ৰতিবন্ধী বহিষ্কৃত লোকৰ কৰ্মমুখী পুনৰ্বাসনক স্বীকৃতি দিয়ে।"
  • পদ্মবিভূষণ বঁটা, ১৯৮৬[4][25][3]
  • মানৱ অধিকাৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ বঁটা, ১৯৮৮[23][26]
  • ৰাষ্ট্ৰীয় ভূষণ, ১৯৭৮: এফ আই ই ফাউণ্ডেচন ইচালকাৰঞ্জী (ভাৰত)[26]
  • গঠনমূলক কামৰ বাবে জামনালাল বাজাজ বঁটা, ১৯৭৯[4][27]
  • এন.ডি.দিৱান বঁটা, ১৯৮০: নেচনেল ছ’চাইটি ফৰ ইকুৱেল অপাৰ্চনিটিজ ফৰ দ্য ‘হেণ্ডিকেপড’ (NASEOH), বম্বে
  • ৰামশাস্ত্ৰী বঁটা, ১৯৮৩: ৰামশাস্ত্ৰী প্ৰভুনে ফাউণ্ডেচন, মহাৰাষ্ট্ৰ, ভাৰত
  • ইন্দিৰা গান্ধী সোঁৱৰণী বঁটা, ১৯৮৫: অসাধাৰণ সমাজসেৱাৰ বাবে মধ্যপ্ৰদেশ চৰকাৰ
  • ৰাজা ৰাম মোহন ৰায় বঁটা, ১৯৮৬: দিল্লী
  • ফ্ৰা. মাস্কিঅ’ প্লেটিনাম জয়ন্তী বঁটা, ১৯৮৭: বম্বে
  • জি.ডি.বিৰ্লা আন্তঃৰাষ্ট্ৰীয় বঁটা, ১৯৮৮: মানৱতাবাদৰ প্ৰতি অসাধাৰণ অৱদানৰ বাবে
  • টেম্পলটন বঁটা, ১৯৯০ [বাবা আমটে আৰু চাৰ্লছ বাৰ্চ (চিডনী বিশ্ববিদ্যালয়ৰ এমেৰিটাছ অধ্যাপক)ক যৌথভাৱে ১৯৯০ চনত এই বঁটা প্ৰদান কৰা হয়।[4][23]
  • মহাদেৱ বলৱণ্ত নতুপুৰস্কাৰ, ১৯৯১, পুনে, মহাৰাষ্ট্ৰ
  • আদিবাসী সেৱক বঁটা, ১৯৯১, মহাৰাষ্ট্ৰ চৰকাৰ
  • কুসুমগ্ৰজ পুৰস্কাৰ, ১৯৯১
  • ড° বাবাছাহেব আম্বেদকাৰ দলিত মিত্ৰ বঁটা, ১৯৯২, মহাৰাষ্ট্ৰ চৰকাৰ
  • শ্ৰী নেমিচন্দ শ্ৰীমল বঁটা, ১৯৯৪
  • ফ্ৰা. টং মেম’ৰিয়েল এৱাৰ্ড, ১৯৯৫, স্বেচ্ছাসেৱী স্বাস্থ্য সংস্থা অৱ ইণ্ডিয়া
  • কুষ্ঠ মিত্ৰ পুৰস্কাৰ, ১৯৯৫: বিদৰ্ভ মহাৰোগী সেৱা মণ্ডল, আমৰাৱতী, মহাৰাষ্ট্ৰ
  • ভাই কানহাইয়া বঁটা, ১৯৯৭: শ্ৰী গুৰু হৰকৃষণ শিক্ষা ন্যাস, ভাটিন্দ, পঞ্জাৱ
  • মানৱ সেৱা বঁটা, ১৯৯৭: যুৱক-যুৱতী গান্ধী সন্থা, ৰাজকোট, গুজৰাট
  • সৰ্থী বঁটা, ১৯৯৭, নাগপুৰ, মহাৰাষ্ট্ৰ
  • মহাত্মা গান্ধী চেৰিটেবল ট্ৰাষ্ট বঁটা, ১৯৯৭, নাগপুৰ, মহাৰাষ্ট্ৰ
  • গ্ৰুহিনী সখী শচীৱ পুৰস্কাৰ, ১৯৯৭, গাদীমা প্ৰতিষ্ঠান, মহাৰাষ্ট্ৰ
  • কুমাৰ গন্ধৰ্ব পুৰস্কাৰ, ১৯৯৮
  • আপং মিত্ৰ পুৰস্কাৰ, ১৯৯৮, হেল্পাৰছ অৱ দ্য হেণ্ডিকেপড, কলহাপুৰ, মহাৰাষ্ট্ৰ
  • ভগৱান মহাবীৰ বঁটা, ১৯৯৮, চেন্নাই
  • দীপাৱলীবেন মোহনলাল মেহতা বঁটা, ১৯৯৮, মুম্বাই
  • ন্যায়াধীশ কে এছ হেগডে ফাউণ্ডেশ্যন বঁটা, ১৯৯৮, কৰ্ণাটক
  • বায়া কাৰ্ৱে বঁটা, ১৯৯৮, পুনে, মহাৰাষ্ট্ৰ
  • সাবিত্ৰীবাই ফুলে বঁটা, ১৯৯৮, মহাৰাষ্ট্ৰ চৰকাৰ
  • ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী বঁটা, ১৯৮৮: ফিচিচি, বিশেষভাৱে সক্ষম লোকসকলক প্ৰশিক্ষণ আৰু নিযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বৰ বাবে
  • সতপৌল মিত্তল বঁটা, ১৯৯৮, নেহৰু সিদ্ধান্ত কেন্দ্ৰ ট্ৰাষ্ট, লুধিয়ানা, পঞ্জাৱ
  • আদিবাসী সেৱক পুৰস্কাৰ, ১৯৯৮, মহাৰাষ্ট্ৰ চৰকাৰ
  • গান্ধী শান্তি বঁটা, ১৯৯৯[4][8]
  • ড° আম্বেদকাৰ আন্তৰ্জাতিক সামাজিক পৰিৱৰ্তনৰ বঁটা, ১৯৯৯, ভাৰত চৰকাৰ[4][28][29]
  • মহাৰাষ্ট্ৰ ভূষণ বঁটা, ২০০৪, মহাৰাষ্ট্ৰ চৰকাৰ[30]
  • ভাৰতবাস বঁটা, ২০০৮
  • ২০১৮ চনৰ ২৬ ডিচেম্বৰত চাৰ্চ ইঞ্জিন গুগলে তেওঁৰ ১০৪ সংখ্যক জন্মদিনত গুগল ডুডলৰ সহায়ত তেওঁক স্মৰণ কৰে।[31]

সন্মানীয় উপাধি

সম্পাদনা কৰক
  • ডি.লিট, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চাইন্সেছ, মুম্বাই, ভাৰত
  • ডি.লিট, ১৯৮০: নাগপুৰ বিশ্ববিদ্যালয়, নাগপুৰ, ভাৰত
  • কৃষি ৰত্ন, ১৯৮১: মাননীয় ড. ডক্টৰেট ডিগ্ৰী, পি কে ভি কৃষি বিশ্ববিদ্যালয়, আকোলা, মহাৰাষ্ট্ৰ, ভাৰত
  • ডি.লিট., ১৯৮৫–৮৬: পুনে বিশ্ববিদ্যালয়, পুনে, ভাৰত
  • ডেচিকোট্টামা, ১৯৮৮: মাননীয় ড. ডক্টৰেট ডিগ্ৰী, বিশ্ব ভাৰতী বিশ্ববিদ্যালয়, শান্তিনিকেতন, পশ্চিম বংগ, ভাৰত
  • ভাৰতীয় স্বাধীনতা আন্দোলনৰ লগত জড়িত হোৱাৰ বাবে মহাত্মা গান্ধীয়ে আমতেক অভয়াসাধক ("এজন নিৰ্ভীক আকাংক্ষী") উপাধি প্ৰদান কৰিছিল।
  • "মই এজন মহান নেতা হ'ব নিবিচাৰোঁ; মই এনেকুৱা এজন মানুহ হ'ব বিচাৰোঁ যিয়ে অলপ তেলৰ টেমা লৈ ঘূৰি ফুৰে আৰু যেতিয়া ভাঙি যোৱা দেখিলে, তেওঁৰ সহায় আগবঢ়ায়। মোৰ বাবে সেই কাম কৰা মানুহজন যিকোনো পৱিত্ৰ মানুহতকৈ ডাঙৰ।" কেশৰ ৰঙৰ পোছাক পিন্ধি, তেলৰ কেন থকা মেকানিকজন: সেইটোৱেই মোৰ জীৱনৰ আদৰ্শ।"[6] (আত্মবৰ্ণনা ব্ৰিটিছ সাংবাদিক গ্ৰেহাম টাৰ্নাৰক দিয়া হৈছে)
  • "মই কুষ্ঠ ৰোগৰ কাম কাকো সহায় কৰিবলৈ নহয়, বৰঞ্চ মোৰ জীৱনত সেই ভয়ক জয় কৰিবলৈহে লৈছিলোঁ। ই আনৰ বাবে ভাল কাম কৰাটো এটা উপ-উৎপাদন আছিল। কিন্তু সত্যটো হ'ল মই ভয়ক জয় কৰিবলৈ এই কাম কৰিছিলোঁ।" [32]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. "Amte, the great social reformer". India Times. 9 February 2008. https://timesofindia.indiatimes.com/india/Amte-the-great-social-reformer/articleshow/2768984.cms। আহৰণ কৰা হৈছে: 19 November 2018. 
