বিষয়বস্তুৰ সূচীখন সোঁফালে ভাল লগা নাছিল। লগতে "অনুবাদ" সাঁচটোৰ প্ৰয়োজন নাছিল বাবে আঁতৰাই দিলোঁ। Gitartha.bordoloi 07:05, 13 অক্টোবৰ 2011 (UTC)

  • সাৰদা(ইং) পৃষ্ঠাটোত "ৰ" আখৰটো ভুল থকা যেন বা সাৰদাৰ আৰু এটা "ৰ" আছে যেন লাগে। বিশেষজ্ঞই কথা কওক।
  • লগতে তিনিকোণীয়া আৰু পেটকটা "ৰ" সম্পৰ্কে
    • ৰঞ্জনা
    • কাশ্মিৰী
    • গুৰমুখী

লিপিৰো আলোচনা হোৱা উচিত। পাঞ্জাব, নেপাল, তিব্বত আৰু কাশ্মীৰৰ লগত অসমৰ পুৰণি সম্পৰ্ক আছিল।

প্রভাকৰ শৰ্মা নেওগ 13:57, 13 অক্টোবৰ 2011 (UTC)

এইখিনি আলোচনা "অসমীয়া লিপিৰ বুৰঞ্জী" প্ৰবন্ধটোতহে অন্তৰ্ভুক্ত কৰিলে ভাল হ'ব।
এই প্ৰবন্ধটো ইংৰাজী প্ৰবন্ধটোৰ আৰ্হিত লিখা হৈছে। কিন্তু "পূব নাগৰী"ৰ কথা বাদ দিয়া হৈছে আৰু "ব্ৰাহ্মী লিপি"ৰ উদ্ভৱসমূহত "কামৰূপী" লিপিক অসমীয়া আৰু বাংলাৰ মাতৃ লিপি হিচাপে দেখুওৱা হৈছে। যথাসম্ভৱ তথ্যসূত্ৰ উল্লেখ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু কিছুমান দিবলৈ বাকী আছে। Gitartha.bordoloi 20:54, 13 অক্টোবৰ 2011 (UTC)
এইবোৰ সদ্যহতে জনা মানুহে চাবৰ কাৰণে ইয়াত ৰাখিছোঁ, যাৰ যেতিয়া লাগে লৈ যাব কপি কৰি।
সেইকেইটা বস্তু আমি সলনি কৰিব নোৱাৰোঁ, বিশেষজ্ঞলৈ ৰাখাঁ। মই সেইকাৰণে আমি অনুবাদ কৰিছোঁ বুলি banner খন লগাই ৰখাটো ইচ্ছা কৰিছোঁ।
পূব নাগৰী লিখি বাতৰি কাকতত নামটো চোৱাৰ মন নাই। ৰাজেন বৰুৱাৰ প্ৰবন্ধ এটা আচাম ট্ৰিবিউনত প্ৰকাশ হৈছে। তাতে এইবোৰ স্পষ্ট কৰা আছে। অনুমতি লৈয়েই মই ভৰাই দিম।Gitartha.bordoloi 21:30, 13 অক্টোবৰ 2011 (UTC)
সাবধান কিন্তু। প্রভাকৰ শৰ্মা নেওগ 21:52, 13 অক্টোবৰ 2011 (UTC)
Dormant Discussion ; [1] JBDVIJASDVI (talk) 04:48, 25 অক্টোবৰ 2014 (UTC)

হসন্ত ত, অনুচৰ, বিষৰ্গ, চন্দ্রবিন্দু ক'ত? প্রভাকৰ শৰ্মা নেওগ 21:12, 13 অক্টোবৰ 2011 (UTC)

দিলোঁ। Gitartha.bordoloi 21:30, 13 অক্টোবৰ 2011 (UTC)
:-) প্রভাকৰ শৰ্মা নেওগ


অসমীয়া আৰু বাংলা লিপিৰ প্ৰধান পাৰ্থক্য সম্পাদনা কৰক

এই কথাখিনি প্রকৃত ৱিকিপিডিয়া সুলভ মনোভাব ফুটি উঠা নাই। সেয়া আলোচনাৰ বাবে ইয়াত দিয়া হ'ল।

