বালি যাত্ৰা (ইংৰাজী: Bali Jatra) হৈছে এছিয়াৰ এক সৰ্ববৃহৎ মুক্ত বাণিজ্য মেলা। এই উৎসৱ উৰিষ্যাৰ (পূৱ ভাৰতৰ এখন ৰাজ্য), কটক চহৰৰ মহানদী নদীৰ গদাগাদিয়া ঘাটত অনুষ্ঠিত হয়। উৰিষ্যাৰ প্ৰাচীন সদাগৰসকল বালিৰ দূৰৱৰ্তী ভূমিৰ লগতে জাভা, সুমাত্ৰা, বৰ্ণেও (সকলো ইণ্ডোনেছিয়াৰ), আৰু শ্ৰীলংকা (পূৰ্বতে চিয়লন) আদিলৈ বাণিজ্য আৰু সাংস্কৃতিক সম্প্ৰসাৰণৰ বাবে কৰা যাত্ৰাৰ স্মৃতিস্বৰূপে এই উৎসৱটো পালন কৰা হয়। এই মহোৎসৱ উড়িয়া বৰ্ষপঞ্জীমতে প্ৰতি বছৰে কাৰ্তিক পূৰ্ণিমা (কাতি মাহৰ পূৰ্ণচন্দ্ৰ দিন) তিথিৰ পৰা পালন কৰা হয়।[1]

বালি যাত্ৰা
স্থিতি সক্ৰিয়
স্থান মহানদীৰ তীৰ
অৱস্থান কটক, উৰিষ্যা
দেশ ভাৰত
কটক বালি যাত্ৰাৰ কেন্দ্ৰীয় তোৰণ
কটক বালি যাত্ৰাৰ কেন্দ্ৰীয় তোৰণ (২০১০)

অক্টোবৰ আৰু নৱেম্বৰ মাহৰ শেষৰ ফালে অহা কাৰ্তিক পুৰ্ণিমাত, উৰিষ্যাৰ লোকসকল মহানদী, ব্ৰাহ্মাণী নদী, অন্য নদীৰ পাৰ, পুখুৰীৰ পাৰ, পানীৰ টেংক আৰু সাগৰৰ তীৰত সমবেত হয় আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ ভ্ৰমণৰ এক প্ৰতীক হিচাপে ৰঙীন কাগজ, শুকান কল গছৰ ছাল, আৰু কৰ্কেৰে নিৰ্মিত সৰু পুতলা নাও পানীত ভঁহাই পঠিয়াই। সাধাৰণতে ৰাতিপুৱা আৰম্ভ কৰা এই পুতলা নাওবোৰত পাৰম্পৰিক পান আৰু সৰু তেলৰ চাকি জ্বলাই ৰাখে, ফলত মহোৎসৱৰ সময়ত ই এক আকৰ্ষণীয় দৃশ্যপটৰ সৃষ্টি কৰে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Patnaik, N.R. (1997). Economic History of Orissa. Indus Publishing Company. পৃষ্ঠা. 117. ISBN 978-81-7387-075-0. https://books.google.com/books?id=1AA9W9_4Z9gC। আহৰণ কৰা হৈছে: 2019-05-30.