  2. Baba Amte. anandwan.in
  3. 3.00 3.01 3.02 3.03 3.04 3.05 3.06 3.07 3.08 3.09 3.10 3.11 3.12 3.13 3.14 3.15 3.16 3.17 3.18 3.19 3.20 "On his birth anniversary, remembering social reformer Baba Amte" (en ভাষাত). The Indian Express. 26 December 2019. https://indianexpress.com/article/cities/mumbai/on-his-birth-anniversary-remembering-social-reformer-baba-amte-6185408/. 
  4. 4.00 4.01 4.02 4.03 4.04 4.05 4.06 4.07 4.08 4.09 4.10 4.11 4.12 4.13 4.14 4.15 4.16 Pandey, Kirti (1 December 2020). "Family tree of Baba Amte: Sons Prakash and Vikas Amte; who was Sheetal Amte and her role at Anandwan" (en ভাষাত). www.timesnownews.com. https://www.timesnownews.com/india/article/family-tree-of-baba-amte-sons-prakash-and-vikas-amte-who-was-sheetal-amte-and-her-role-at-anandwan/689042. 
  5. "Death Anniversary: What Made Baba Amte Dedicate Himself to Rid Society of Leprosy Scourge". News18. 9 February 2022. https://www.news18.com/news/lifestyle/death-anniversary-what-made-baba-amte-dedicate-himself-to-rid-society-of-leprosy-scourge-4752485.html. "Baba Amte’s full name was Murlidhar Devidas Amte. He was born in a Deshastha Brahmin family in Hinganghat village of Wardha, Maharashtra on 26 December 1914. His father was Devidas Harbaji Amte. His childhood went in royalty as his father was the landlord." 
  6. 6.0 6.1 "BIOGRAPHY of Murlidhar Devidas Amte". rmaf.org.ph. http://www.rmaf.org.ph/Awardees/Biography/BiographyAmteMur.htm। আহৰণ কৰা হৈছে: 17 November 2006. 
  7. 7.0 7.1 "Maharashtra Bhushan Baba Amte". http://chanda.nic.in/htmldocs/anandwan.html. 
  8. 8.0 8.1 8.2 "The Miracle Worker". Rediff. http://www.rediff.com/freedom/amte3.htm। আহৰণ কৰা হৈছে: 9 February 2008. 
  9. Wisdom song: My Mother's Madness, baba.niya.org, archived from the original on 27 July 2011, https://web.archive.org/web/20110727124249/http://baba.niya.org/index.php?page=mother_maddness, আহৰণ কৰা হৈছে: 7 February 2009 
  10. "Baba Amte". Archived from the original on 11 October 2011. https://web.archive.org/web/20111011053137/http://mss.niya.org/people/baba1_amte.php। আহৰণ কৰা হৈছে: 20 October 2011. 
  11. MacFarquhar, Larissa (2015). Strangers Drowning. Penguin Press. পৃষ্ঠা. 123. ISBN 978-1-59420-433-3. https://archive.org/details/strangersdrownin0000macf. 
  12. "Amte was The last follower of Mahatma Gandhi". Rediff. 9 February 2008. http://www.rediff.com/news/2008/feb/09amte2.htm?zcc=rl। আহৰণ কৰা হৈছে: 10 February 2008. 
  13. "Welcome to Anandwan". anandwan.in. https://anandwan.in/। আহৰণ কৰা হৈছে: 2024-02-20. 