প্রভাকৰ শৰ্মা নেওগ 15:49, 18 অক্টোবৰ 2011 (UTC)

অসমীয়া অদ্বিতীয় বৰ্ণসমূহ
আখৰ IPA বাংলা
ɹ - (নাই)
w - (নাই)
ক্ষ
kʰj - (নাই)

ব্যঞ্জনবৰ্ণৰ উচ্চাৰণৰ তালিকা সম্পাদনা কৰক

International Phonetic Alphabet (IPA) অনুসৰি অসমীয়া আখৰ লিখিবলৈ হ'লে অসমীয়াত যিমান আখৰ আছে সকলোৰে বাবে বেলেগ বেলেগ IPA সংকেত নাই৷ যেনে - শ/ষ/স-ৰ বাবে এটাই চিহ্ন ব্যৱহাৰ কৰিব পাৰি৷ সেইটো হৈছে x, একেদৰে চ/ছ-ৰ কাৰণে দুটা সংকেত নাই৷ তাৰ বাবে s ব্যৱহাৰ কৰা হয়৷ অৰ্থাত অসমীয়াৰ আখৰ আৰু ধ্বনিৰ মাজত পাৰ্থক্য আছে৷ গতিকে ইয়াত যিহেতো লিপিৰ কথা বা আখৰৰ কথা আলোচনা কৰা হৈছে, সেয়েহে ব্যঞ্জনবৰ্ণৰ উচ্চাৰণৰ তালিকাখনত থকা বহুটো IPA সংকেত ভুলকৈ দিয়া হৈছে৷ এই ক্ষেত্ৰত IPA সংকেতসমূহ নিদি কেৱল ৰোমান সংকেতসমূহ দিয়াটোহে উচিত হ'ব যেন লাগিছে৷ এই বিষয়ে http://en.wikipedia.org/wiki/Assamese_language থকা Consonants চাৰ্টখন চাব পাৰে৷

Anjal Borah 11:02, 19 অক্টোবৰ 2011 (UTC)

IPA খিনি ইংৰাজী ৱিকিপিডিয়াৰ "Assamese alphabet"ৰ পৰাহে লৈছিলোঁ ! ট্ৰান্সলিটাৰেচনখিনি মই ইচ্ছা কৰিয়েই বাদ দিছিলোঁ। আপুনি ভৰাই দিব পাৰে। Gitartha.bordoloi 12:18, 19 অক্টোবৰ 2011 (UTC)
ঠিক আছে বাৰু৷ মই দুই এখন কিতাপ চাই প্ৰথমে আলোচনা পৃষ্ঠাতে লিখিম৷ মোৰ বোধেৰে অসমীয়া IPA ৰ ক্ষেত্ৰত ইংৰাজীখনত কিছু ভুল আছে৷ কাৰণ অসমীয়াত সকলো আখৰৰ বিপৰীতে বেলেগ IPA দিলেও তাক সেইমতে উচ্চাৰণ কৰাৰ কোনো বেলেগ উচ্চাৰণ নিয়ম নাই৷ স্বৰবৰ্ণৰ ক্ষেত্ৰটো একেই কথা৷ Anjal Borah 12:41, 19 অক্টোবৰ 2011 (UTC)
ভাল কথা, Anjal Borah, IPA কেইটাৰ বিষয়ে মোৰো খোকোজা লাগি আছিল। টাবু টাইড ছাৰে DOEACC centre -অত Call centre training project -অৰ training -অত phonetics শিকাইছিলে। মই চাগৈ তেওঁৰ ফোন নং গোটাব পাৰিম। লাগিলে ক'ব।

প্রভাকৰ শৰ্মা নেওগ 17:49, 19 অক্টোবৰ 2011 (UTC)

