বামুণী হাঁহ
বামুণী হাঁহ (ইংৰাজী: Tufted Duck, বৈজ্ঞানিক নাম: Aythya fuligula) এটা মজলীয়া আকাৰৰ হাঁহৰ প্ৰজাতি।
বামুণী হাঁহ (Tufted Duck) | |
---|---|
![]() | |
মতা আৰু মাইকী বামুণী হাঁহ | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Anseriformes |
পৰিয়াল: | Anatidae |
উপপৰিয়াল: | Aythyinae |
গণ: | Aythya |
প্ৰজাতি: | A. fuligula |
বৈজ্ঞানিক নাম | |
Aythya fuligula (Linnaeus, 1758) |
বিৱৰণসম্পাদনা কৰক
পূৰ্ণবয়স্ক মতা বামুণী হাঁহৰ দেহটো ক'লা, কেৱল কাষৰ ডেউকা অংশ বগা আৰু ঠোঁট নীলা-মুগা বৰণৰ হয়। ইয়াৰ মূৰত এটা স্পষ্ট লগুণ (head tuft)ৰ দৰে অংশ থাকে আৰু এইবাবেই ইয়াক অসমীয়াত বামুণী হাঁহ আৰু ইংৰাজীত 'Tufted duck' বুলি কোৱা হয়। পূৰ্ণবয়স্ক মাইকী বামুণী হাঁহৰ দেহৰ বৰণ মটীয়া, কাষৰ অংশ শেঁতা। সেয়ে মাইকী হাঁহক অন্য প্ৰজাতিৰ হাঁহৰ পৰা পৃথক কৈ চিনাক্ত কৰিবলৈ কঠিন।
বিতৰণসম্পাদনা কৰক
বামুণী হাঁহে নাতিশীতোষ্ণ অঞ্চল আৰু উত্তৰ ইউৰেছিয়া ত প্ৰজনন কৰে। তাৰোপৰি ইয়াক কেতিয়াবা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডা লৈ পৰিভ্ৰমণ কৰা দেখা যায়। জলাশয় আৰু ইয়াৰ প্ৰধান খাদ্য 'freshwater mussel'ৰ অধিক উপলব্ধতাৰ বাবে ইয়াৰ গোলকীয় বিতৰণ পূৰ্বতকৈ বিস্তৃত হৈছে বুলি জনা যায়। ই সাধাৰণতে বৃহৎ গোটত জাক পাতি বাস কৰে।
বাসস্থানসম্পাদনা কৰক
বামুণী হাঁহে প্ৰধানকৈ মুকলি জলাশয় যেনে বিল, হ্ৰদ, নৈ আদিত বাস কৰে। বাহ সাজিবলৈ ইহঁতক জলজ উদ্ভিদ আৰু জোপোহাৰ প্ৰয়োজন হয়। সাগৰৰ কাষৰ লুণীয়া জলাশয়সমূহতো ইয়াক দেখিবলৈ পোৱা যায়।
খাদ্যসম্পাদনা কৰক
বামুণী হাঁহে প্ৰধানকৈ পানীত বুৰ মাৰি খাদ্যৰ সন্ধান কৰে। ইহঁতে mollusc, জলজ পোক-পতংগ, উদ্ভিদ আদি আহাৰ ইচাপে গ্ৰহণ কৰে। কেতিয়াবা ই নিশাৰ ভাগতো খাদ্যৰ সন্ধান কৰে।
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ BirdLife International (2012). "Aythya fuligula". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/100600480। আহৰণ কৰা হৈছে: 16 July 2012.
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত বামুণী হাঁহ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
ৱিকিপ্ৰজাতিত Aythya fuligula সম্পৰ্কে অধিক তথ্য আছে |
- Tufted Ducks video From Gallery of Living Nature.