  14. "Ministry of Home Affairs - Padma Awards listing by year". Ministry of Home Affairs, Govt. of India. https://dashboard-padmaawards.gov.in/?Year=1971-1971&Award=Padma%20Shri। আহৰণ কৰা হৈছে: April 7, 2023. 
  15. "Social workers Drs. Prakash and Manda Amte inspire listeners at Asha NYC/NJ". Ashanet. http://www.ashanet.org/nycnj/?id=79. 
  16. "Dr Prakash Amte and Dr Mandatai Amte have won the Spirit of Mastek Award for their selfless service for the Gonds of Gadchiroli in Maharashtra". Mastek. http://www.mastek.com/content/mastekpapers/23June2006.asp. 
  17. "The 2008 Ramon Magsaysay Award for Community Leadership. Citation for Prakash Amte and Mandakini Amte". Ramon Magsaysay Award Foundation. 31 August 2008. http://www.rmaf.org.ph/Awardees/Citation/CitationAmtes.html. 
  18. "Amte Family". niya.org. Archived from the original on 13 February 2008. https://web.archive.org/web/20080213133627/http://mss.niya.org/people/amte.php। আহৰণ কৰা হৈছে: 9 February 2008. 
  19. "Baba Amte: The Gandhi after that Gandhi". Rediff. 9 February 2008. http://www.rediff.com/news/2008/feb/09amte4.htm। আহৰণ কৰা হৈছে: 17 February 2008. 
  20. "Baba Amte Obituary". The Economist. 28 February 2008. http://www.economist.com/obituary/displaystory.cfm?story_id=10757984. 
  21. "Right Livelihood Award: 1991 – Medha Patkar &Baba Amte / Narmada Bachao Andolan". rightlivelihood.org. http://www.rightlivelihood.org/narmada.html. 
  22. President, PM condole Baba Amte's death Archived 19 November 2018 at the Wayback Machine. Hindustan Times. Updated 9 February 2008.
  23. 23.0 23.1 23.2 Pandya, Haresh (17 February 2008). "Baba Amte, 93, Dies; Advocate for Lepers". The New York Times. https://nyti.ms/2z1fhHT. 
  24. Padma Awards Directory (1954–2007). Ministry of Home Affairs
  25. "Google honours Baba Amte: The man who defined the real purpose of life" (en ভাষাত). India Today. 26 December 2018. https://www.indiatoday.in/education-today/gk-current-affairs/story/google-honours-baba-amte-the-man-who-defined-the-real-purpose-of-life-1417373-2018-12-26। আহৰণ কৰা হৈছে: 2020-08-20. 
  26. 26.0 26.1 Deol, Taran (26 December 2019). "Baba Amte — who broke social norms to knit an inclusive India". ThePrint. https://theprint.in/theprint-profile/baba-amte-who-broke-social-norms-to-knit-an-inclusive-india/340948/. 
  27. "Jamnalal Bajaj Awards Archive". Jamnalal Bajaj Foundation. http://www.jamnalalbajajfoundation.org/awards/archives/2010। আহৰণ কৰা হৈছে: 7 April 2012. 
  28. "Murlidhar Devidas Amte, News Photo, K.R. Narayanan (L), President ...". timescontent.com. 6 December 2000. https://timescontent.com/syndication-photos/reprint/news/460838/murlidhar-devidas-amte-dr.-ambedkar.html। আহৰণ কৰা হৈছে: 30 September 2018. 
  29. "A crusader for the poor". The Hindu. 7 December 2000. https://www.thehindu.com/thehindu/2000/12/07/stories/0207000g.htm. [সংযোগবিহীন উৎস]
  30. "Award for Baba Amte, Mashelkar". The Hindu (Chennai, India). 1 May 2005. http://www.hindu.com/2005/05/01/stories/2005050102571000.htm. 
  31. "Google Doodle honours Baba Amte on 104th birthday". 26 December 2018. https://timesofindia.indiatimes.com/india/google-doodle-honours-baba-amte-on-104th-birthday/articleshow/67250381.cms. 
  32. "'We don't want sympathy, but respect. Allow us to live a dignified life,' says leprosy survivor on World Leprosy Day" (en-GB ভাষাত). My Medical Mantra. 30 January 2017. http://www.mymedicalmantra.com/we-dont-want-sympathy-but-respect-allow-us-to-live-a-dignified-life-says-leprosy-survivor-world-leprosy-day/.