স্বৰবৰ্ণৰ আখৰ সম্পাদনা কৰক

উৰ্ধ কমাক অসমীয়া ভাষাত স্বৰবৰ্ণৰ আখৰ বুলি ক'ব পাৰিনে? অসমীয়া ভাষাত দুটা বিশিষ্ট ধ্বনি আছে সেই দুটা হ'ল অ' আৰু এ' ইয়াক IPA অনুসৰি e আৰু o ৰে বুজোৱা হয়৷ মন কৰিব এই দুটা ধ্বনিহে আখৰ নহয়৷ গতিকে আমি ইয়াৰ সমাৰ্থক হিচাপে উৰ্ধ কমাক আখৰ বুলি ৰাখিব নোৱাৰো৷ অসমীয়া ভাষাত এই ধ্বনি দুটা বুজাব পৰা আখৰ নাই৷ মাত্ৰ অ আৰু এ-ৰ পিছত উৰ্ধ কমা চিহ্নটো ব্যৱহাৰ কৰি শব্দৰ অৰ্থৰ পাৰ্থক্য নিৰ্ণয় কৰোঁ৷ যেনে- বেল/বে'ল, বল/ব'ল ইত্যাদি৷ গতিকে IPA অনুসৰি /ke/ লিখিলে /ক'/ হে হ'ব৷

Anjal Borah 11:21, 19 অক্টোবৰ 2011 (UTC)

মই প্ৰথম লিখোঁতে সেইখিনি বন্ধনীৰ ভিতৰতহে ৰাখিছিলোঁ। কাৰোবাৰ হাত লাগিল নেকি ! এতিয়া আপুনি কি কৰে কৰক। পাৰিলে কিবা কিতাপৰ ৰেফাৰেন্সো দিব পাৰে।

Gitartha.bordoloi 12:18, 19 অক্টোবৰ 2011 (UTC)


গীতাৰ্থ, কোনখিনি আঁতৰালে? মই নহয় তো? চেক কৰি মোক ক'বা। মই কিন্তু "অদ্বিতীয় তালিকাখ"ন ইয়াত কপি কৰি থৈছোঁ। সেইটো নহয় তো?

প্রভাকৰ শৰ্মা নেওগ 17:58, 19 অক্টোবৰ 2011 (UTC)

অঞ্জল, উৰ্ধকমা খুব সম্ভব en:Glotal Stop

প্রভাকৰ শৰ্মা নেওগ 17:58, 19 অক্টোবৰ 2011 (UTC)

অসমীয়া লিপি আৰু অসমীয়া ভাষা প্ৰবন্ধ দুটা একত্ৰিত কৰাৰ কোনো প্ৰয়োজন নাই। সুকীয়া প্ৰবন্ধ হ'বলৈ দুয়োটাতে যথেষ্ট সমল আছে। থুলমূল আলোচনা থকাৰ লগতে দুয়োটাতে আনটো প্ৰবন্ধলৈ লিংক দিয়া আছে। Gitartha.bordoloi 16:34, 4 জানুৱাৰী 2012 (UTC)

ঠিক আছে তেন্তে, merge সাঁচটো আতৰাই দিলো| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 17:50, 6 জানুৱাৰী 2012 (UTC)
বাৰ্তা:অসমীয়া বৰ্ণমালাৰ আলোচনামৰ্মে অসমীয়া বৰ্ণমালাৰ সৈতে একত্ৰিত কৰা হ’ল, লগতে ইংৰাজী ৱিকিপিডিয়াৰ সৈতে সংগতি মিলাই অসমীয়া লিপি পৃষ্টাটো “দ্বাৰ্থতা দূৰীকৰণ পৃষ্ঠা”লৈ পৰিবৰ্তন কৰা হ’ল। দিব্য দত্ত (বাৰ্তা) 07:43, 14 মে' 2019 (ইউ.টি.চি.)
"অসমীয়া লিপি" পৃষ্ঠালৈ উভতি যাওক।