বামুণী সাপ (ইংৰাজী: buff striped keelback, বৈজ্ঞানিক নাম- Amphiesma stolatum) এছিয়া মহাদেশত দেখা পোৱা এবিধ বিষ নথকা (nonvenomous) সাপৰ প্ৰজাতি। এই সাপবিধে ভেকুলীজাতীয় প্ৰাণী খাই জীয়াই থাকে।

বামুণী সাপ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
উপপৰ্ব: Vertebrata
শ্ৰেণী: Reptilia
বৰ্গ: Squamata
উপবৰ্গ: Serpentes
পৰিয়াল: Colubridae
উপপৰিয়াল: Natricinae
গণ: Amphiesma
প্ৰজাতি: A. stolatum
বৈজ্ঞানিক নাম
Amphiesma stolatum
(Linnaeus, 1758)
সমাৰ্থক
  • Coluber stolatus Linnaeus, 1758
  • Elaps bilineatus Schneider, 1801
  • Natrix stolatus Merrem, 1820
  • Tropidonotus stolatus F. Boie, 1827
  • Rhabdophis stolatus Wall, 1921
  • Amphiesma stolatum – David et al.[1]

বিৱৰণ সম্পাদনা কৰক

 
Keeled scales

বামুণী সাপ সাধাৰণতে ৪০-৫০ ছে:মি: দীঘল হয়। এইবিধৰ সাপৰ মাইকীজনী মতা সাপটোতকৈ বেছি দীঘল হয়। ইয়াৰ দেহৰ বৰণ সাধাৰণতে সেউজীয়া-মটীয়া বা মুগা হয়। বামুণী সাপৰ মূৰ আৰু দেহৰ বৰণ প্ৰায় একে।

ইয়াৰ দেহত দীঘলে দীঘলে এডাল হালধীয়া আঁচ থাকে। মূৰৰ কাষত এই আঁচডাল কিছূ অস্পষ্ট হৈ পৰে। ইয়াৰ জীভা খাঁজকটা আৰু ক'লা হয়। এই সাপবিধৰ দেহত পথালিকৈও কিছুমান ক'লাবৰণীয়া আঁচ থকা দেখা যায়। ইয়াৰ দেহৰ তলৰ অংশ পাতল ক্ৰীমবৰণীয়া আৰু দুয়োকাষে কিছুমান সৰু ক'লা ফোঁট থাকে।

 
Amphiesma stolatum, erythrostictus form, Ezhimala, Kerala, India. Note the beautiful vermillion interstices and the yellow underbelly

বিতৰণ সম্পাদনা কৰক

এই সাপবিধ দক্ষিণ, দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ আছে। ইয়াক প্ৰধানকৈ পাকিস্তান, স্ৰীলংকা, ফিলিপাইনছ, ভাৰত, নেপাল, ম্যানমাৰ, থাইলেণ্ড, লাওছ, কম্বোডিয়া, ভিয়েটনাম, ইণ্ডোনেছিয়া আদি দেশত দেখা পোৱা যায়। ভাৰতত এই সাপবিধ সাগৰৰ পৰা ২০০০ ফুট উচ্চতালৈকে দেখিবলৈ পোৱা যায়।

বাসস্থান সম্পাদনা কৰক

বামুণী সাপে সাধাৰণতে নৈৰ পাৰ,জলাহ ভূমি, খেতি-পথাৰ, মুকলি ঘাঁহ অঞ্চল আদিত বাস কৰে। বিশেষকৈ বাৰিষা কালত ইয়াক সততে দেখা পোৱা যায়।[উদ্ধৃতিৰ প্ৰয়োজন]

আচৰণ সম্পাদনা কৰক

এই সাপবিধ দিনৰ ভাগত আটাইতকৈ সক্ৰিয়।

খাদ্য সম্পাদনা কৰক

বামুণী সাপৰ প্ৰধান খাদ্য সৰু আকাৰৰ উভচৰ প্ৰাণী যেনে ভেকুলী আদি। অৱস্যে ইহঁতে মাছ, সৰু জেঠী আৰু নিগনি আদিও খোৱা দেখা যায়।

প্ৰজনন সম্পাদনা কৰক

 
Rescued egg clutch

বামুণী সাপে এপ্ৰিলৰ পৰা আগষ্ট পৰ্যন্ত কণী পাৰে। এবাৰত ই ৫-১০ টাকৈ বগা বৰণৰ কণী পাৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

আলোকচিত্ৰৰ ভঁৰাল সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  • Boulenger, George A.1890. The Fauna of British India, Including Ceylon and Burma. Reptilia and Batrachia. Secretary of State for India in Council. (Taylor and Francis, Printers). London. xviii + 541 pp. (Tropidonotus stolatus, pp. 348-349.)
  • Boulenger, G.A.1893. Catalogue of the Snakes in the British Museum (Natural History). Volume I., Containing the Families...Colubridæ Aglyphæ, Part. Trustees of the British Museum (Natural History). (Taylor and Francis, Printers). London. xiii + 448 pp. + Plates I.-XXVIII. (Tropidonotus stolatus, pp. 253-254.)
  • Cox, Merel J.; Van Dijk, Peter Paul; Jarujin Nabhitabhata & Thirakhupt,Kumthorn. 1998. A Photographic Guide to Snakes and Other Reptiles of Peninsular Malaysia, Singapore and Thailand. Ralph Curtis Publishing. Sanibel Island, Florida. 144 pp.
  • Daniels, J.C. 2002. Book of Indian Reptiles and Amphibians. BNHS. Oxford University Press. Mumbai.
  • Das, I. 1999. Biogeography of the amphibians and reptiles of the Andaman and Nicobar Islands, India. In: Ota,H. (ed) Tropical Island herpetofauna. Elsevier, pp. 43-77.
  • Das, I. 2002. A Photographic Guide to Snakes and Other Reptiles of India. Ralph Curtis Books. Sanibel Island, Florida. 144 pp. ISBN 0-88359-056-5. (Amphiesma stolatum, p. 19.)
  • Linnaeus, C. 1758. Systema Naturae. 10th Edition: 204 pp.
  • Wall, Frank. 1921. Ophidia Taprobanica or the Snakes of Ceylon. Colombo Museum. (H.R. Cottle, government printer). Colombo. xxii + 581 pp.
  • Whitaker, Romulus. 2006. Common Indian Snakes - A Field Guide. Revised edition. MacMillan India Ltd. New Delhi.

বাহ্যিক সংযোগ সম্পাদনা কৰক